নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত লাভ জেহাদৰ জাল : আৰক্ষীৰ জালত আগ্রাৰ ‘ভুৱা’ যুৱক

বার্তা ব্যুৰ’, ২৩ জুনঃ ৰাজ্যত ভয়ংকৰ লাভ জেহাদৰ জাল পেলাহছে বহিঃৰাজ্যৰ চক্রই৷ ফেচবুক বা ৰং নম্বৰত চিনাকি হৈ নিজৰ ভুৱা পৰিচয়েৰে বিভিন্ন প্রলোভনেৰে প্রেমৰ জালত পেলায় যুৱতী বা বোৱাৰীক৷ তাৰ পিছত এহ যুৱতী বা বোৱাৰীক লৈ গৈ বিভিন্ন অসাধু চক্রক বিক্রী কৰে৷ ভুৱা পৰিচয়েৰে যোৰহাটৰ এগৰাকী যুৱতীক নিবলৈ আহি যোৰহাট আৰক্ষীৰ জালত পৰে আগ্রাৰ এজন যুৱক৷ এহ যুৱকজনক গ্রেপ্তাৰৰ ক্ষেত্রত যোৰহাটৰ এজন সাংবাদিকে আগভাগ লয়৷ ৰাজা খান নামৰ আগ্রাৰ এহ যুৱকজনে নিজকে ৰাজ মিশ্র আৰু দিল্লীৰ বুলি পৰিচয় দি ফোনতে যোৰহাটৰ ৰামকৃষ নগৰৰ যুৱতী এগৰাকীৰ সৈতে ঘনিষ্ঠতা গঢ়ি তোলে৷ যুৱতীগৰাকীক এহ যুৱকজনৰ সৈতে পৰিচয় কৰাহ দিছিল আন এগৰাকী যুৱতীয়ে৷ যোৰহাটত বিগত কেইবাদিনো ধৰি বাহৰ পাতি থকা যুৱকজনে দুদিন পূর্বে ডক্ত পৰিয়ালটোৰ ঘৰলৈ গৈ যুৱতীগৰাকীক লৈ আহিব বুলি ভাবুকি দিয়ে৷ আনকি যুৱতীগৰাকীৰ আপত্তিজনক ফটো ভাহৰেল কৰিব বুলি ভাবুকি দিয়ে৷ আজি যুৱকজনে যোৰহাটৰ এজন সাংবাদিকক লগ কৰি সমগ্র ঘটনা কেমেৰাৰ আগত প্রকাশ কৰে৷ তেতিয়া সমগ্র বিষয়টোৰ গভীৰতা বুজিব পাৰি সাংবাদিকজনে যোৰহাটৰ আৰক্ষী অধীক্ষকক অৱগত কৰি যুৱকজনক আটক কৰায়৷ হফালে হোটেলত বাহৰ পাতি থকা বুলি কোৱা যুৱকজন আছিল নগৰৰ মাজমজিয়াৰ এটা মছজিদৰ অতিথিশালাত৷ যোৱা তিনি–চাৰি দিন ধৰি বাহৰ পাতি আছিল৷ কাম বিচাৰি অহা বুলি যুৱকজনে কোঠা ভাৰাত লৈছিল৷ যুৱতীগৰাকীক নিব নোৱাৰিলে তেওঁলোকৰ ঘৰৰ সন্মুখত আত্মহত্যা কৰাৰ ভাবুকি দিয়ে যুৱকজনে৷

প্ৰেৰক প্ৰদীপ বৰা

You might also like