নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : হেৰাই যোৱা নাৰীসকল

প্রতিবছৰে ভাৰতৰ প্রায় প্রতিখন ৰাজ্যৰ থানাসমূহত নাৰী নিৰুদ্দেশৰ গোচৰ ৰুজু হয়৷ এই গোচৰসমূহ ভিন্ন বয়সৰ নিৰুদ্দিষ্ট মহিলা–যুৱতী–কিশোৰী অথবা শিশু কন্যাৰ৷ শেহতীয়াকৈ প্রকাশিত এক তথ্যই সচেতন লোকৰ বুকু কঁপাই তুলিছে৷ যোৱা সপ্তাহত সংসদত কেন্দ্রীয় গৃহ বিভাগে নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ সূত্রৰ আধাৰত দাখিল কৰা তথ্য অনুসৰি ভাৰতত ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ১৩.১৩ লাখ নাৰী নিৰুদ্দেশ হৈছে৷ এই তথ্য অনুসৰি সেই তিনিটা বছৰত ১০,৬১,৬৪৮গৰাকী ১৮ বছৰৰ ওপৰৰ নাৰী আৰু ২,৫১,৪৩০গৰাকী ১৮ বছৰৰ তলৰ কিশোৰী নিৰুদ্দেশ হৈছে৷ ভাৰতৰ ভিতৰত মধ্যপ্রদেশৰ পৰাই সেই সময়ছোৱাত সর্বাধিক ১,৬০,১৮০গৰাকী মহিলা আৰু ৩৮,২৩৪গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে৷ এই তালিকাত মধ্যপ্রদেশৰ পিছতে আছে পশ্চিমবংগ৷ কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ পৰাই সর্বাধিক নাৰী নোহোৱা হৈছে বা নিৰুদ্দেশ হৈছে৷ নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ভিতৰত ২০১৩ চনত বলৱৎ কৰা যৌন অপৰাধৰ বিৰুদ্ধে অপৰাধমূলক (সংশোধনী) আইন, ২০১৩ প্রণয়ন আৰু (সংশোধনী) আইন, ২০১৮, য’ত ১২ বছৰৰ তলৰ ছোৱালীক ধর্ষণ কৰাৰ বাবে মৃত্যুদণ্ডকে ধৰি কঠোৰ শাস্তিৰ বিধান নির্ধাৰণ কৰা হৈছিল৷ কিন্তু এই কঠোৰ আইনসমূহ থকা সত্ত্বেও নাৰীৰ বিৰুদ্ধে অপৰাধ কমা নাই,বৰঞ্চ শেহতীয়াকৈ ভাৰতৰ ভিন্ন প্রান্তত কেইবাগৰাকীও নাৰীক ধর্ষণ তথা হত্যাৰ খবৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমতো স্থান পাইছে৷ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ তথ্য মতে, নিৰুদ্দেশ হোৱা নাৰীসকলৰ মাত্র তিনিভাগৰ দুই শতাংশহে উদ্ধাৰ কৰা হৈছে৷ শেহতীয়াকৈ ভাৰত তথা সমগ্র বিশ্বত জলবায়ু পৰিৱর্তনৰ বাবে মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে৷ দৰিদ্র পৰিয়ালৰ যুৱতীসকলক উন্নত জীৱনৰ সপোন দেখুৱাই সৰবৰাহকাৰীসকলে পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি শ্রমিক হিচাপে নিয়োগ কৰে অথবা নাৰীদেহৰ ব্যৱসায়ীসকলৰ হাতত বিক্রী কৰি দিয়ে৷ নিম্ন শিক্ষা, নিয়োগৰ পুতৌজনক সুযোগ আৰু উন্নত জীৱনৰ আকাংক্ষাই মানৱ সৰবৰাহৰ প্রধান কাৰণ বুলি সমাজ বিজ্ঞানীৰ গৱেষণাত প্রকাশ৷ এনেদৰে সৰবৰাহকাৰীৰ চক্রত ভৰি দি নিৰুদ্দেশ হোৱা বহু যুৱতীৰ বিষয়ে থানাসমূহতো কোনো গোচৰ পৰিয়ালৰ লোকে নিদিয়ে৷

আনহাতে বহুতে স্ব–ইচ্ছাৰে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেও ঘৰৰ পৰা পলাই যায়৷ তেনে নাৰীসকলৰ ভিতৰত অধিকাংশ নাবালিকা অৱস্থাতে ঘৰ এৰে৷ বেহেন বক্স নামৰ সংস্থাটোৱে চলোৱা গৱেষণাত প্রকাশ পাইছে যে সমাজৰ ভয়তে বহু পৰিয়ালে নিজৰ নিৰুদ্দিষ্ট কন্যা বা পত্নীৰ বিষয়ে কোনো গোচৰ থানাত ৰুজু নকৰে৷ ভয়াৱহ তথা হৃদয়বিদাৰক তথ্য অনুসৰি দৰিদ্র, অশিক্ষিত পৰিয়ালৰ যুৱতীসকল সহজে যৌন নির্যাতনৰ সন্মুখীন হয় আৰু তেনে নাৰীসকলক নিৰুদ্দেশ হোৱা বুলিয়েই গণ্য কৰা হয় আৰু তেওঁলোকে ঘৰলৈ ওভতাৰ সকলো পথ বন্ধ কৰি দিয়া হয়৷ আনহাতে ঘৰুৱা হিংসা, মানসিক ৰোগ আদিও নাৰী নিৰুদ্দেশ হোৱাৰ একোটা কাৰণ বুলি প্রমাণিত হৈছে৷ ভাৰতত নিৰুদ্দেশ হোৱা মহিলাসকলৰ প্রায় আধাসংখ্যকেই প্রজননক্ষম বয়স অতিক্রম কৰা মহলা৷ লিংগবৈষম্য আৰু দৰিদ্রতাত লিংগ বিষমতাই এই মহিলাসকল নিৰুদ্দেশ হোৱাৰ এটা কাৰণ৷ বহুতো নিৰুদ্দেশৰ গোচৰৰ কোনো সমাধান আজিপর্যন্ত ওলোৱা নাই৷ এই সম্পর্কত গৃহ মন্ত্রালয়ে এক প্রেছ বিজ্ঞপ্তিযোগে কয়, ‘মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তদন্ত আৰু বিচাৰকে ধৰি আইন–শৃংখলা বজাই ৰখাটো নিজ নিজ ৰাজ্য চৰকাৰৰ দায়িত্ব৷’ ভাৰতত বেটী বচাও, বেটী পঢ়াওৰ দৰে আঁচনিসমূহ থকা সত্ত্বেও নাৰীৰ সুৰক্ষা পর্যাপ্ত হোৱা নাই৷ মণিপুৰৰ নাৰী নির্যাতনৰ ঘটনা ইয়াৰ জ্বলন্ত উদাহৰণ৷ চৰকাৰৰ কঠোৰ আইন আৰু চহৰে–নগৰে ব্যাপক সজাগতা কার্যসূচী গ্রহণ কৰি নাৰীসকলৰ সুৰক্ষাৰ ব্যৱস্থাটো অতি উন্নতমানৰ কৰাৰ প্রয়োজনীয়তা আছে৷ আজিৰ ভাৰতীয় নাৰী অসুৰক্ষিত, সেই কথা যেন প্রতিদিনে নাৰীৰ বিৰুদ্ধে ঘটি থকা ঘটনাবোৰে প্রমাণ কৰি আছে৷

You might also like