খহনীয়াত বিপর্যস্ত মানুহবোৰ
অত্যধিক বৰষুণৰ ফলত হোৱা প্রলয়ংকৰী বানপানীয়ে অসমৰ বহু লাখ লোকক প্রভাৱিত কৰিছে৷ ৰাজ্যখনৰ বহু ঠাইত ভূমিস্খলন আৰু নদীৰ খহনীয়াৰ লগতে তীব্র বানপানী হৈছে৷ প্রতিবছৰৰ দৰে বানপানীৰ ফলত কেৱল প্রাণহানি, পশুধন, ঘৰ, ঘৰুৱা সম্পদৰ আন্তঃগাঁথনি, কৃষি আৰু জীৱিকাই নহয়, লগতে ৰাজ্যখনৰ বহুতো জিলাৰ প্রাকৃতিক সম্পদ আৰু সাংস্কৃতিক সম্পদৰ প্রতিও ভাবুকি আহিছে৷ বিভিন্ন প্রকাৰৰ প্রাকৃতিক দুর্যোগৰ অন্যতম খহনীয়াই জনসাধাৰণৰ জীৱনত সুদূৰপ্রসাৰী প্রভাৱ পেলায়৷ ই সমগ্র বিশ্বৰে সমস্যা৷ বানপানীৰ ভৌতিক প্রভাৱ যেনে– ঘৰ–সম্পত্তি আৰু আন্তঃগাঁথনিৰ ক্ষতিৰ বিপৰীতে নদীৰ খহনীয়া অপৰিৱর্তনীয়৷ ইয়াৰ ফলত স্থায়ীভাৱে হেৰুওৱা হয়, যাৰ ফলত কেৱল ঘৰুৱা স্থানহে হেৰুওৱা নহয়, লগতে সম্প্রদায়বোৰৰ সামাজিক, প্রাকৃতিক আৰু সাংস্কৃতিক সম্পদো হেৰুৱায়৷ বাৰিষা প্রতিদিনে পাঁচৰ পৰা চৈধ্যখন জিলাত খহনীয়া হোৱাৰ খবৰ পোৱা যায়৷ ৰাজ্যখনৰ ধুবুৰী, নলবাৰী, মাজুলী, শোণিতপুৰ, তিনিচুকীয়া, ডিব্রুগড, মৰিগাঁও আদিত নদীৰ খহনীয়াই মানুহৰ জীৱন–জীৱিকাক ভয়াৱহভাৱে প্রভাৱিত কৰিছে৷ নদীৰ খহনীয়াই পৃথিৱীৰ সর্ববৃহৎ বসতিপূর্ণ নদীদ্বীপ মাজুলীৰ অস্তিত্বলৈ সংকট আনিছে৷ মাজুলীৰ মুঠ ভূমিৰ এলেকা পূর্বতে ১,০০০ বর্গকিলোমিটাৰতকৈও অধিক আছিল, কিন্তু বর্তমানৰ তথ্যই প্রকাশ কৰিছে যে দ্বীপটো প্রায় ৫০০ বর্গকিলোমিটাৰলৈ হ্রাস পাইছে৷ বর্তমানৰ হাৰত খহনীয়া অব্যাহত থাকিলে মাজুলী দ্বীপ ২০৪০ চনৰ ভিতৰত নোহোৱা হ’বগৈ বুলিও বিশেষজ্ঞই শংকা প্রকাশ কৰিছে৷ খহনীয়াত মাটি–ভেটি হেৰুওৱা মানুহৰ আন ঠাইলৈ প্রব্রজনৰ বাহিৰে আন কোনো উপায় নোহোৱা হয়৷
অসমত খহনীয়াৰ সমস্যা ক্রমান্বয়ে বেয়াৰ ফাললৈ গতি কৰিছে৷ প্রতিবছৰে উচ্চ হাৰত পানী নিষ্কাশন, উচ্চ পলস উৎপাদন আৰু উচ্চ ঋতুগত পৰিৱর্তনশীলতা ব্রহ্মপুত্র নদীৰ বিশেষত্ব৷ নদীখনৰ এই বৈশিষ্ট্যবোৰে বছৰে বছৰে নদীখনৰ অৱস্থান ব্যাপকভাৱে সলনি কৰে৷ ব্রহ্মপুত্রৰ আনুমানিক বার্ষিক পলস উৎপাদন হৈছে প্রতি বর্গমিটাৰত ১০২৮ টন৷ এই পৰিমাণ পৃথিৱীৰ সর্ববৃহৎ নদীবোৰৰ ভিতৰত সর্বাধিক৷ ই নদীৰ খহনীয়াত অৰিহণা যোগায়৷ সেয়েহে খহনীয়াৰ বিষয়টো গুৰুত্বসহকাৰে লোৱাটো গুৰুত্বপূর্ণ৷ ২০০১ চনত ভাৰত চৰকাৰে গঠন কৰা দুর্যোগ ব্যৱস্থাপনা সম্পর্কীয় উচ্চস্তৰীয় সমিতিখনে দেশখনক প্রভাৱিত কৰা মুখ্য দুর্যোগসমূহৰ এখন তালিকা প্রস্তুত কৰিছিল৷ ইয়াত উপকূলীয় খহনীয়াক বিপদ হিচাপে অন্তর্ভুক্ত কৰা হৈছিল, কিন্তু নদীৰ পাৰৰ খহনীয়াক সম্পূর্ণৰূপে উপেক্ষা কৰা হৈছিল৷ অৱশ্যে স্বস্তিৰ কথাটো হ’ল যে পঞ্চদশ বিত্তীয় আয়োগে এই বিসংগতি সংশোধন কৰি নদী আৰু উপকূলীয় খহনীয়াৰ আশংকা বিশেষভাৱে সমাধান কৰিবলৈ ১,৫০০ কোটি টকা ধার্য কৰিছিল৷ এইটো এটা সামান্য পৰিমাণ, কিন্তু এটা পার্থক্য আনিবলৈ কৌশলগতভাৱে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ খহনীয়াৰ দ্বাৰা বাৰে বাৰে প্রভাৱিত হোৱা লোকসকলৰ পুনঃসংস্থাপনৰ বাবে পদক্ষেপ লোৱাটো জৰুৰী৷ আর্থ–সামাজিক আৰু পাৰিপার্শ্বিক প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে খহনীয়া হোৱা অঞ্চলৰ লোকসকলক সকলোধৰণে সাজু কৰি তোলাৰ আন বিকল্প নাই৷ এনে অঞ্চলৰ লোকসকলক তেওঁলোকে অতদিনে জীৱন নির্বাহ কৰা উপার্জনৰ পথৰ বাহিৰে আনধৰণে উপার্জন কৰিবলৈ বিভিন্ন প্রশিক্ষণ নিদিলে বিভিন্ন সমস্যা উদ্ভৱ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ বহনক্ষম বিকল্পই তেওঁলোকৰ জীৱন সন্তুলিত কৰি ৰাখিব৷ খহনীয়াৰ দ্বাৰা প্রভাৱিত লোকসকল দৰিদ্রতাৰ বাবে বিভিন্ন প্রলোভনৰ চিকাৰ হোৱা দেখা যায়৷ এনেবোৰ অঞ্চলত মানৱ সৰবৰাহকাৰীয়ে প্রৱেশ কৰি চাকৰিৰ প্রলোভনেৰে কিশোৰ–কিশোৰী তথা যুৱতীক লৈ যায় আৰু পৰৱর্তী সময়ত তেওঁলোকক দেহ ব্যৱসায়ৰ দৰে ঘটনাত জড়িত কৰোৱাৰ বহু উদাহৰণ আছে৷ খহনীয়াৰ দ্বাৰা প্রভাৱিত লোকসকল সুৰক্ষিত, বহনক্ষম আৰু স্থিতিস্থাপক হোৱাৰ মূল চাবিকাঠী হৈছে অভিযোজন৷ খহনীয়া হোৱা অঞ্চলৰ আৱাসীসকলৰ প্রতি চৰকাৰৰ বিশেষ গুৰুত্ব নিতান্তই আৱশ্যক৷ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ আন্তৰিক ইচ্ছা, স্বার্থহীন কর্মপ্রণালী অবিহনে খহনীয়াৰ দ্বাৰা প্রভাৱিত অঞ্চলৰ আৱাসীৰ ভৱিষ্যৎ অন্ধকাৰ৷