নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ পৰিচয়েৰে পিতৃৰ পেন্সন লয় কন্যাই

🔹 দহ বছৰ পিছত আৰক্ষীৰ জালত মহিলা
বিশেষ বাৰ্তা, ১০ আগষ্ট : পিতৃৰ পত্নীৰ বেশত বছৰৰ পৰা বছৰ ধৰি পেন্সন লৈ আছিল কন্যাই৷ স্বামীৰ মৃত্যুৰ পিছত পেন্সনৰ যোগ্য দাবীদাৰ পত্নী৷ কিন্তু পত্নীৰ মৃত্যু হৈছে পূর্বে৷ গতিকে পেন্সন আদায় কৰাৰ বাবে নিজৰ মাতৃৰ পৰিচয় দিছিল অভিযুক্ত মহিলাই৷ দহ বছৰ পেন্সনৰ বাবদ আদায় কৰে ১২ লাখ টকা৷ অৱশেষত তৰুণীৰ কীর্তি ফাদিল হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে এই তৰুণীক৷ ঘটনাটো উত্তৰ প্রদেশৰ ইটৱা জিলাৰ৷ অভিযুক্ত মহিলাৰ নাম মোহছিনা পাৰভেজ৷ আলিগড়ৰ বাসিন্দা বিজাৰাত উল্লা খানৰ কন্যা পাৰভেজ৷ চৰকাৰী চাকৰিৰ পৰা বিজাৰাত উল্লা খানে ১৯৮৭ চনৰ ৩০ নৱেম্বৰত অৱসৰ গ্রহণ কৰে৷ ২০১৩ চনৰ ২ জানুৱাৰীত তেওঁৰ মৃত্যু হয়৷ খানৰ পত্নী ছাভিয়া বেগমৰ মৃত্যু হৈছিল ইয়াৰ পূর্বে৷ পিতৃ–মাতৃৰ মৃত্যুৰ পিছত নথি জাল কৰে কন্যা মোহছিনাই৷ পিতৃৰ পত্নী হিচাপে মাতৃৰ নথিত নিজৰ ছবি লগাই নিয়মিত পেন্সন গ্রহণ কৰি আছিল মোহছিনাই৷

You might also like