নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজাপালিক জীয়াই ৰখাৰ চেষ্টা গোৱৰাদলৰ শিল্পীৰ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ ৰাজ্যখন দখল কৰি আমাৰ থলুৱা সংস্কৃতিবিলাক মানুহৰ মাজৰ পৰা পাহৰাই পেলেইছে৷ পশ্চিমীয়া সংস্কৃতিৰ ধামখুমীয়াত বহু অসমীয়া যুৱক বিপথে পৰিচালিত হোৱাৰ সময়ছোৱাতে নলবাৰী জিলাৰ গোৱৰাদল গাঁৱৰ ছয়গৰাকী উদীয়মান যুৱকে ওজাপালি দল গঠন কৰি অসমৰ পুৰণিকলীয়া লোক–সংস্কৃতিক জীয়াই ৰাখিবলৈ আপ্রাণ চেষ্টা চলাই এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে৷ গোৱৰাদল গাঁওখনৰ লংকা চুবুৰিৰ যুৱক ক্রমে সুৰেশ ৰাজবংশী, সুভাষ বর্মন, পৱন হালৈ, দামোদৰ হালৈ, পৰেশ বর্মন আৰু ভৱানন্দ ৰাজবংশীয়ে আজিৰে পৰা প্রায় ২০ বছৰ পূর্বে ‘সুকনান্নী ওজাপালি দল, গোৱৰাদল’ নামৰ এটি ওজাপালি দল গঠন কৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ দুর্গাপূজা, মা মনসা পূজা, জগদ্ধাত্রী পূজা, ৰাস উৎসৱ, কালীপূজা, বিশ্বকর্মা পূজা, সভা, পূজা–পার্বণ আৰু মাংগলিক অনুষ্ঠান আদিত ওজাপালি পৰিৱেশন কৰি দর্শক–শ্রোতাৰ পৰা ভূয়সী প্রশংসা আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে৷ একেটা চুবুৰিতে বাস কৰা যুৱককেইজনে লগ হৈ প্রথমতে ধেমালিতে বাটে বাটে ওজাপালিৰ পদসমূহ আওৰাইছিল৷ পিছলৈ যুৱককেইজনে গাঁওখনৰ ওজাপালি শিল্পী প্রয়াত নাৰায়ণ ৰাজবংশীৰ তত্ত্বাৱধানত আৰু পিছলৈ নিমুৱাৰ ধর্মেশ্বৰ নাথ আৰু ৰাজেন কলিতাৰ ওচৰত ওজাপালিৰ সকলো শিক্ষাগ্রহণ কৰি সুৰেশ ৰাজবংশীয়ে ওজা, সুভাষ বর্মনে ডাইনাপালি আৰু বাকীকেইজনে পালিৰ দায়িত্ব লৈ ওজাপালি দলটো আৰম্ভ কৰে৷বানপানীপ্রধান গাঁওখনৰ অতি দুখীয়া পৰিয়ালত জন্মগ্রহণ কৰা যুৱককেইজনে বিদ্যা শিক্ষাৰ সমান্তৰালভাৱে চলাই গ’ল ওজাপালি শিল্প৷ লগতে ওজাপালি পৰিৱেশন কৰি পোৱা মাননিৰে কোনোমতে চলাই নিলে নিজৰ–নিজৰ বিদ্যা শিক্ষা আৰু পৰিয়াল৷ ইয়াৰে দুজনে উচ্চ শিক্ষাৰে শিক্ষিত হ’ল যদিও বাকী তিনিজনে আর্থিক অনাটনৰ বাবে আধাতে শিক্ষা জীৱন সামৰিবলগা হয়৷ আনফালে ওজাপালি পৰিৱেশন কৰি পোৱা মাননিৰেও পৰিয়াল চলাই নিবলৈ অসুবিধা হোৱাত সুৰেশ ৰাজবংশী আৰু সুভাষবর্মনে নিজ ঘৰতে আৰম্ভ কৰিলে দুখন সৰু দোকান, পৱন হালৈয়ে আৰম্ভ কৰিলে ইলিক্ট্রিচিয়ানৰ কাম, পৰেশ বর্মনে আৰম্ভ কৰিলে এখন সৰু চাহ দোকান আৰু ভৱানন্দ ৰাজবংশীয়ে মনোনিৱেশ কৰিলে খেতি–বাতিত৷ আটাইকেইগৰাকী যুৱকে কর্মক্ষেত্রত ব্যস্ত হৈ পৰিল যদিও এৰি নিদিলে অসমৰ আপুৰুগীয়া ওজাপালি শিল্প৷ কর্মব্যস্ততাৰ মাজেৰেও তেওঁলোকে চলাই নিলে ওজাপালি দলটোক৷ ক্রমাৎ অৱলুপ্তিৰ গৰাহত পৰা এই ওজাপালি কৃষ্টিৰ লগত জডিত শিল্পীসকলৰ আর্থিক অৱস্থা একেবাৰে ভাল নহয়৷ তথাপি শিল্পীসকলে নিয়মীয়াকৈ কৰি গৈছে ওজাপালিৰ চর্চা৷ চৰাকাৰেও ওজাপালি শিল্পীসকলক আজিলৈকে কোনো সাহায্য আগবঢ়োৱা নাই৷ ফলত ওজাপালি শিল্পীসকলৰ অৱস্থা দিনক দিনে তথৈবচ হৈ পৰিছে৷ প্রাণভৰি ওজাপালি কৃষ্টিক ভাল পোৱা, নিজেই নাহঁাহি দর্শকক হঁহুওৱা আৰু মাটিৰ ঢ়িপত ডিঙি ফলা চিঞৰৰ লগতে শুৱলা মাতেৰে ওজাপালিৰ পদ গাই দর্শকক আপ্লুত কৰা যুৱ শিল্পীসকলৰ ইচ্ছা অসমীয়া জাতিটোৰ স্বার্থত তথা এই অনুষ্ঠানটো জীয়াই ৰাখিবলৈ চৰকাৰ, অসমীয়া ৰাইজ, বিভিন্ন দল–সংগঠন আদিয়ে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব৷ আমাৰ সংস্কৃতিৰ সৌন্দর্যসমূহ বিশ্বৰ সন্মুখত দাঙি ধৰিব লাগিব আৰু তেতিয়াহে আমি বিশ্বৰ সন্মুখত অসমীয়া জাতি হিচাপে মূৰ তুলি থিয় হ’ব পাৰিম বুলি কয়৷ লগতে তেওঁলোকে ওজাপালি শিল্পৰ প্রচাৰ আৰু প্রসাৰৰ বাবে অসমীয়া শিল্পপ্রেমী ৰাইজে উচিত পদক্ষেপ নল’লে এটা সময়ত অসমৰ আন কিছু অনুষ্ঠানৰ দৰে ওজাপালিও অসমীয়া সমাজৰ পৰা হেৰাই যাব বুলিও উল্লেখ কৰে৷আনফালে ওজাপালি শিল্পৰ প্রচাৰ আৰু প্রসাৰত ব্যস্ত থকা তথা চৰকাৰী সা–সুবিধাৰ পৰা বঞ্চিত হৈ থকা এইসকল ওজাপালি শিল্পীক সহায় আগবঢ়াই উৎসাহ–উদ্দীপনা যোগোৱাৰ বাবে গোৱৰাদল গাঁওবাসীয়ে চৰকাৰক দাবী জনাইছে৷

You might also like