🔹 টীয়কৰ মহাবিদ্যালয়ত সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মা
বিশেষ বার্তা, ১১ আগষ্ট : ‘মই কোনো পণ্ডিত নহয়, কিন্তু মই অধ্যয়নৰ জৰিয়তে যিখিনি জানিছোঁ, যিখিনি পর্যবেক্ষণ কৰিছোঁ, সেয়া সমর্পিত কৰোঁ৷’ বৃহস্পতিবাৰে টীয়কৰ তামুলীছিগাস্থিত ঘনকান্ত বৰা মহাবিদ্যালয়ে আয়োজন কৰা এক অনুপ্রেৰণামূলক বক্তৃতানুষ্ঠানত এই কথাষাৰেৰেই বক্তৃতা আৰম্ভ কৰি শিক্ষার্থী সমাজক প্রায় দুঘণ্টা সময় একপ্রকাৰ মন্ত্রমুগ্ধ কৰি তোলে বিশিষ্ট সাহিত্যিক, লেখক তথা গৱেষক দিগন্ত বিশ্ব শর্মাই ৷ ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক বিষয়ত আয়োজন কৰা এই বক্তৃতানুষ্ঠানত কেৱল শিক্ষার্থী সমাজকেই নহয়, শিক্ষক সমাজৰ লগতে উপস্থিত আন আন ব্যক্তিসকলকো অভিভূত কৰি তোলে ৷ স্বাভাৱিকতে সকলোৱে দাবী কৰি অহা পৰিপূর্ণতা সমাজ এখন লাভ কৰিবলৈ সকলোৰে হূদয়ৰ পৰিপূর্ণতা সঠিকভাৱে সবল কৰি তুলিব লাগিব বুলি উল্লেখ কৰি বিশিষ্ট লেখকগৰাকীয়ে মানৱীয় প্রমূল্যৰ ওপৰত গাম্ভীর্যপূর্ণ বিশ্লেষণ আগবঢ়ায় ৷ ভাষণ প্রসংগত তেওঁ কয়– লক্ষ্যহীন জীৱন দুর্বিষহ ৷ কিন্তু হূদয়ত যদি পূর্ণতা নাথাকে, তেতিয়া লক্ষ্যভ্রষ্ট হয় ৷ সমাজখন সুন্দৰ কৰিবলৈ, প্রদূষণমুক্ত কৰিবলৈ প্রথমে হূদয়খন প্রদূষণমুক্ত কৰাটো অতিকে জৰুৰী বুলি মতপোষণ কৰে বিশ্লেষকগৰাকীয়ে৷ তেওঁ কয়- অন্তর্নিহিত সামর্থ্য, গুণ, প্রতিভা আৰু পূর্ণতাৰ অভিব্যক্তি সার্থক জীৱনৰ একমাত্র ভেটি৷ ইপিনে, জীৱনৰ লক্ষ্য সন্দর্ভত বিশ্লেষণ কৰিবলৈ গৈ তেওঁ কয়– কর্মসংস্থাপন, অর্থ, খ্যাতি আৰু ক্ষমতাৰ দৰে জীৱনৰ বাহ্যিক লক্ষ্য কেতিয়াও মানৱ জাতিৰ লক্ষ্য হ’ব নোৱাৰে৷ আমাৰ অন্তৰাত্মাত স্তূপীকৃত হৈ থকা অনন্ত সম্ভাৱনা উদ্ভাসিত কৰি তুলিব লাগিব৷ আৰু তাৰ বাবে প্রয়োজন মাথোঁ শ্রদ্ধা, নিষ্ঠা৷ জ্ঞান অন্বেষণৰ জৰিয়তে হূদয়ত আবৃত হৈ থকা শক্তিক অনাবৃত কৰি জাগ্রত কৰি তুলিব লাগিব৷ একেদৰে ভাষণ প্রসংগত সাহিত্যিকগৰাকীয়ে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাই সামৰ্থ্য বিকশিত কৰাত বিশেষ অৰিহণা যোগাব নোৱাৰে বুলি কৈ বাধাহীন জীৱন মাদকতাশূন্য আখ্যা দি চাকৰিমুখী চিন্তাধাৰাৰ পৰা নিজকে আঁতৰাই আনিবলৈ কৈ শিক্ষার্থীসকলক পৰজীৱী মানসিকতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ আধ্যাত্মিক চিন্তা–চেতনাৰে সমৃদ্ধ বিশিষ্ট চিন্তাবিদগৰাকীয়ে মহাভাৰত, উপনিষদৰ অনুপম চৰিত্রৰ উপমাৰে মানৱীয় প্রমূল্যবোধক সুন্দৰভাৱে উপস্থাপন কৰি সাম্প্রতিক সমাজৰ পৰিৱেশ আৰু পৰিস্থিতিত নিজকে আধ্যাত্মিক গুণ–চেতনাৰে নিজকে গঢ়ি তুলিবলৈ শিক্ষার্থীসকলক আহ্বান জনায়৷ লগতে শ্রদ্ধা আৰু নিষ্ঠাৰে প্রকৃত মানুহ হ’বলৈ শিক্ষার্থীসকলক আহ্বান জনায়৷ উল্লেখ্য যে প্রায় দুঘণ্টা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহৰ পৰিৱেশ একপ্রকাৰ কাঁহ পৰি জিন যোৱাৰ দৰে পৰিৱেশ পৰিলক্ষিত হ’ল এই বক্তৃতানুষ্ঠানত৷ কিয়নো লেখকগৰাকীৰ ভাষণৰ বিশালতাভৰা প্রতিটো শব্দই যেন আছিল প্রাসংগিক আৰু সেয়া শিক্ষার্থীসকলৰ লগতে উপস্থিত সকলোৱে হূদয়ংগম কৰাৰ প্রয়াস কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱজিৎ বৰাই আদৰণী ভাষণেৰে শুভাৰম্ভ কৰাৰ পাছতেই নির্দিষ্ট বিষয়টোৰ ওপৰত আলোকপাত কৰে সাহিত্য অকাডেমিৰ অনুবাদক বঁটাপ্রাপক লেখকগৰাকীয়ে৷
প্ৰেৰক দিগন্ত হাজৰিকা