ব্যৱসায়ী বন্ধুক লগ কৰিবলৈ গৈ সন্ধানহীন বিজেপি নেত্রী
🔹 মহাৰাষ্ট্রৰ নাগপুৰত চাঞ্চল্য
বিশেষ বাৰ্তা, ১০ আগষ্ট : ব্যৱসায়িক সহযোগীক দেখা কৰিবলৈ গৈ নিখোজ হ’ল মহাৰাষ্ট্রৰ নাগপুৰৰ বিজেপি নেত্রী ছানা খান৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, যোৱা ১ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে বিজেপি নেত্রীগৰাকী৷ নাগপুৰৰ পৰা মধ্যপ্রদেশৰ জবলপুৰৰ ব্যৱসায়িক সহযোগীক দেখা কৰিবলৈ গৈছিল ছানা৷ পৰিয়ালে দাবী কৰা অনুসৰি যোৱাৰ সময়ত ছানাই দুদিনৰ ভিতৰত ঘূৰি আহিব বুলি কৈছিল৷ কিন্তু তাৰ এসপ্তাহৰো বেছি সময় অতিক্রম কৰাৰ পিছতো সন্ধান পোৱা নাই বিজেপি নেত্রীগৰাকীৰ৷ ছানাক বাৰে বাৰে ম’বাইল ফোনত যোগাযোগ কৰাৰ চেষ্টা চলোৱা হৈছে যদিও পৰিয়ালে সংযোগ স্থাপন কৰিব নাই৷ ইতিমধ্যে আৰক্ষীক অভিযোগ দিছে পৰিয়ালে৷ উল্লেখনীয় যে নাগপুৰৰ এগৰাকী সক্রিয় বিজেপি নেত্রী ছানা খান৷ পাপ্পু শ্বাহ নামৰ ব্যৱসায়ী এগৰাকীক দেখা কৰিবলৈ গৈছিল ছানা৷ পাপ্পুৰ বিৰুদ্ধে পূর্বে অবৈধ মদৰ ব্যৱসায় চলোৱাৰ অভিযোগ উঠিছিল৷