নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুচুৰা বজাৰত ২.৫% দাম বৃদ্ধি

🔹 কেন্দ্রীয় পৰিসংখ্যা–কর্মসূচী ৰূপায়ণ মন্ত্রালয়ৰ তথ্যতে উন্মোচিত বজাৰত জুইৰ দহন
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্ট : সর্বসাধাৰণ জনতাৰ কাৰণে সম্প্রতি মহাআতংকৰ কাৰক হৈ পৰিছে এটা শব্দ– দামবৃদ্ধি৷ অত্যাৱশ্যকীয়–নিত্যব্যৱহাৰ্য সামগ্রী, জীৱনদায়িনী ঔষধ, শিশু খাদ্যকে ধৰি প্রতিবিধ বস্তুৰে দাম নিতৌ হোৰাহোৰে বাঢ়ি গৈ আছে৷ এক কথাত ক’বলৈ গ’লে প্রতিদিনে নিয়ন্ত্রণৰ বাহিৰলৈ যাবলৈ ধৰিছে বজাৰৰ অৱস্থা৷ ইয়াৰ মাজতে খোদ কেন্দ্রীয় পৰিসংখ্যা আৰু কর্মসূচী ৰূপায়ণ মন্ত্রালয়ৰ উদ্বেগজনক তথ্যত স্পষ্ট হ’ল বজাৰৰ জুইকুৰাৰ দহনত খাটিখোৱা জনতা কিদৰে দগ্ধ হৈছে৷ পৰিসংখ্যা আৰু কর্মসূচী ৰূপায়ণ মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় পৰিসংখ্যা কার্যালয়ে শেহতীয়াকৈ প্রকাশ কৰা উপভোক্তা মূল্য সূচাংক (চিপিআই)ৰ প্রতিবেদন অনুসৰি মাত্র এটা মাহৰ ব্যৱধানতে দেশৰ খুচুৰা বজাৰত দামবৃদ্ধিৰ হাৰ একেকোবে বাঢ়িছে ২.৫৭ শতাংশ৷ সংশ্লিষ্ট মহলে খুচুৰা বজাৰত দামবৃদ্ধিৰ হাৰ বাঢ়িব বুলি আশংকা কৰিছিল যদিও ইয়াৰ এক বৃহৎ ব্যৱধান হ’ব বুলি কোনেও ভবা নাছিল৷ তথ্য অনুসৰি, জুলাই মাহত দেশৰ খুচুৰা বজাৰত দামবৃদ্ধিৰ হাৰ হৈছেগৈ ৭.৪৪ শতাংশ ৷ যিটো ইয়াৰ পূর্বৰ জুন মাহত ৪.৮৭ শতাংশ আছিল৷ বিগত ১৫ মাহৰ ভিতৰত দামবৃদ্ধিৰ এই হাৰ সর্বোচ্চ ৰূপে চিহ্ণিত হৈছে৷ কিয়নো বিগত ২০২২ চনৰ এপ্রিল মাহত খুচুৰা বজাৰত দামবৃদ্ধিৰ হাৰ আছিল ৭.৭৯ শতাংশ৷ ইয়াৰ পাছত দামবৃদ্ধিৰ হাৰ ক্রমশঃ হ্রাস পাই আহিছিল৷ কিন্তু চলিত বর্ষৰ জুলাই মাহত কার্যতঃ পুনৰ ২০২২ চনৰ এপ্রিল মাহৰ দৰে অৱস্থা হ’ল৷ খুচুৰা বজাৰত দামবৃদ্ধিৰ হাৰ জড়িত হৈ থাকে মূলতঃ চিপিআইৰ মুদ্রাস্ফীতিৰ সৈতে৷ অর্থাৎ বিগত জুন মাহত চিপিআইৰ মুদ্রাস্ফীতি ৪.৮৭ শতাংশ হোৱাৰ বিপৰীতে জুলাই মাহত হৈছে ৭.৪৪ শতাংশ৷ জুলাই মাহত গ্রামাঞ্চলত এই মুদ্রাস্ফীতিৰ হাৰ ৭.৬৩ শতাংশ হোৱাৰ বিপৰীতে নগৰাঞ্চলত হ’ল ৭.২০ শতাংশ৷ লক্ষণীয়ভাৱে দামবৃদ্ধি তথা চিপিআইৰ মুদ্রাস্ফীতিৰ হাৰৰ সমান্তৰালভাৱে জুলাই মাহত অভাৱনীয়ভাৱে বাঢ়িছে উপভোক্তা খাদ্য মূল্য সূচাংক (চিএফপিআই)ৰ মুদ্রাস্ফীতিও৷ যিটো এক অনাকাংক্ষিত অভিলেখ ৰূপে চিহ্ণিত হৈছে৷ তথ্য অনুসৰি বিগত ২০২০ চনৰ অক্টোবৰ মাহৰ পাছত চলিত বর্ষৰ জুলাই মাহত ১১.৫১ শতাংশ চিএফপিআইৰ মুদ্রাস্ফীতি সর্বোচ্চ৷ গ্রামাঞ্চলৰ ক্ষেত্রত এই হাৰ ১১.০৪ শতাংশ আৰু নগৰাঞ্চলৰ ক্ষেত্রত ১২.৩২ শতাংশ৷ যিটো বিগত জুন মাহত সামগ্রিকভাৱে আছিল মাত্র ৪.৫৫ শতাংশ৷ জুন মাহত গ্রামাঞ্চলত চিএফপিআইৰ মুদ্রাস্ফীতি ৪.৬৭ শতাংশ থকাৰ বিপৰীতে নগৰাঞ্চলত আছিল ৪.৩১ শতাংশ৷ খুচুৰা বজাৰত চিপিআই–চিএফপিআইৰ মুদ্রাস্ফীতি হাৰৰ এটা মাহৰ ভিতৰতে এনে বৃহৎ তফাতৰ মূলতে কেতবোৰ সামগ্রীৰ দাম আকাশলংঘী হোৱাটো৷ বিশেষকৈ শস্যজাতীয় খাদ্য, পাচলি, দাইল, মছলা, কাপোৰ, জোতা–চেণ্ডেল, ঘৰুৱা সামগ্রী–সেৱা, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্রত মুদ্রাস্ফীতি সাংঘাতিক ধৰণে বৃদ্ধি পাইছে৷ অর্থাৎ এনেধৰণৰ সামগ্রী তথা সেৱাসমূহত বাঢ়িছে দৰ৷ তথ্য মতে, চলিত বর্ষৰ জুলাই মাহত চাউলকে ধৰি বিভিন্ন শস্যজাতীয় খাদ্যৰ খুচুৰা বজাৰত মুদ্রাস্ফীতিৰ হাৰ হ’ল ১৩.০৪ শতাংশ৷ যিটো ২০২২ চনৰ জুলাই মাহত ১২.৭১ শতাংশ আছিল৷ পাচলিৰ ক্ষেত্রত অভাৱনীয় ঘটনা ঘটিছে৷ এটা বছৰ পূর্বে মাত্র ০.৯৩ শতাংশ মুদ্রাস্ফীতি থকা পাচলিৰ এই হাৰ যোৱা মাহত হৈছে ৩৭.৩৪ শতাংশ৷ এইক্ষেত্রত উদাহৰণস্বৰূপে বিলাহী–জলকীয়াৰ কথা ক’ব পাৰি৷ বিগত দুটামান মাহত বিলাহীৰ দামে দেশৰ বজাৰত জুই জ্বলাইছে৷ বিভিন্ন স্থানত প্রতি কিলোগ্রাম বিলাহীৰ দৰে ২০০ টকাৰ ঘৰো অতিক্রম কৰিছিল৷ জলকীয়াৰ ক্ষেত্রতো অনুৰূপ অৱস্থা৷ সেইদৰে দাইল আৰু ইয়াৰ পৰা উৎপাদিত সামগ্রী, মছলা, খাদ্য–পানীয়, কাপোৰ, জোতা–চেণ্ডেল, ঘৰুৱা সামগ্রী–সেৱা, স্বাস্থ্য আৰু শিক্ষাৰ যোৱা জুলাই মাহত মুদ্রাস্ফীতিৰ হাৰ আছিল ক্রমে ১৩.২৭ শতাংশ, ২১.৬৩ শতাংশ, ১০.৫৭ শতাংশ, ৫.৬৬ শতাংশ, ৫.৪৯ শতাংশ, ৫.২০ শতাংশ, ৬.১৯ শতাংশ আৰু ৫.৫৪ শতাংশ৷ সেইদৰে দুগ্ধ আৰু দুগ্ধজাত সামগ্রীৰ মুদ্রাস্ফীতিৰ হাৰ জুলাই মাহত হ’ল ৪.৩৪ শতাংশ৷ পূর্বে উল্লেখ কৰি অহা হৈছে যে মুদ্রাস্ফীতিৰ এই হাৰৰ সৈতে বজাৰত সামগ্রীসমূহৰ দামবৃদ্ধিৰ হাৰ তুলনা কৰা হয়৷ ইফালে কেন্দ্রীয় পৰিসংখ্যা আৰু কর্মসূচী ৰূপায়ণ মন্ত্রালয়ৰ তথ্য অনুসৰি অসমৰ খুচুৰা বজাৰত যোৱা জুলাই মাহত সামগ্রিকভাৱে মুদ্রাস্ফীতিৰ হাৰ আছিল ৩.৯১ শতাংশ৷ গুৰুত্বপূর্ণ কথাটো হ’ল ভাৰতীয় ৰিজার্ভ বেংকে দেশৰ খুচুৰা বজাৰত দামবৃদ্ধিৰ হাৰ ৪ শতাংশৰ ভিতৰত বান্ধি ৰখাৰ লক্ষ্য স্থিৰ কৰিছিল৷ কিন্তু জুলাই মাহৰ পৰিসংখ্যা প্রকাশ পোৱাৰ পাছত চলিত বিত্তীয় বর্ষত ৰিজার্ভ বেংকৰ এই লক্ষ্য বাস্তৱায়িত হোৱাটো অসম্ভৱ বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে৷ অকল এয়াই নহয়, সর্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই আগষ্ট মাহতো দামবৃদ্ধিৰ এই হাৰ ঊর্ধ্বমুখী হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে৷ এনে অৱস্থাত সমগ্র বিষয়টোত কেন্দ্রীয় চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

You might also like