নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঔষধত বিহ

ভাৰতত প্রস্তুত কৰা জীৱনদায়িনী ঔষধে ব্যৱহাৰকাৰীৰ স্বাস্থ্যত নেতিবাচক ধৰণে প্রভাৱ পেলোৱা তথ্যই দেশখনৰ ঔষধ উৎপাদনকাৰী সংস্থাসমূহৰ প্রতি মানুহৰ আস্থা নোহোৱা কৰিছে৷ ভাৰতৰ পৰা সৰবৰাহ হোৱা এনে ঔষধে বিশ্বৰ ভিন্ন ঠাইৰ ৰোগীক আনকি মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ কিছুদিনৰ পূর্বে ভাৰতত প্রস্তুত কৰা এনাস্থেচিয়াযুক্ত ঔষধ ব্যৱহাৰ কৰাৰ পিছতে শ্রীলংকাৰ দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰি ভাৰতত প্রস্তুত কৰা ‘আই ড্রপ’ চকুত প্রয়োগ কৰাৰ পিছত শ্রীলংকাৰে ৩০গৰাকী ৰোগীৰ চকুত সংক্রমণ আৰু ১০গৰাকীয়ে অন্ধত্বক আঁকোৱালি ল’ব লগা হয়৷ ভাৰতত প্রস্তুত কৰা ঔষধৰ ইতিহাসত ইয়াৰ পূর্বে ভাৰতৰ এনাস্থেচিয়া ঔষধত কোনো ৰোগীৰ মৃত্যুৰ তথ্য নাই৷ কিন্তু কিছু মাহৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রত ভাৰতত প্রস্তুত কৰা চকুৰ ঔষধে সংক্রমণ, অন্ধত্ব, আনকি ৰোগীৰ মৃত্যুপর্যন্ত ঘটোৱা বুলি তথ্য প্রকাশ হৈছিল৷ আটলাণ্টাস্থিত চেণ্টাৰ ফৰ ডিজিছ কণ্ড্র’ল এণ্ড প্রিভেন্সনৰ গৱেষণাত চকুৰ এই ঔষধবোৰত অতি উচ্চ হাৰত ঔষধ প্রতিৰোধী বেক্টেৰিয়াৰ উপস্থিতি দেখা গৈছিল৷ ২০২২ চনত গাম্বিয়াৰ ৭০টি শিশুৰ বৃক্ক আঘাতত মৃত্যু হৈছিল৷ তেওঁলোকে ভাৰতত প্রস্তুত কৰা কফ ছিৰাপ সেৱন কৰাৰ পিছতে বৃক্কৰ ৰোগত ভুগিছিল৷ মেইডেন ফার্মাচিটিকেল লিমিটেড নামৰ হাৰিয়ানাৰ ঔষধ প্রতিষ্ঠানটোত প্রস্তুত কৰা দৰবে পশ্চিম আফ্রিকাৰ দেশখনৰ শিশুকেইটাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল৷ বিশ্ব স্বাস্থ্য সেৱাৰ অনুসন্ধানত দেখা গৈছিল যে সেই কফ ছিৰাপসমূহত ডায়েথিলিন গ্লাইকল আৰু ইথাইলিন গ্লাইকল ব্যৱহাৰ কৰা হৈছিল, যিবোৰ অতি মাৰাত্মক ৰাসায়নিক পদার্থ৷ কোনো ঔষধত এইবিধ ৰাসায়নিক পদার্থ ব্যৱহাৰ হোৱা উচিত নহয়৷ ইয়াৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ঔষধ নিয়ন্ত্রক কর্তৃপক্ষলৈ জনায় যে গাম্বিয়াক সংস্থাটোৱে পৰামর্শ আৰু কাৰিকৰী সহযোগিতা আগবঢ়ায়৷ কিন্তু শিশুৰ মৃত্যুৰ ঘটনাটোক সকলোৱে সহজে ল’ব পৰা নাই৷
গাম্বিয়াৰ শিশুৰ মৃত্যুৰ পিছতে উজবেকিস্তানত যোৱা ডিচেম্বৰ মাহত ১৮টি শিশুৰ ভাৰতত প্রস্তুত কৰা কফ ছিৰাপ সেৱনৰ পিছতে মৃত্যু হৈছিল৷ তেতিয়াৰে পৰা ভাৰতত প্রস্তুত কৰা ঔষধৰ বিষয়ে নেতিবাচক ধাৰণা বিশ্বব্যাপী আৰম্ভ হয়৷ পুনৰ ২০২৩ৰ এপ্রিল মাহত ভাৰতত প্রস্তুত কৰা কফ ছিৰাপ বাতৰিৰ শিৰোনাম হয়৷ সেই সময়ত মার্শ্বেল আইলেণ্ড আৰু মাইক্র’নেছিয়াত বিষাক্ত ঔষধ পোৱাৰ ইংগিত দিয়ে আৰু সেই বিষাক্ত পদার্থৰ অৱস্থিতি ধৰা পেলাইছিল অষ্ট্রেলিয়াৰ ঔষধ নিয়ন্ত্রণকাৰীয়ে৷ চেন্নাই, মুম্বাই, বিহাৰ, গুৰগাঁও আৰু জম্মু–কাশ্মীৰত ১৯৭২ৰ পৰা ২০২০ চনৰ ভিতৰত ডায়েথিলিন গ্লাইকলৰ বিষক্রিয়াত প্রায় পাঁচটা ঘটনা ঘটিছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই লাভ কৰা প্রাৰম্ভিক ফলাফলত ২৩টা নমুনা পৰীক্ষা কৰোঁতে চাৰিটাতে ডায়েথিলিন গ্লাইকল পোৱা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ অসন্তুষ্টিৰ পিছৰে পৰা ভাৰতৰ ঔষধ নিয়ন্ত্রণ কর্তৃপক্ষ সন্দেহৰ আৱর্তত আছে৷ কাৰণ নিয়ম ভংগ কৰাৰ পাছতো গাম্বিয়ালৈ ঔষধ প্রেৰণ কৰা নির্মাণ সংস্থাটোক তেওঁলোকে ক্লীনশ্বীট প্রদান কৰিছে৷ পৰম্পৰাগত অনুসন্ধানৰ বাহিৰে ভাৰতৰ ঔষধ নিয়ন্ত্রকে এই কথা বিশ্বৰ দেশসমূহক পতিয়ন নিয়াবলৈ সক্ষম হোৱা নাই যে ভাৰতত ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে প্রস্তুত কৰা ঔষধসমূহ সুৰক্ষিত৷ ভাৰতত শেহতীয়াকৈ বৃক্ক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে আৰু বহু সময়ত এই কথাও প্রমাণ হৈছে যে আন ৰোগ নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা ঔষধেই বৃক্ক নষ্ট কৰে৷ ইতিমধ্যে খাদ্যশস্যত প্রয়োজনাধিক ৰাসায়নিক দ্রব্য ব্যৱহাৰে সমগ্র বিশ্বতে কর্কটৰ দৰে ভয়াৱহ ৰোগত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি কৰিছে৷ তেনেস্থলত জীৱনদায়িনী ঔষধতো যদি বিষাক্ত ৰাসায়নিক পদার্থৰ পয়োভৰ ঘটে, তেনেহ’লে ৰোগীয়ে ঔষধ সেৱন কৰিবলৈও ভয় কৰিব৷ ভাৰতৰ ঔষধ নিয়ন্ত্রকে যদি ঔষধ নির্মাতা প্রতিষ্ঠানসমূহক লেকাম লগাব নোৱাৰে আৰু ঔষধৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰে তেতিয়াহ’লে ঔষধৰ বিশ্ব বজাৰত ভাৰতৰ স্থান অৱনমিত হোৱাটো নিশ্চিত৷

You might also like