লিলি এবার্টৰ সোণৰ গলমণি আৰু এটুকুৰা ব্রেড
- অৰ্ণৱ শইকীয়া
মুখত এটি সৰল হাঁহি লৈ উত্তৰ লণ্ডনৰ এটি বিশেষ আৱাসৰ পৰা সমুখৰ ফুলনিখনলৈ ওলাই আহিল পঁচাশী বছৰীয়া বৃদ্ধাগৰাকী৷ কোমল ৰ’দ পৰি জিক্মিকাই উঠিছে ডিঙিৰ চেইনডালত ওলমি থকা সোণৰ গলমণিটো৷ বিশ্ব ইতিহাসৰ অব্যক্ত, অবর্ণনীয় এটি কৰুণতম অধ্যায়ৰ মাজলৈ আপোনাক লৈ যাব পাৰে বৃদ্ধাগৰাকীৰ ডিঙিৰ এই সোণৰ সৰু গলমণিটোৱেই৷ ফুলনিৰ মাজৰ বেঞ্চখনত বহি হাতেৰে সেই মণিটো গভীৰ মমতাৰে হেঁচি ধৰি তেওঁৰ কাষতে বহি পৰা আগন্তুকক উদ্দেশ্যি সত্তৰ বছৰৰ পূর্বৰ সেই ভয়াৱহ অভিজ্ঞতাৰ কথা বর্ণাবলৈ গৈ ক’লে, ‘আমাক শত্রুৰ দৰেও চোৱা নহৈছিল৷ আচলতে আমাক মানুহ বুলিয়েই গণ্য কৰা নহৈছিল৷ নাজী সৈনিকসকলৰ বাবে আমি আছিলো কেৱল পঁইতাচোৰাসদৃশ প্রাণী৷ আমাক হত্যা কৰাটো তেওঁলোকে উদ্যোগীকৰণ কৰি পেলাইছিল৷’
‘আর্ট এভ্ৰীহোৱেৰ’ নামৰ সংস্থাটিৰ প্রৱর্তক তথা বিবিচিৰ ‘বি ইয়’ৰ অউন বছ’ৰ যোগেদি জনপ্রিয় হৈ পৰা ৰিচার্ড ৰীডে উত্তৰ লণ্ডনত অৱস্থিত নাজী কেম্পৰ পৰা উদ্ধাৰ কৰা ইহুদীসকলৰ পুনৰ সংস্থাপন কেন্দ্র এটাত বহি নাজী কেম্পৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছিল লিলি এবার্ট নামৰ মাহিলাগৰাকীৰ পৰা৷ এৰি অহা ভয়াৱহ অতীতৰ বিষয়ে ক’বলৈ গৈ বাৰে বাৰে থমকিছিল অশীতিপৰ বৃদ্ধাগৰাকী৷ গভীৰ হুমুনিয়াহ এটা এৰি ৰিচার্ড ৰীডৰ প্রশ্ণৰ উত্তৰ দিয়াৰ পূর্বে তেওঁ কৈছিল, ‘অবর্ণনীয় পৰিৱেশ এটাৰ বিষয়ে বর্ণনা দিয়াটো সঁচাকৈয়ে কঠিন৷’
লিলি এবার্টৰ বয়স তেতিয়া মাত্র চৈধ্য৷ পৃথিৱীখন সুন্দৰৰ পৰা সুন্দৰতৰ হৈ উঠিছিল তেওঁৰ দুচকুত৷ সীমাহীন সপোন৷ কিন্তু বিশ্বযুদ্ধৰ অশান্ত পৰিৱেশে লিলি এবার্টৰ মাকক চিন্তিত আৰু অস্থিৰ কৰি তুলিলে৷ আৰু এদিন আহিল সেই ভয়লগা নির্দেশটো, যিটোৰ ভয়ে খুলি খুলি খাইছিল লিলিসহ ছটা সন্তানৰ মাতৃগৰাকীৰ মমতাময়ী হূদয়– ‘অ’চ্ছৱিট্ঝলৈ যাব লাগে৷’ পৰিয়ালটোক যেতিয়া জোৰ কৰি সৈনিকসকলে ৰে’লগাডীত উঠাই লৈছিল, সন্তানকেইটিক জোৰেৰে সাবটি ৰে’লগাডীৰ দবাৰ আন আন অসহায় বিষণ্ণ মুখবোৰলৈ চাইছিল লিলি এবার্টৰ মাকে, অসহায়ভাৱে৷ পাণ জপাদি জাপি অনা মানুহৰ বহুতেই গন্তব্যস্থান পোৱাৰ আগতেই দবাৰ ভিতৰতেই প্রাণত্যাগ কৰিছিল৷ দবাৰ ভিতৰত পিষ্ট হৈ থকা মৃতদেহবোৰ দেখি বুকু কঁপি উঠিছিল কিশোৰী লিলিৰ৷
অ’চ্ছৱিট্ঝ !
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই নামটিয়েই ইউৰোপৰ ইহুদীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল৷ জার্মানীয়ে পোলেণ্ড অধিকাৰ কৰাৰ পিছতেই পোলেণ্ডৰ অ’চ্ছৱিট্ঝ নামৰ ঠাইত হিটলাৰৰ নাজী সেনাই নির্মাণ কৰিছিল এক বিশাল বন্দী শিবিৰ৷ সমগ্র জার্মান অধিকৃত ইউৰোপৰ পৰা নিতৌ ৰে’লগাডীত জাপি জাপি ইহুদীসকলক এই বন্দী শিবিৰলৈ অনা হৈছিল৷ ইহুদীসকলক আনি তাত প্রথমেই দুটা শাৰীত থিয় কৰোৱা হৈছিল৷ বাঁওফালৰ শাৰীটোত আছিল বৃদ্ধ–বৃদ্ধা, শিশু বা ৰুগীয়াসকল আৰু সোঁফালৰ শাৰীটোত আছিল যুৱক–যুৱতী বা তুলনামুলকভাৱে স্বাস্থ্যৱানসকল৷ বাঁওফালৰ লোকসকলক লগে লগেই তাতেই থকা গেছ চেম্বাৰলৈ লৈ গৈ জ্বলাই পোলোৱা হৈছিল জীৱন্তেই আৰু সোঁফালৰ লোকসকলক অনাহাৰ বা নামমাত্র আহাৰ দিয়েই বিভিন্ন কামত লগোৱা হৈছিল৷ সেইসকলো যেতিয়া পর্যাপ্ত আহাৰৰ অবিহনে দুর্বল হৈ পৰিছিল, তেওঁলোককো লৈ যোৱা হৈছিল গেছ চেম্বাৰলৈ৷ এক কথাত ক’বলৈ গ’লে অ’চ্ছৱিট্ঝৰ সেই বন্দী শিবিৰ মানেই হ’ল নিশ্চিত মৃত্যু, তাৎক্ষণিকভাৱে বা অনাহাৰত থাকি লাহে লাহে৷ আশাহত হৈ বন্দী শিবিৰৰ ভিতৰতে অসংখ্যজনে আত্মহত্যা কৰিছিল শিবিৰৰ চৌপাশৰ বৈদ্যুতিক জেওৰাত নিজকে সঁপি দিওঁ৷ কমেও এঘাৰ লাখ ইহুদীক অ’চ্ছৱিট্ঝৰ এই শিবিৰত হত্যা কৰিছিল নাজী বাহিনীয়ে৷ আমাৰ সকলোৰে পৰিচিত এন্ ফ্রাংকেও এই শিবিৰতেই প্রাণ হেৰুৱাইছিল৷ সৌভাগ্যক্রমে কিছু লোক ৰক্ষা পৰিছিল আৰু তাৰে এজন আছিল ভিক্টৰ ফ্রাংকল, যি নাজী কেম্পত কটোৱা সময়ছোৱাৰ অভিজ্ঞতাৰে লিখি উলিয়াইছিল বিশ্বৰ অন্যতম বহুলপঠিত গ্রন্থ ‘ম্যানছ চার্চ ফৰ মিনিং’৷ হয়, জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল লিলি এবার্টকো৷
লিলি এবার্টৰ পৰিয়ালটিৰ লগতে সেই ৰে’লগাডীত নিয়াসকলকো অ’চ্ছৱিট্ঝৰ শিবিৰত যেতিয়া দুটা শাৰীত থিয় কৰোৱা হৈছিল, বিভক্ত হৈ পৰিছিল পৰিয়ালটিৰ সদস্যকেইগৰাকী৷ লিলিক থিয় কৰোৱা হৈছিল সোঁফালৰ শাৰীত, লগত তেওঁৰে তলৰ ভনীয়েক দুগৰাকী৷ আৰু একেবাৰে সৰু ভনীয়েক দুগৰাকী আৰু সৰু ভায়েকৰ সৈতে মাকক থিয় কৰোৱা হৈছিল বাঁওফালে৷ বাঁওফালে থিয় কৰোৱাৰ অর্থ ভালকৈয়ে বুজি পায় লিলিৰ এবার্টৰ মাকে৷ সেয়ে সুযোগবুজি মাকে লিলিৰ কাষলৈ মুহূর্তৰ বাবে আহি সলাই ল’লে ভৰিৰ বিশেষ চেণ্ডেলযোৰ লিলিৰ সৈতে আৰু পুনৰ থিয় হ’লগৈ নিজৰ ঠাইত৷ বাঁওফালৰ শাৰীটোক লৈ যোৱা হৈছিল ছিম্নীয়েদি অহৰহ ক’লা ধোঁৱা ওলাই থকা কাৰখানাসদৃশ এটি বৃহৎ গৃহলৈ আৰু লিলিসহ সোঁফালৰ অন্যসকলক লৈ যোৱা হৈছিল হৈছিল বন্দীগৃহলৈ৷ মাকে সলনি কৰি যোৱা ওখ গোৰোহাৰ চেণ্ডেলযোৰ পিন্ধি লাহে লাহে বন্দীগৃহৰ ফালে খোজ পেলোৱা কিশোৰী লিলিয়ে জ্যেষ্ঠ এজনক সুধিলে– সেই যে ক’লা ধোঁৱা ওলাই আছে ছিম্নীয়েদি, কিহৰ কাৰখানা বাৰু সেইটো? মোৰ মা, ভাইটি আৰু ভনী দুজনীক তাক কাম কৰিবলৈ বাধ্য কৰোৱা হ’ব নেকি?
‘বাঁওফালৰ শাৰীটোত যিসকলক থিয় কৰোৱা হয়, তেওঁলোকক জ্বলাই হত্যা কৰা হয় তাত৷’ মানুহজনে কৈছিল৷ ধাৰাসাৰ চকুলো সৰিছিল কিশোৰী লিলি এবার্টৰ দুচকুৰে৷ কিন্তু সেই পৰিৱেশত চকুলোৰ কোনো অর্থই নাছিল৷ সকলোৰে মনবোৰ ভাৰাক্রান্ত৷ পাহৰি পেলাইছিল সকলোৱে চকুলোৰ মূল্য৷ লিলি এবার্টে লাহেকৈ স্পর্শ কৰিলে মাকে সলাই দি যোৱা চেণ্ডেলযোৰ৷ তেওঁ জানে সেই চেণ্ডেলযোৰৰ বিশেষত্ব৷ সেই চেণ্ডেলযোৰৰ ওখ গোৰোহাতে বিশেষ কৌশলেৰে মাকে লুকুৱাই আনিছিল পৰিয়ালটিৰ তেতিয়ালৈ বাকী ৰোৱা একমাত্র সম্পদ– সোণৰ সৰু গলমণি এটি৷ কিশোৰী লিলিয়ে পণ ল’লে মনৰ ভিতৰতে যে যিকোনো মূল্যৰ বিনিময়ত তেওঁ পৰিয়ালৰ সেই শেষ স্মৃতিচিহ্ণ সোণৰ গলমণিটিক জীৱনৰ অন্তিম ক্ষণলৈকে লগত ৰাখিব আৰু অ’চ্ছৱিট্ঝৰ কেম্পত মানৱতাৰ সেই অৱক্ষয়ৰ কাহিনী ক’বলৈকে তেওঁ যিকোনো প্রকাৰে নিজকে জীয়াই ৰাখিবই৷ জীয়াই থাকিব লাগিব তেওঁৰ পিছৰ ভনীয়েক দুজনীৰ দায়িত্ব ল’বলৈকে৷
জীয়াই থকাটো আৰু সোণৰ গলমণিটো আনৰ দৃষ্টিত নপৰাকৈ লগত ৰখা– এই দুটাৰ এটাও সম্ভৱ নাছিল সেই বন্দী শিবিৰত৷ মূল্যৱান সকলোবোৰ বস্তু নাজী সেনাই কাঢি লৈ গৈছিল৷ পোছাকতো একো লুকুৱাই ৰখাটো সম্ভৱ নাছিল, কাৰণ তাৰ বন্দীসকলে নাজী সেনাই যোগান ধৰা বিশেষ সাজহে পিন্ধিব লগা হৈছিল আৰু সকলোকেই ৰখা হৈছিল খালী ভৰিৰে৷ আনহাতে আহাৰৰ নামত দৈনিক দিয়া হৈছিল কেৱল এটুকুৰা ব্রেড৷ সেই ব্রেড খায়েই হিমশীতল পৰিৱেশত শাৰীৰিক শ্রমো কৰিবলৈ বাধ্য হৈছিল সকলো বন্দী৷ পেটৰ জ্বালা নিবাৰণৰ বাবে এটুকুৰা ব্রেডৰ অর্থ একোৱেই নাছিল৷ কার্যতঃ অনাহাৰতেই মৃত্যু হৈছিল হাজাৰ হাজাৰজনৰ৷ কেম্পৰ ভিতৰৰ পৰিৱেশত বুজি উঠিছিল লিলি এবার্টে যে যিসকলকৰ মৃত্যু হৈছিল ৰে’লৰ দবাতেই, তেওঁলোক যেন বহু সৌভাগ্যৱান আছিল এই কেম্পৰ আৱাসীৰ তুলনাত৷
He who has a Why to live for can bear almost any How – নিৎসেই কৈছিল৷ কিয় জীয়াই থাকিব লাগে, তাৰ যদি এটা সবল কাৰণ বিচাৰি পোৱা যায়, তেন্তে তেওঁৰ বাবে সকলো পৰিস্থিতিয়েই সহনীয় হৈ পৰে৷ কথাষাৰ যিমান সহজ, বাস্তৱতো জানো তেনে সহজ সঁচাকৈয়ে? কিন্তু লিলি এবার্ট যে জীয়াই থাকিবই লাগিব৷ হয়, জীয়াই থকাৰ এক সবল কাৰণ আছে কিশোৰী লিলিৰ বাবে৷ কিন্তু প্রতিদিনে এটুকুৰা ব্রেডেৰে কিমান দিনলৈ?
জীয়াই থাকিবলৈ লিলি এবার্টে আৱিষ্কাৰ কৰিলে সৰল এটি সূত্র–Make always the best from what you have, no matter how little it is৷ হাতত যিয়েই আছে, যিমানেই নগণ্য নহওক কিয়, তাৰ সর্বোত্তম ব্যৱহাৰেই হৈছে যিকোনো পৰিৱেশতে নিজকে জীয়াই ৰখাৰ সৰলতম পথ৷ আহাৰৰ নামত তেওঁৰ হাতত প্রতিদিনে এটুকুৰা মাত্র ব্রেড আৰু তাৰেই তেওঁ জীয়াই থাকিব লাগিব দিনৰ পাছত দিন, মাহৰ পিছত মাহ বা অনন্ত সময়লৈ৷ চকুৰ আগতেই অনাহাৰত মৃত্যু হোৱা দেখা পাইছে তেওঁ হাজাৰ হাজাৰজনক৷ এটুকুৰা ব্রেডে তেওঁলোকৰ পেটৰ ক্ষুধা নামমাত্রও নির্বাপিত কৰিব পৰা নাছিল৷ হাতত ব্রেড টুকুৰা পৰা মাত্রেই তেওঁলোকে তাক গিলি পেলাইছিল আৰু সপোন দেখিছিল আহাৰৰ নামত আৰু কিবাকিবি হাতলৈ অহাৰ৷ একোৱেই অহা নাছিল৷ আশাহত হৈ তেওঁলোক তিলে তিলে আগবাঢিছিল মৃত্যুৰ কোলালৈ৷ কিন্তু মৰিবলৈ প্রস্তু নহয় লিলি এবার্ট৷ নিজৰ ভাগত পৰা ব্রেডটুকুৰা তেওঁ ব্যৱহাৰ কৰিলে অন্য ধৰণেৰে৷ ব্রেডটুকুৰা তেওঁ যিমান সম্ভৱ সিমান লাহে লাহে খোৱা অভ্যাস কৰিলে আৰু তাৰেই এটা অংশ সাঁচি ৰাখে পিছদিনাৰ পুৱাৰ বাবেও৷ আৰু আহাৰৰ নামত প্রতিদিনে এটুকুৰা ব্রেডৰ সহায়তে নিশ্চিত মৃত্যুক প্রত্যাহ্বান জনাই তেওঁ জীয়াই থাকিল বন্দী শিবিৰৰ নৰকসদৃশ পৰিৱেশত৷
লণ্ডনৰ সেই বিশেষ আৱাসত সাক্ষাৎ কৰিবলৈ যোৱা ৰিচার্ড ৰীডক ক’লে লিলি এবার্টে, ‘আশাৰ বিপৰীতেও আৰু আশা থাকে৷ জীৱনৰ ভয়াৱহ ধুমুহাত মানুহ যিমান বিধ্বস্ত হৈ পৰিব পাৰে, তেনেদৰেই বিধ্বস্ত হৈছিলো ময়ো৷ কিন্তু তথাপিও জীয়াই থাকিলো৷ অনাহাৰে মৃত্যুমুখত পৰাৰ পৰা সত্তৰ বছৰৰ পিছত ব্রিটেইনৰ মহাৰাণীৰ সাক্ষাৎ পোৱালৈকে বা মহাৰাণীৰ পৰা মেডেল গ্রহণ কৰালৈকে মই জীয়াই আছো৷ সেয়ে মই ক’ব বিচাৰো, পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, হাতত যি থাকে, তাৰ সর্বোত্তম ব্যৱহাৰ কৰিব জনাৰ কৌশলতেই লুকাই থাকে যিকোনো প্রতিকূল পৰিৱেশতেই জীয়াই থকাৰ মন্ত্র৷’
লিলি এবার্টে ডিঙিত পিন্ধি থকা সোণৰ গলমণিটো দাঙি ধৰিলে ৰিচার্ড ৰীডৰ দুচকুৰ আগত৷ নাজী কেম্পৰ গেছ চেম্বাৰত মৃত্যু হোৱা লিলি এবার্টৰ পৰিয়ালটিৰ একমাত্র স্বাক্ষৰ সেই সোণৰ গলমণি৷ বন্দী শিবিৰৰ পৰা মুক্তিৰ দিন ধৰি তেওঁ সেই গলমণিটো সর্বোচ্চ আদৰেৰে কঢ়িয়াই লৈ ফুৰিছে৷ মনৰ মাজতেই প্রশ্ণ জাগিল– ৰিচার্ড ৰীডৰ যে নাজী সেনাৰ শেনচকুক ফাঁকি দি কিদৰে সম্ভৱ হৈছিল সেই সময়ৰ চৈধ্য বছৰীয়া কিশোৰীগৰাকীৰ বাবে সোণৰ গলমণিটো লুকুৱাই ৰখাটো চেণ্ডেলযোৰো দেখোন কাঢি লোৱা হৈছিল
আলফুলে সোণৰ গলমণিটো হাতত লৈ কৈ গ’ল লিলি এবার্টে, ‘মই কৈছো নহয় যে যিকোনো দুর্যোগৰ মাজত জীয়াই থাকিবলৈ হ’লে মানুহে হাতত যিয়েই থাকে তাৰ সর্বোত্তম ব্যৱহাৰৰ কৌশল জানিবই লাগিব৷ পিছদিনাৰ নতুনকৈ হাত লৈ অহা ব্রেডটুকুৰাৰ সময়লৈকে মই যিটুকুৰা ব্রেড মোৰ কাষলটিৰ তলত লুকুৱাই ৰাখিছিলো, তাতেই মই সোণৰ এই সৰু গলমণিটোও সুমুৱাই ৰাখিছিলোঁ আৰু তেওঁলোকে তাৰ কোনো সম্ভেদ পোৱা নাছিল৷ সিহঁততকৈ মই বেছি বুধিয়ক আছিলোঁ৷’
নিৎসেও সত্য, সত্য লিলি এবার্টো৷ জীয়াই থকাৰ কাৰণ বিচাৰি পাইছিল লিলিয়ে আৰু তাৰ বাবে তেওঁ হাতৰ নূ্যনতম সম্বল অর্থাৎ এটুকুৰা ব্রেডকে সর্বোত্তম ধৰণেৰে ব্যৱহাৰ কৰিছিল৷ যি পৰিস্থিতিৰ সন্মুখীন হ’ব নোৱাৰি প্রতিদিনে হাজাৰ হাজাৰজনে প্রাণ হেৰুৱাইছিল, সেই প্রতিকূল পৰিস্থিতিতো প্রতিদিনে এটুকুৰা মাত্র ব্রেডকে সাৰথি কৰি মৃত্যু জিনিছিল লিলি এবার্ট নামৰ কিশোৰীগৰাকীয়ে৷ জীয়াই থকাৰ এটি সবল কাৰণ সমুখত থাকিলে কোনো দুর্যোগেই জীৱনৰ ওপৰত প্রভাৱী হ’ব নোৱাৰে, কোনো পর্বতেই দুর্লঘ্য হ’ব নোৱাৰে৷ মাথোঁ আয়ত্ত কৰিব লাগে হাতত থকা সম্বলৰ সর্বোত্তম ব্যৱহাৰৰ সাধাৰণ কৌশলটি৷ আমি জীয়াই থাকিব পাৰো আমাৰ আপোনজনৰ বাবে, আমাৰ বন্ধুসকলৰ বাবে, কিতাপ পঢিবৰ বাবে বা জীয়াই থাকিব পাৰো আকাশৰ তৰা গণিবলৈ, ফুল ফুলা বা চৰাইৰ গীত শুনিবলৈ বা আমি জীয়াই থাকিব পাৰো প্রকৃতিৰ ৰং–ৰূপ চাবলৈ৷
অ’চ্ছৱিট্ঝৰ নাজী কেম্পৰ ভিতৰৰ চৌবিশ ঘণ্টাই ক’লা ধোঁৱা ওলাই থকা ‘কাৰখানা’টোৰ পৰা অহা অদ্ভুত এটি গোন্ধে বতাহ গধুৰ কৰি ৰাখিছিল৷ মানুহ পোৰাৰ গোন্ধ৷ লিলি এবার্টৰ মাতৃসহ মৰমৰ ভায়েক আৰু ভনীয়েক দুজনীক জীৱন্তে জ্বলোৱা গোন্ধও লিলিয়ে সহিব লগা হৈছিল, ধোঁৱা হৈ উৰি যোৱা দেখিছিল৷ পৰিস্থিতিয়ে কিশোৰী লিলি এবার্টৰ মননত যি ধুমুহা তুলিছিল, তাৰ তুলনাত আমাৰ জীৱনলৈ অহা ধুমুহাবোৰ বাৰু বেছি ভয়ংকৰ নেকি, এবাৰ ভাবি চাবও পাৰো৷ লিলি এবার্টে ইতিমধ্যেই নব্বৈ অতিক্রম কৰিছে৷