✅পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ
✅উদ্যমিতাৰ সংস্কৃতি গঢ়ি তুলিবলৈ যুৱ প্রজন্মক মুখ্যমন্ত্রীৰ আহ্বান
✅NHMৰ আর্হিত পশুপালন খণ্ডত আৰম্ভ হব ৰাজ্যিক স্বাস্থ্য অভিযান
বিশেষ বাৰ্তা, ১৭ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্যাপনৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ আনহাতে মুখ্যমন্ত্রীয়ে খানাপাৰাত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা আন্তঃৰাষ্ট্রীয় অতিথিশালাৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে এই প্রকল্পটি ৰূপায়ণত ৩০.৭৯ কোটি টকা ব্যয় হৈছে৷ এই অতিথিশালাত ১২টা ভি আই পি কোঠালী, ৪৩টা এক্সিকিউটিভ কোঠালী, ৪০জন ব্যক্তিয়ে একেলগে আহাৰ গ্রহণ কৰিব পৰাকৈ ভি আই পি ভোজনালয়, ১১০গৰাকী ব্যক্তিয়ে আহাৰ গ্রহণ কৰিব পৰাকৈ সাধাৰণ ভোজনালয়, ৮জন ব্যক্তিয়ে আহাৰ গ্রহণ কৰিব পৰাকৈ সুকীয়া ভোজনালয়, এটা সভাগৃহ, এটা প্রদর্শনী গৃহৰ লগতে ২৮খন বিচনাযুক্ত ডৰমিটেৰী আছে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে প্রতিষ্ঠাকালৰে পৰা উৎকৃষ্ট মানৱ সম্পদ গঢ়ি দেশৰ এক অগ্রণী শিক্ষা প্রতিষ্ঠান হিচাপে নিজৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ আই চি এ আৰৰ অধীনত শ্রেষ্ঠ শিক্ষা প্রতিষ্ঠান হিচাপে চর্দাৰ বল্লভ ভাই পেটেল বঁটা লাভ কৰি মহাবিদ্যালয়খনে নিজৰ উচ্চ শৈক্ষিক মানৰ নিদর্শন দাঙি ধৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত কৃষকৰ জীৱন–জীৱিকা উন্নত কৰাৰ উপৰি অঞ্চলটোৰ দৰিদ্র কৃষকৰ অর্থনৈতিক উত্থানৰ ইঞ্জিন হিচাপে বিগত সাত দশকৰো অধিক কাল মহাবিদ্যালয়খনে সেৱা আগববাই আহিছে৷ এই মহাবিদ্যালয়ৰ বহু শিক্ষার্থীয়ে সফল উদ্যোগী হিচাপে নিজকে প্রতিষ্ঠা কৰি আত্মনির্ভৰশীলতাৰ প্রশংসনীয় আদর্শ প্রতিষ্ঠা কৰিছে বুলি তেওঁ কয়৷ মীন, পশুপালন আৰু দুগ্ধ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী পুৰুষোত্তম ৰূপালাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় কৃষি আৰু আনুসংগিক ক্ষেত্রখনৰ গভীৰ অভিজ্ঞতা তথা ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কেন্দ্রীয় মন্ত্রীগৰাকীৰ নেতৃত্বত সম্প্রতি মীন, পশুপালন আৰু দুগ্ধ ক্ষেত্রখনত আমাৰ দেশত বহুতো নির্ণায়ক পদক্ষেপৰ সূচনা হৈছে৷ তেওঁ কয় যে কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৱল নেতৃত্বত ভাৰতবর্ষই দুগ্ধজাত সামগ্রীৰ উৎপাদনত আত্মনির্ভৰশীলতা লাভ কৰিছে আৰু বিদেশী ৰাষ্ট্রৰ পৰা মাখন আৰু আন দুগ্ধজাত সামগ্রী আমদানি নকৰিবলৈ সময়োচিত সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি গৱেষণাৰ ক্ষেত্রত মহাবিদ্যায়খনে দেশৰ অন্যান্য পশু চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সমানে খোজ পেলাবলৈ সক্ষম হৈছে৷ মহাবিদ্যালয়খনে উদ্ভাৱন কৰা বিভিন্ন প্রযুক্তি পশুপালকসকলক বিশেষভাৱে উপকৃত কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আমাৰ দেশৰ অর্থনৈতিক ক্ষেত্রখনত কৃষিৰ লগতে পশুপালন আৰু মীন খণ্ডই বিশেষ অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ কৃষি জি ডি পি পশুপালন খণ্ডই ৩৩ ৰ পৰা ৩৫ শতাংশ অৰিহণা আগবঢ়ায়৷ পশুপালন খণ্ডৰ বিকাশৰ ওপৰত কৃষি অর্থনৈতিক উত্তৰণ বহু পৰিমাণে নির্ভৰ কৰিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে সর্বভাৰতীয় পর্যায়ত ২০৩০ চনৰ বাবে গাখীৰৰ আনুমানিক চাহিদা ২৬৭ নিযুত মেট্ৰিকটন হব৷ এনে প্রেক্ষাপটত প্রতিবছৰে দুগ্ধ খণ্ডত ৭ শতাংশ বৃদ্ধিৰ প্রয়োজনীয়তা আছে৷ তেওঁ কয় যে ৰাষ্ট্রীয় পর্যায়ৰ সৈতে সমানে খোজ পেলাবলৈ হলে আমাৰ দুগ্ধ খণ্ড বিজ্ঞানসন্মত আৰু আধুনিক প্রযুক্তিগত দিশেৰে আগুৱাই যোৱাৰ দিশত সর্বাধিক গুৰুত্ব প্রদান কৰা প্রয়োজনীয়তা আছে৷ কণী আৰু মাংসৰ ক্ষেত্রতো ৰাজ্যখনে প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ উৎপাদন কৰিব পৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আমাৰ ৰাজ্যত প্রতিদিনে ৫৭,৫৯৮ লাখ কণীৰ প্রয়োজন৷ কিন্তু ৰাজ্যত মাত্র ৫০১৪ লাখ কণীহে উৎপাদন হয়৷ ফলত চাহিদা আৰু যোগানৰ মাজত ব্যৱধান হৈছে ৫২,৫৮৩ লাখ৷ মুখ্যমন্ত্রীয়ে কয় যে মাংস, গাখীৰ, কণী আদিৰ ক্ষেত্রত ৰাজ্যখন স্বাৱলম্বী হবলৈ হলে পশুপালন খণ্ডত এক পেছাদাৰী পৰিৱেশ গিি তুলিব লাগিব৷ ইয়াৰ বাবে মিছন মোডত কাম কৰিব লাগিব, নহলে ৰাজ্যখনে আন ৰাজ্যৰ ওপৰত নির্ভৰশীল হৈ থাকিব লাগিব বুলি তেওঁ কয়৷ গাহৰিৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ বাবে অন্য ৰাজ্যৰ পৰা আনিবলগীয়া হয়৷ মুখ্যমন্ত্রীয়ে কয় যে পশুপালন খণ্ডত আমাৰ ৰাজ্যখনত যথেষ্ট সম্ভাৱনীয়তা লুকাই আছে৷ লোকপ্রিয় গোপীনাথ বৰদলৈৰ দিনতে পশুপালন আৰু কৃষি ভিত্তিক শিক্ষা প্রতিষ্ঠান গঢ়ি উঠিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ভৱিষ্যতৰ দিনত এই দুই খণ্ডই অর্থনৈতিক ক্ষেত্রখনলৈ অৰিহণা যোগোৱাৰ দিশতো বিবেচনা কৰিয়েই এনেধৰণৰ শিক্ষানুষ্ঠান গঢ়ি তুলিছিল৷ পৰিৱর্তিত পৰিস্থিতিত এই বিষয়ত চিন্তন আৰু মনন নোহোৱা বাবে আমি গতিশীলভাৱে আগবাঢ়িব পৰা নাই বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ছাত্র–ছাত্রীসকলৰ চিন্তাধাৰা কেৱল চাকৰিতেই সীমাৱদ্ধ হৈ আছে৷ মুখ্যমন্ত্রীয়ে কয় যে শিক্ষা প্রতিষ্ঠানৰ মাজত উদ্যমিতাৰ মানসিকতা আমি গঢ়ি তুলিব পৰা নাই৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কোনো এখন মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে সংস্থাপনৰ ক্ষেত্রত চিন্তা কৰিবলগীয়া নাই৷ কিয়নো আমাৰ মাজত বিশাল সম্ভাৱনীয়তা আছে৷ আমাৰ পাঠ্যক্রমৰ লগত উদ্যমিতা, ব্যৱস্থাপনা কেনেকৈ সংযোজিত কৰিব পাৰো সেইটো গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে বুলিও তেওঁ কয়৷ বাহুবলী কণীৰ স্বত্ত্বাধিকাৰী গৰাকী আজি সমগ্র অসমতে সমাদৃত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে দহ বছৰৰ ভিতৰতে লক্ষ্য নিৰূপণ কৰিলে আত্মনির্ভৰশীল হৈ উঠিব পাৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে আজি ষ্টার্ট আপ ইক চিষ্টেমৰ প্রয়োজনীয়তা আহি পৰিছে৷ তেওঁ লগতে কয় যে আই আই টি গুৱাহাটীৰ ছাত্র–ছাত্রীসকলে আজি ষ্টার্ট আপ মুভমেণ্টৰ প্রতি আকর্ষিত হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রচেষ্টাত ষ্টার্ট আপ ইক চিষ্টেমৰ শীর্ষ তিনিখন দেশৰ ভিতৰত নিজকে গঢ়ি তুলিব পাৰিছে৷ এক বিলিয়ন ডলাৰৰো অধিক টকাৰ নতুন কোম্পানী গঢ় দি এইক্ষেত্রত বিশ্বৰ তৃতীয় বৃহত্তম দেশত পৰিগণিত হৈছে৷ ২০১৪ চনৰ আগতে দেশত বছৰি গডে ৪ হাজাৰ প্রডাক্টৰ পেটেণ্ট হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এতিয়া এই সংখ্যা বছৰি ১৫ হাজাৰতকৈও অধিক পেটেণ্টলৈ বৃদ্ধি পাইছে৷ দেশত আজি ২৬ হাজাৰ নতুন ষ্টার্টআপে কাম কৰি আছে৷ আই আই টি গুৱাহাটীৰ বাহিৰে অন্যান্য শিক্ষা প্রতিষ্ঠানসমূহ ষ্টার্ট আপৰ ক্ষেত্রত যিদৰে আগবাঢ়িব লাগিছিল সেইদৰে আগবাঢ়িব পৰা নাই বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ক্ষুদ্র দুগ্ধ পালকসকল পশুৰ চিকিৎসা, পশুৰ পুষ্টি উৎপাদিত সামগ্রীৰ বাবে উপযুক্ত বজাৰৰ অভাৱত ভুগি আহিছে৷ তেওঁলোকে নিজাকৈ গাখীৰ সংসাধন কৰাৰ পৰিৱর্তে কেঁচা গাখীৰ মধ্যভোগীক বিক্রী কৰে তাৰ ফলত তেওঁলোকে উৎপাদিত গাখীৰৰ পৰা অতি কম মূল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় দুগ্ধপালকসকলে ১০০ টকা গাখীৰ বিক্রী কৰি মাত্র ১০–২৩ টকা লাভ কৰে৷ আনহাতে, বিকশিত দেশত এই পৰিমাণ হল ৬৪–৮১ টকা৷ এই প্রত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ পদক্ষেপৰো প্রয়োজন হৈ পৰিছে বুলি তেওঁ কয়৷ তেওঁ কয় যে বিভিন্ন ষ্টার্ট আপে ইণ্টাৰনেট অৱ থিংছ, বিগ ডাটা, ক্লাউড, ডাটা এনালাইটিক্সৰ সহায় লৈ দেশৰ বিভিন্ন অঞ্চলত গাখীৰ উৎপাদন, গাখীৰ ক্রয়, শীলত ভৰাঁল, দুগ্ধ পৰিবহন, বিপণন, পশু বীমা, কৃষকলৈ প্রত্যক্ষ ধন আদিকে ধৰি মূল্য শৃংখলৰ পৰিমাপসমূহ অধিক সুবিধাজনক কৰি তুলিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে দেশৰ বিভিন্ন প্রান্তত ষ্টার্ট আপসমূহে কিদৰে দৃষ্টান্তমূলক কাম কৰিবলৈ সক্ষম হৈছে সেই বিষয়েও উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে ষ্টার্ট আপবোৰে ডিজিটাইজেশ্যনৰ সহায়ত দুগ্ধপালকসকলক তেওঁলোকৰ ব্যৱসায় বৃদ্ধিত সহায় কৰাৰ লগতে যোগান শৃংখলাত আৰম্ভণিৰে পৰা শেষলৈকে সমগ্র প্রক্রিয়াটো ড্রেক কৰিব পৰাকৈ সুবিধা প্রদান কৰিছে৷ তেওঁ লগতে কয় যে একোৱাকনেক্ট নামৰ এক ষ্টার্ট আপে প্রযুক্তিৰ সহায়ত মৎস্য পালকক উচ্চমানৰ মাছৰ পোনা, মাছৰ খাদ্য আৰু কাৰিকৰী জ্ঞান আগববাহ মৎস্য পালন প্রক্রিয়াটোক সৱলীকৰণ কৰি উলিয়াহছে৷ কৃত্রিম বুদ্ধিমত্তা আৰু মেছিন লার্নিং এলগৰিথিম ব্যৱহাৰ কৰি একোৱাকানেক্টে মৎস্য পালকসকলক তেওঁলোকৰ মৎস্যপামসমূহত ৰোগৰ প্রাদুর্ভাব হ্রাস কৰা আৰু মাছৰ বিকাশ সুনিষ্চিত কৰাত সহায় কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে পশুপালন খণ্ডত হোৱা গৱেষণাৰ সুফলসমূহ কৃষকৰ মাজলৈ লৈ যাব লাগিব৷ তেওঁ লগতে কয় যে পশুখণ্ডৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে অতিশীঘ্রে ষ্টেট হেলথ্ মিছন এটি আৰম্ভ কৰিব৷ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী পুৰুষোত্তম ৰূপালা, অসমৰ পশুপালনমন্ত্রী অতুল বৰা, ভেটেৰিনেৰী কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ ড০ উমেশ চন্দ্র শর্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য বিদ্যুৎ চন্দন ডেকা, উত্তৰ–পূব পৰিষদৰ সচিব কে মছেছ চালাই প্রমুখ্যে অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷