নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত গণতন্ত্রৰ সূর্যাস্ত

গণতন্ত্রক সম্পূর্ণৰূপে সমাধিস্থ কৰা হ’ল তালিবানৰ আফগানিস্তানত৷ দুবছৰ পূর্বে দেশখনৰ ক্ষমতালৈ তালিবান উভতি অহাৰ পিছতে বিশ্বৰ বিভিন্ন দেশে আশংকা প্রকাশ কৰিছিল যে পুনৰ মধ্যযুগীয় বর্বৰতাই প্রাণ পাই উঠিব কুখ্যাত ইছলামিষ্ট জেহাদীৰ হাতত, অন্ধকাৰত বন্দী হ’ব দেশৰ নাৰী সমাজ৷ শিক্ষা, সংস্কৃতিলৈ নামি আহিব ভাবুকি৷ আশংকা কৰা ধৰণেই তালিবান আগবাঢ়িছে নিজৰ মধ্যযুগীয় পাশৱিক চিন্তাৰে৷ ক্ষমতালৈ আহিয়ে নাৰীৰ অধিকাৰ হৰণৰ বাবে এটাৰ পিছত এটাকৈ ফতোৱা জাৰী কৰিছে দেশখনত৷ ১০ বছৰ বয়সৰ পিছত আফগান নাৰীৰ আনুষ্ঠানিক শিক্ষা বন্ধ কৰি দিয়া হ’ল৷ বিভিন্ন প্রদেশত ১০ বছৰ অতিক্রম কৰাৰ লগে লগে কিশোৰীসকলক বিদ্যালয়লৈ প্রেৰণ কৰাটো বন্ধ কৰি দিছে তালিবানে৷ নাৰীৰ উচ্চ শিক্ষা বাদেই, প্রাথমিক স্তৰতেই নাৰীক গৃহবন্দী কৰাৰ প্রক্রিয়া আৰম্ভ কৰি দিছে তালিবানে৷ ইতিমধ্যে আন্তজার্তিক সংগঠনসমূহে তালিবানৰ এনে পাশৱিক নীতিৰ বিৰোধিতা কৰিছে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা বাৰে বাৰে তালিবানৰ এনে কার্যক লৈ উদ্বেগ প্রকাশ কৰি থকা হৈছে৷ বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহে তালিবানৰ এনে কার্যক ধিক্কাৰ দি আহিছে৷ কিন্তু তালিবান নিজৰ স্থিতিত অটল হৈ আছে৷ এইবাৰ আফগানিস্তানত গণতন্ত্রৰ ইতি টানিলে তালিবানে৷ ক্ষমতা দখলৰ দুবছৰ পূর্তিৰ পিছতেই দেশখনৰ আইন আৰু বিচাৰ মন্ত্রী আব্দুল হাকিম চাৰেই সংবাদ মেলত ঘোষণা কৰিছে যে শ্বৰিয়ত আইন মানি আফগানিস্তানৰ সকলো ৰাজনৈতিক দলক নিষিদ্ধ কৰা হৈছে৷ অর্থাৎ আফগানিস্তানত এতিয়াৰে পৰা কোনো ৰাজনৈতিক দলৰ অস্তিত্ব নাথাকে৷ অধিকাৰ প্রতিষ্ঠাৰ বাবে কোনেও মাত মাতিব নোৱাৰিব দেশখনত৷ শ্বৰিয়তৰ অজুহাত দেখুৱাই দেশখনত বাক্ স্বাধীনতা সম্পূর্ণৰূপে হৰণ কৰাৰ কৌশল গ্রহণ কৰিলে কুখ্যাত তালিবানে৷ সংবাদ মেলত তালিবানৰ মন্ত্রীগৰাকীয়ে কৈছে যে আফগানিস্তানত ইছলামিক অনুশাসনৰ জৰিয়তে মানুহৰ দৈনন্দিন জীৱন চর্চা নিয়ন্ত্রিত হয়৷ গতিকে ৰাজনৈতিক দলবোৰৰ কোনো স্থান নাই আফগানিস্তানত৷ দেশখনত ৰাজনৈতিক দলৰ উপস্থিতি শ্বৰিয়ত আৰু ৰাষ্ট্রীয় স্বার্থৰ পৰিপন্থী বুলিও তালিবানৰ আইন মন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷
ৰাজনৈতিক দলসমূহক নিষিদ্ধ কৰাৰ লগে লগে আফগানিস্তানৰ ঘটনাক লৈ সৰৱ হৈছে বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহে৷ গণতন্ত্রৰ পক্ষত থকা সামাজিক সংগঠনসমূহেও তালিবানৰ এনে কার্যক গৰিহণা দিছে৷ ৰাজনৈতিক দলসমূহৰ কার্যকলাপক নিষিদ্ধ কৰা মানেই তালিবানৰ আফগানিস্তানত সাধাৰণ জনতাৰ কোনো অধিকাৰ বর্তি নাথাকিল বুলি ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে আক্ষেপ প্রকাশ কৰিছে৷ আমেৰিকা নেতৃত্বাধীন বহুদেশীয় বাহিনীৰ প্রত্যাহাৰৰ মাজতেই ২০২১ চনৰ ১৫ আগষ্টত আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰিছিল তালিবানে৷ পাকিস্তানত প্রশিক্ষণপ্রাপ্ত তালিব বাহিনীৰ দ্বিতীয়বাৰ ক্ষমতা দখলৰ দ্বিতীয় বর্ষপূর্তিৰ পিছদিনাখনেই কাবুলত সংবাদ মেল আয়োজন কৰি দেশখনৰ আইনমন্ত্রীয়ে ৰাজনৈতিক দলসমূহক নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰাৰ লগে লগে আফগানিস্তানত পুনৰ অশান্তি সৃষ্টি হোৱাৰ ইংগিত পোৱা গৈছে৷ এতিয়াৰে পৰা যিকোনো ৰাজনৈতিক দলৰ কাম–কাজ কঠোৰ হাতেৰে নিষিদ্ধ কৰিব তালিবানে৷ বিভিন্ন ক্ষেত্রত আন্দোলন–প্রতিবাদ সংগঠিত হ’লেই তালিবানে তাক দমন কৰাৰ সিদ্ধান্ত ল’লে৷ ইয়াৰ জৰিয়তে তালিবানে এটা কথা স্পষ্ট কৰি দিছে যে গণতান্ত্রিক নীতি–আদর্শক আফগানিস্তানত বর্তি থাকিব দিয়া নহ’ব৷ গণতান্ত্রিক চিন্তা–চেতনাই মানুহক মুক্তিৰ বাবে আলোড়িত কৰিব পাৰে৷ আধুনিক সভ্যতাক আঁকোৱালি লোৱাৰ বাবে গণতান্ত্রিক মতাদর্শই জনসাধাৰণক প্রতিবাদী কৰি তুলিব পাৰে৷ এই সকলোবোৰৰ পৰা নিষ্কণ্টক হ’বলৈ শ্বৰিয়তৰ দোহাই দি ৰাজনৈতিক দলসমূহক নিষিদ্ধ কৰিলে তালিবানে৷ কিন্তু তালিবানৰ এনে কঠোৰ নিষেধাজ্ঞাক আফগানিস্তানৰ জনসাধাৰণে মানি লয় নে নলয়, সেয়া হ’ব লক্ষণীয়৷ কাৰণ দীর্ঘদিন ধৰি যুদ্ধ–সংঘর্ষ আৰু বিক্ষোভ–প্রতিবাদে সাধাৰণ আফগান জনতাক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বাধ্য কৰাব পাৰে৷ পূর্বৰ ইতিহাস বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে আফগানিস্তানৰ জনসাধাৰণে প্রতিবাদ আৰু প্রতিৰোধৰ জৰিয়তে অতি পাশৱিক শক্তিকো মষিমূৰ কৰি আহিছে৷ গতিকে তালিবানে এই কঠোৰ সিদ্ধান্তৰে সাধাৰণ জনতাক বশ কৰাৰ কৌশল গ্রহণ কৰিছে যদিও সেয়া সফল হ’ব বুলি ক’ব নোৱাৰি৷

You might also like