নিয়মীয়া বাৰ্তা, ২ আগষ্ট : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা হেকৰাস্থিত পশুধন গৱেষণা কেন্দ্ৰ আৱেষ্টনী সম্প্ৰতি বেদখলকাৰীৰ কব্জাত সোমাই পৰাত আৰু সংশ্লিষ্ট কতৃপক্ষই এই সন্দৰ্ভত ৰহস্যজনকভাবে নীৰৱ হৈ থকাত সচেতন ৰাইজৰ চকু কপালত উঠিছে। জানিব পৰা মতে ১৯৯১ চনত অসম কৃষি বিশ্ববিদ্যালয়ে বৃহত্তৰ নগৰবেৰা আৰু পাৰ্শ্চৱৰ্তী কৃষিপ্ৰধান অঞ্চলটোৰ কৃষি অৰ্থনীতি আৰু আৰ্থসামাজিক উন্নয়নৰ সংকল্পেৰে প্ৰতিষ্ঠা কৰা হৈছিল পশুধন গবেষণা কেন্দ্ৰ (Livestock Research Station)। ৰাজহ চক্ৰৰ প্ৰায় ৬০০০ বিঘা ভুমি আৱণ্টন লৈ স্থাপন হোৱা গৱেষণা কেন্দ্ৰত সম্প্ৰতি অতিবেছি ৩০০০ বিঘা মাটিহে কেন্দ্ৰৰ পৰিসৰৰ ভিতৰত ,বাকী মাটিখিনি কিছু অংশ অইন-অইন ক্ষেত্ৰত আৱণ্টন কৰা হয় যদিও সিংহভাগ মাটিয়েই একাংশ অবৈধ বেদখলকাৰীৰ কবলত। সম্প্ৰতি পশুধন গৱেষণা কেন্দ্ৰৰ বেদখল হোৱা মাটিত গোজেই গজালি হোৱা একাংশই আকৌ দিন দুপৰতে বিভিন্ন গছ-গছনি পৰ্যন্ত অবাধ হাৰত কাটিবলৈ লোৱাত পশুধন গবেষণা কেন্দ্ৰ সংকটাপন্ন হৈ পৰিছে। কেন্দ্ৰ প্ৰবেশ দ্বাৰত সুউচ্চ লোৰ জপনা, নিৰাপত্তাৰক্ষী পিছে পাছফালে ধোবাংবাং অৱস্থা ,ভালেসংখ্যক কৃষিবিজ্ঞানী ,পশু চিকিৎসক ,পৰ্যাপ্ত সা-সুবিধা থকাৰ পাছতো গৱেষণা কেন্দ্ৰ আজি সংকটৰ গৰাহত। কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মূখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ ভট্টাচাৰ্যই এই প্ৰতিবেদকক জানিবলৈ দিয়া অনুসৰি পশুধন গৱেষণা কেন্দ্ৰৰ বিভাগীয় উদাসীনতাৰ বাবেই কেন্দ্ৰত কৰণীয় যথেষ্টখিনি আছে যদিও আজিকোপতি সম্ভৱপৰ হৈ উঠা নাই। আনহাতে অঞ্চলবাসীৰ দৃষ্টিত পশুধন গৱেষণা কেন্দ্ৰত উৎপাদনমুখী স্থৱিৰতাৰ বাবেই বিভাগীয়ভাবে আন্তঃগাঁথনিৰ উন্নয়ন কিম্বা বাকী কামকাজত গা এৰা দিছে পশুধন গৱেষণা কেন্দ্ৰলৈ। বিভিন্ন প্ৰজাতিৰ ম’হ, জাৰ্চি গৰু, ছাগলী, ভেড়া, হাঁহ-কুকুৰা আদি ভালেসংখ্যক পশু-পক্ষীৰে পৰিপূৰ্ণ হৈ থকা গৱেষণা কেন্দ্ৰত গাখীৰ, মাংস, কণী আদি বিক্ৰী কৰাৰ উপৰি উচৱ-পাৰ্ব্বণ, বিহুৰ বতৰত দৈ, ক্ৰীম, পণিৰ আদি বিক্ৰী কৰিও মাহিলি যথেষ্ট ধন সংগ্ৰহ হৈছিল যদিও কালক্ৰমত উৎপাদন দ্বিগুণ হোৱাৰ পৰিবৰ্তে টুটিবলৈ লোৱা বুলিও সচেতন মহলত চৰ্চা চলিছে। আনহাতে একালৰ তপোবন সদৃশ গবেষণা কেন্দ্ৰত অহৰ্নিশে বেদখলকাৰী একাংশই বিভিন্ন প্ৰজাতিৰ গছ-বিৰিখ কাটিবলৈ লোৱা আৰু গৱেষণা কেন্দ্ৰ কৰ্তৃপক্ষই সকলো তথ্য জনাৰ পাছতো কোনো ধৰণৰ কঠোৰ আইনী পন্থা নোলোৱাত দুস্কৃতিকাৰীয়ে এই ক্ষেত্ৰত উৎসাহিত হোৱাহে পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তেনে এক কাণ্ড পোহৰলৈ আহিছে প্ৰতিবেশী হাবিলা গাঁৱত, গাঁওখনৰ প্ৰায় চাৰি/পাঁচটা পৰিয়ালে ঘৰৰ কামত লগাবলৈ বুলি অকতৃত্বশীল ভাবে প্ৰকাণ্ড কঠাল আৰু বেলেগ(নাম জানিব পৰা নগ’ল) গছ কটাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য বিয়পে। এইক্ষেত্ৰত মূখ্য বিজ্ঞানীয়ে মন্দিৰা আৰক্ষীক খৱৰ দিয়ে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কটা গছবোৰ ব্যৱহাৰ নকৰিবলৈ পৰিয়াল কেইটাক সকীয়াইহে দিয়ে, পিছে অভিযুক্ত সকলে ৰাজহুৱাকৈ নিজমুখে সকলো স্বীকাৰ কৰাৰ পাছতো অভিযুক্ত সকলৰ নাম সাঙুৰি আৰক্ষীত এজাহাৰ দাখিল নকৰাতোহে সকলোৰে বাবে আশ্চৰ্যকৰ। আনহাতে পশুধন গৱেষণা কেন্দ্ৰৰ মাটিত প্ৰতিবছৰে অবৈধ খননেৰে বাংলা ইটাৰ ভাটিৰ কাম কৰা আৰু মন্দিৰা এন চি চুবুৰীত পশুধন গৱেষণা কেন্দ্ৰৰ মাটিতেই একাংশ অবৈধ বেদখলকাৰীয়ে শ-শ বিঘা মাটিত ধানৰ উপৰি বাৰ মাহত তেৰবিধ খেতি কৰিবলৈ লোৱাত কেন্দ্ৰলৈ অশণি সংকেত নামিছে। একমাত্ৰ কেন্দ্ৰ কতৃপক্ষৰ উদাসীনতাৰ বাবেই ক্ৰমান্বয়ে কেকোঁৰা চেপাঁ পৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰলৈ। এইক্ষেত্ৰত মুখ্য বিজ্ঞানী গৰাকীৰ স্থিতি যঠেষ্ট দুৰ্বল পৰিলক্ষিত হোৱা বুলিও ৰাইজে কোৱাকুই কৰিছে। প্ৰতিষ্ঠা কালত চৰকাৰী প্ৰতিষ্ঠান খনক লৈ ৰাইজে দেখা সপোন ,পৰিকল্পনা সকলো আজি যেন ধূসৰ হৈ পৰিল। এইখিনিতে অপ্ৰাসংগিক হ’লেও উল্লেখ্য যে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ভিন্ন স্থানত অবৈধ বেদখলকাৰীৰ উপনিবেশ গঢ়ি উঠিছে। চৰকাৰে ৰাজ্যৰ ভিন্ন স্থানত সঘনাই উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত বেদখলৰ ক্ষেত্ৰত হয়তো সঠিক তথ্য আজিকোপতি লাভ নকৰাৰ বাবেই বেদখলকাৰীৰ এই আগ্ৰাসন বুলিও বহুতেই ক’ব খোজে। আগলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মন্দিৰা পশুধন কেন্দ্ৰ আৰু জৰীপ ভাত্তিত বাকীবোৰ বেদখলৰ ক্ষেত্ৰত জোৰপুৰি হাত পোৱাৰ পূৰ্বেই উচ্ছেদ জৰু নিয়ন্ত্ৰণৰ কথা চিন্তা নকৰিলে হয়তো আগলৈ অভাৱনীয় পৰিস্থিতিৰ উদ্ৰেক ঘটিব পাৰে বুলিও সচেতন ৰাইজৰ যুক্তি।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস