খাদ্য সুৰক্ষা
বিশ্বজুৰি খাদ্য সুৰক্ষা বিষয়টোৱে উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷ জলবায়ু পৰিৱর্তন আৰু বিভিন্ন প্রাকৃতিক দুর্যোগৰ পৰিপ্রেক্ষিতত বিশ্বৰ প্রান্তে প্রান্তে শস্যৰ উৎপাদন হ্রাস পাইছে৷ চাহিদা অনুপাতে দেশসমূহত নিজৰ নিজৰ আৱশ্যকীয় খাদ্য–শস্য উৎপাদনত নেতিবাচক প্রভাৱ পৰিছে৷ ইখন দেশে আনখন দেশলৈ খাদ্য–শস্য ৰপ্তানিৰ ক্ষেত্রতো নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হৈছে৷ জলবায়ু পৰিৱর্তনৰ বাবে বিশ্বৰ দেশসমূহত খাদ্যমূল্যৰ মুদ্রাস্ফীতি দ্রুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে খাদ্য সুৰক্ষাৰ প্রতি ভাবুকি আহিছে৷ ২০২৩ চনৰ ফেব্রুৱাৰী মাহৰ পৰা এতিয়ালৈকে সংগৃহীত তথ্যৰ পৰা এই কথা নিশ্চিত হৈছে যে বিশ্বৰ দেশসমূহত খাদ্যৰ অসুৰক্ষা বৃদ্ধি হৈছে৷ খাদ্যমূল্যৰ মুদ্রাস্ফীতি বৃদ্ধি হৈছে, যিয়ে বিশ্ব বেংকক উদ্বিগ্ণ কৰি তুলিছে৷ তথ্য অনুসৰি নিম্ন আৰু মধ্য উপার্জনকাৰী দেশসমূহৰ মুদ্রাস্ফীতি অধিক উচ্চ হৈছে৷ এই দেশসমূহৰ ৬৩.২ দেশৰেই মুদ্রাস্ফীতি ৫ শতাংশৰ অধিক৷ আনহাতে, উচ্চ মধ্য উপার্জনকাৰী দেশসমূহৰ ভিতৰত ৬৭ শতাংশ দেশৰ মুদ্রাস্ফীতি দুই সংখ্যাযুক্ত হৈছে৷ তদুপৰি উচ্চ উপার্জনকাৰী দেশসমূহৰ ভিতৰত ৭৮.৯ শতাংশ দেশৰে খাদ্যমূল্য মুদ্রাস্ফীতি অভাৱনীয়ভাৱে বৃদ্ধি হৈছে৷ এই মুদ্রাস্ফীতিৰ ফলত সর্বাধিক ক্ষতি হোৱা দেশসমূহ হৈছে আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, দক্ষিণ এছিয়া, ইউৰোপ আৰু মধ্য এছিয়া৷ তথ্য মতে, বিশ্বৰ ১৬৬ দেশৰ মুঠ মুদ্রাস্ফীতি অর্থাৎ খাদ্যমূল্য মুদ্রাস্ফীতি ৮০.১ শতাংশ অতিক্রম কৰিছে৷ বিশ্ববেংকৰ ২০২৩ চনৰ খাদ্য অসুৰক্ষা আৰু পুষ্টিহীনতাৰ প্রতিবেদনত গোলকীয় ক্ষুধা আৰু খাদ্য অসুৰক্ষাৰ বিষয়টোৱে প্রাধান্য পাইছে৷ গোলকীয় ক্ষুধা আৰু খাদ্য অসুৰক্ষা প্রত্যাহ্বানমূলক হিচাপে থিয় দিছে৷ তথ্য অনুসৰি ২০২২ চনত বিশ্বৰ মুঠ জনসংখ্যাৰ ৯.২ শতাংশ ক্ষুধাতুৰ৷ ২০১৯ চনৰ তুলনাত ই বৃদ্ধি পাইছে৷ ২০১৯ চনত বিশ্বৰ মুঠ জনসংখ্যাৰ ৭.৯ শতাংশ লোক ক্ষুধাতুৰ আছিল৷ ২০২২ চনত খাদ্য অসুৰক্ষাৰ নেতিবাচক প্রভাৱ পৰিছিল ২৯.৬ শতাংশ লোকৰ ওপৰত৷ অর্থাৎ ২৪০ কোটি লোক ক্ষুধাতুৰ৷ গ্রামাঞ্চলৰ মহিলা আৰু লোক এই খাদ্য অসুৰক্ষাৰ কবলত পৰিছে৷ আন এটা তথ্য মতে বিশ্বজুৰি ৩১০ কোটি লোকে সুষম আহাৰ খাবৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷
খাদ্য সুৰক্ষা সংকটৰ বিষয়টোক লৈ বিশ্ববেংকে সংহত পদক্ষেপ গ্রহণ কৰিছে৷ ২০২২ চনৰ এপ্রিল মাহত বিশ্ববেংকে নতুন প্রকল্প অনুসৰি ১২ বিলিয়ন মার্কিন ডলাৰসহ বিশ্বৰ ক্ষুধাতুৰ লোকক সাহায্যৰ বাবে ৩০ বিলিয়ন মার্কিন ডলাৰ ঘোষণা কৰিছিল৷ এই পুঁজি ১৫ মাহৰ বাবে ঘোষণা কৰা হৈছিল৷ হ্রস্ব আৰু দীর্ঘম্যাদী পৰিকল্পনাৰে বিশ্ববেংকে খাদ্য আৰু পুষ্টি সুৰক্ষা, বিপদ হ্রাস কৰা আৰু খাদ্য ব্যৱস্থা শক্তিশালীকৰণৰ চাৰিটা মন্ত্রক গুৰুত্ব দিছে৷ বিশ্ববেংকৰ এই চাৰিটা মন্ত্র হৈছে উৎপাদনকাৰী আৰু গ্রাহকক সমর্থন কৰা৷ খাদ্য আৰু বাণিজ্যৰ সুবিধা উন্নত কৰা, দুর্দশাগ্রস্ত পৰিয়ালক সমর্থন কৰা আৰু বহনক্ষম খাদ্য আৰু পুষ্টি সুৰক্ষাত বিনিয়োগ কৰা৷ বিশ্ববেংকে খাদ্য আৰু পুষ্টি সুৰক্ষাৰ সঁহাৰিৰ কাৰণে ৩০ বিলিয়ন মার্কিন ডলাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে৷ পশ্চিম আফ্রিকা, চেনেগাল, চিয়েৰা লিয়ন আৰু টগো, য়েমেন, তাজিকিস্তান, জর্ডান, বলিভিয়া, ছাদ, ঘানা, ইজিপ্ত, টুনিছিয়া, পূব আৰু দক্ষিণ আফ্রিকা আদি অঞ্চলত বিশ্ববেংকে খাদ্য সুৰক্ষাৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰি সাময়িকভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ গোলকীয় ক্ষুধাতুৰ সংকটৰ প্রতি লক্ষ্য ৰাখি বেংক আৰু জি–৭য়ে মে’ মাহত খাদ্য সুৰক্ষাৰ কাৰণে আন্তর্জাতিক বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকৰ জৰিয়তে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ প্রতি অহা ভাবুকি সন্দর্ভত বিতং আলোচনা কৰা হয়৷ খাদ্য সংকটৰ বাবে নীতি প্রস্তুত কৰাৰ ওপৰতে গুৰুত্ব দিয়া হয়৷ বিশ্ব বেংকে আইএমএফ, ডব্লিউ এফ পি, ডব্লিউ টি অ’ আদিৰ সৈতে সমূহীয়াভাৱে যুটীয়া বিবৃতিৰে ক্ষুধাতুৰ অঞ্চলক উদ্ধাৰ কৰা, ব্যক্তিগত খণ্ডৰ ভূমিকাক বৃদ্ধি কৰা, বজাৰৰ কার্যক্ষমতা বৃদ্ধি কৰা, ক্ষতিকাৰক ৰাজ সাহায্যৰ ক্ষেত্রত সংস্কাৰৰ প্রাসংগিকতা আদিক লৈ নতুন চিন্তাচর্চাৰ অৱকাশ থকা বুলি প্রকাশ কৰে৷ ইয়ে বিশ্বৰ খাদ্য সুৰক্ষাৰ বিষয়টোক সঠিক দিশে আগবঢ়াই নিব বুলি আশা কৰিব পাৰি৷