সম্পাদকীয় : বৰষুণৰ পানী সংৰক্ষণ
শেহতীয়াকৈ জলসংকটে অসমৰ অধিকাংশ মানুহৰ প্রাত্যহিক জীৱন ভয়ংকৰ কৰি তুলিছিল৷ দীর্ঘদিনৰ খৰাংসদৃশ বতৰে পানীৰ সমস্যা গভীৰ কৰি তুলিছিল৷ বিশেষকৈ গুৱাহাটী চহৰত পানীৰ বাবে একপ্রকাৰ হাহাকাৰ সৃষ্টি হৈছিল৷ শ শ টকা ভৰি ক্রয় কৰিব লগা হৈছিল পানী৷ পেটে–ভাতে খাই থকা মানুহে অত্যাৱশ্যকীয় সামগ্রীৰ অত্যধিক মূল্য ভৰাৰ পিছত পিয়াহৰ পানীটুপিও ক্রয় কৰিব লগা হোৱাত তেওঁলোকৰ মানসিক স্থিতি কেনে পর্যায়লৈ যাব পাৰে সেয়া সহজেই অনুমেয়৷ শেহতীয়াকৈ হোৱা বৰষুণে এতিয়া সমস্যাটো কিছু গাপ দি ৰাখিছে৷ মহানগৰত দ্রুতগতিৰে নির্মাণ কৰা হৈছে বৃহৎবৃহৎ ফ্লেট, ঘন জনবসতিপূর্ণ গুৱাহাটীৰ অধিকাংশ অঞ্চলত এনে ফ্লেটত প্রয়োজন হোৱা পানীৰ বাবে ভূগর্ভস্থ পানী কমি যোৱাৰ কথা ইতিমধ্যে প্রমাণ হৈছে৷ গতিকে পানীৰ সমস্যাই অনাগত দিনত ভয়াৱহ ৰূপ ধাৰণ কৰাটো নিশ্চিত৷ এতিয়া যিহেতু বাৰিষা কাল আৰু বৰষুণো নিয়মীয়াকৈ হৈ আছে, গতিকে এনে সময়ত বৰষুণৰ পানী সংৰক্ষণ কৰি আগন্তুক খৰালিৰ পানীৰ সমস্যাৰে মোকাবিলা কৰিবলৈ সাজু হ’ব পাৰোঁ৷ বৰষুণৰ পানী সংৰক্ষণ কৰি পানীৰ সমস্যা বহুলাংশে সমাধান কৰিব পাৰি৷ তদুপৰি বিশেষজ্ঞসকলেও মতপোষণ কৰিছে যে গুৱাহাটীৰ পানীৰ সমস্যা সমাধানৰ ক্ষেত্রত বৰষুণৰ পানী সংৰক্ষণৰ বিকল্প নাই৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণেও ২০১৫ চনতে বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছিল৷ কিন্তু এই ধাৰণাটো এতিয়াও কাগজে–পত্রই বন্দী হৈ থকা যেনহে হ’ল৷ পানীৰ সমস্যাত ভোগা জনসাধাৰণেও বৰষুণৰ পানী সংৰক্ষণৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা দেখা নগ’ল৷
বর্তমান সময়ত সকলোৱে চোতাল পকী কৰাৰ ফলত পানী মাটিয়ে শুহি লোৱাৰ সুবিধাকণো নোহোৱা হ’ল৷ বৰষুণৰ বতৰত সেয়ে হাজাৰ হাজাৰ লিটাৰ অব্যৱহূত পানী নষ্ট হয়৷ তদুপৰি জলবায়ু পৰিৱর্তনে বৃষ্টিপাতৰ তাৰতম্য ঘটাইছে৷ কোন সময়ত খৰাঙে কাৰ প্রাণ লয় তাৰ কোনো নিশ্চয়তা নাই৷ অসম কৃষিপ্রধান ৰাজ্য৷ কিছুদিনৰ পূর্বে খৰাঙৰ বাবে কৃষিকার্য আগবঢ়াব নোৱাৰাত কৃষকৰ মাজত হাহাকাৰ লাগিছিল৷ সোণতকৈও যে পানী মূল্যৱান সেই কথা পানীৰ অভাৱত থকা মানুহে ভালদৰে উপলব্ধি কৰিব পাৰে৷ গতিকে খেতিপথাৰৰ মাজত বৰষুণৰ পানী সংৰক্ষণৰ বিষয়ে মানুহ সচেতন হ’বই লাগিব৷ মানুহৰ হাতত দুর্যোগৰে সহাৱস্থান কৰাৰ উপায় বিচাৰি উলিওৱাৰ বাহিৰে আন বিকল্প নাই৷ ভাৰতৰ অন্যান্য কিছুমান ৰাজ্যত বৰষুণৰ পানী সংৰক্ষণ কৰি প্রাত্যহিক জীৱনৰ প্রয়োজনীয়তা পূৰণ কৰাৰ উপৰি খেতিপথাৰত পানী যোগানৰ ব্যৱস্থাও বৰষুণৰ পানী সংৰক্ষণ কৰিয়েই কৰিছে৷ কর্ণাটক ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ অসমত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বান প্রাকৃতিকভাৱে নিষ্কাশনৰ উপায়সমূহ মানুহৰ অদূৰদর্শিতাৰ বাবে নোহোৱা হ’ল৷ জলাশয়বোৰ পুতি অট্টালিকা নির্মাণ কৰা হ’ল৷ এনেক্ষেত্রত ছিংক ৱেল নির্মাণৰ দ্বাৰা বৰষুণৰ পানী ব্যৱহাৰ কৰি চহৰসমূহৰ মাটিৰ তলৰ জলধাৰাসমূহ পুনৰ ভৰাব পাৰি, যিবোৰ খৰালি তীব্র পানীৰ নাটনিৰ সন্মুখীন হয়৷ গুৱাহাটীৰ দৰে চহৰৰ অট্টালিকাৰ ছাদত পানীৰ টেংকী স্থাপন কৰি বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু এইবোৰে খৰালি কালত বাসিন্দাসকলক প্রচুৰ পৰিমাণে পানী যোগান ধৰিব৷ এসময়ত পুণেত যথেষ্ট পানীৰ সমস্যা হৈছিল৷ বৰষুণৰ পানী সংগ্রহ প্রযুক্তি ব্যাপক ব্যৱহাৰ কৰাৰ পিছত পুণেৰ দৰে চহৰত এবছৰৰ ভিতৰত বাসিন্দাসকলৰ যথেষ্ট আর্থিক সঞ্চয় হৈছে, কাৰণ তেওঁলোকৰ পানী কিনিব লগা অৱস্থাৰ অৱসান ঘটিছিল৷ গুৱাহাটীত একোখন ঘৰৰ চোতাল আৰু চোতাল নথকা ঘৰৰ ছাদৰ ওপৰত পানীৰ টেংকী নির্মাণ কৰি তথা প্রযুক্তিৰ সুপ্রয়োগেৰে নিজৰ নিজৰ সামর্থ্য অনুযায়ী বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰাটো সময়ৰে আহ্বান বুলি মানি লৈ তড়িৎ গতিৰে সকলোৱে ঘৰে ঘৰে পানী সংৰক্ষণৰ ব্যৱস্থা কৰিলে হয়তো ভয়াৱহ পৰিস্থিতিৰ পৰা নিস্তাৰ পাব৷