চন্দ্রত অৱতৰণৰ চূড়ান্ত যাত্রা আৰম্ভ লেণ্ডাৰ বিক্রমৰ
🔹 চন্দ্রযান–৩ৰ প্রপালচন মডিউলৰ পৰা পৃথক হৈ দিলে বার্তা- থেংছ ফৰ দ্য ৰাইড, মেট
বিশেষ বাৰ্তা, ১৮ আগষ্ট : ‘থেংছ ফৰ দ্য ৰাইড, মেট৷’ মহাকাশত মাহজুৰি একেলগে থকাৰ পাছত চন্দ্রযান–৩ অভিযানৰ প্রপালচন মডিউলৰ পৰা লেণ্ডাৰ বিক্রম আজি পৃথক হোৱাৰ সময়ত ইটোৱে সিটোক এনেদৰে জনালে চিৰবিদায়৷ লেণ্ডাৰ মডিউলে প্রপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হোৱাৰ কিছু ক্ষণ পাছতে চন্দ্রৰ নিম্ন কক্ষপথলৈ যাত্রা আৰম্ভ কৰে আৰু এই যাত্রাই চূড়ান্ত ৰূপত জোনবাইৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস গঢ়িব৷ প্রায় ৬ দিন ধৰি চন্দ্রৰ নিম্ন কক্ষপথত পৰিভ্রমণ কৰি থাকি ২৩ আগষ্টৰ বিয়লি ৫.৪৭ বজাত লেণ্ডাৰ বিক্রম চন্দ্রপৃষ্ঠত অৱতৰণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই যোৱা ১৪ জুলাইত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রৰ পৰা চন্দ্রযান–৩ অভিযান আৰম্ভ কৰি নির্ধাৰিত সময়সূচী মতে ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণৰ লক্ষ্য ৰাখিছে৷ সেইমর্মে ১৪ জুলাইৰ পৰা চন্দ্রযান–৩য়ে পৃথিৱীৰ কক্ষপথত প্রায় ২০ দিন পৰিভ্রমণ কৰি সুকলমে চন্দ্রৰ কক্ষপথত ৫ আগষ্টত প্রৱেশ কৰে৷ জোনবাইৰ কক্ষপথত প্রৱেশ কৰিয়েই চন্দ্রযান–৩য়ে জোনবাইৰ পৃষ্ঠৰ নান্দনিক অভিনৱ আলোকচিত্র আৰু ভিডিঅ’ প্রেৰণ কৰে৷ পর্যায়ক্রমে জোনবাইৰ কক্ষপথত পৰিভ্রমণ কৰি থাকি ১৪ আৰু ১৬ আগষ্টত জটিল পৰিক্রমা সুকলমে সমাপন কৰে৷ ১৬ আগষ্টত চন্দ্রৰ কক্ষপথত পঞ্চম তথা অন্তিমটো কক্ষপথৰ পৰিভ্রমণৰ বৃত্ত হ্রাস কৰাৰ পাছত কালি লেণ্ডাৰ বিক্রম কঢ়িয়াই নিয়া প্রপালচন মডিউলৰ পৰা চন্দ্রপৃষ্ঠত অৱতৰণগামী লেণ্ডাৰ বিক্রম পৃথক হয়৷ লেণ্ডাৰ বিক্রমে চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণৰ অন্তিম যাত্রা আৰম্ভ কৰাৰ পূর্বেই চন্দ্রৰ কক্ষপথত পৰিভ্রমণ আৰম্ভ কৰে প্রপালচন মডিউলে৷ এই প্রপালচন মডিউল মাহ–বছৰ ধৰি চন্দ্রৰ কক্ষপথত পৰিভ্রমণ কৰি থাকিব৷ ইপিনে, ২৩ আগষ্টত নির্ধাৰিত সময়সূচী মতে লেণ্ডাৰ বিক্রমে চন্দ্রপৃষ্ঠত অৱতৰণ কৰিলেই মহাকাশ অভিযানত ইছৰ’ই ইতিহাস গঢ়িব৷ বিক্রমে চন্দ্রপৃষ্ঠত অৱতৰণ কৰাৰ পাছতে ৰ’ভাৰ প্রজ্ঞানে চন্দ্রপৃষ্ঠত অৱতৰণ কৰিব আৰু ই পৰিকল্পনা অনুযায়ী চন্দ্রপৃষ্ঠত তথ্য সংগ্রহৰ অভিযান চলাব৷ উল্লেখ্য যে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত যান অৱতৰণ কৰোৱাটো অতিকৈ প্রত্যাহ্বানমূলক যদিও ভাৰতে এই অভিযানতে গুৰুত্ব দিছে৷ চন্দ্রযান–২ অভিযানৰ লেণ্ডাৰ বিক্রম অৱতৰণৰ কেইছেকেণ্ডমান পূর্বে বিক্রমৰে যোগাযোগ ইছৰ’ৰ সৈতে বিচ্ছিন্ন হয় আৰু এই অভিযান বিফল হৈ পৰে৷ চন্দ্রযান–২ অভিযানত লেণ্ডাৰ অৱতৰণৰ বাবে ৫০০ বর্গমিটাৰ অঞ্চল লক্ষ্য কৰি লোৱা হৈছিল৷ কিন্তু চন্দ্রযান–৩ অভিযানত লেণ্ডাৰ অৱতৰণ কৰাৰ বাবে চন্দ্রপৃষ্ঠৰ ৪ কিলোমিটাৰ× ২.৪ কিলোমিটাৰ অঞ্চল নির্ধাৰিত কৰি লৈছে৷ ইপিনে, ৰাছিয়াৰ লুনা–২৫ৰ লেণ্ডাৰে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত অৱতৰণৰ দিশে আগবাঢ়িছে৷ ৰাছিয়াৰ লুনা–২৫ ভাৰতৰ চন্দ্রযান–৩ অভিযানৰ বাবে এক প্রত্যাহ্বান হৈ উঠিছে৷ কিয়নো ৰাছিয়াই ভাৰততকৈ দুদিন পূর্বে চন্দ্রপৃষ্ঠত অৱতৰণৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ লুনা–২৫ৰ লেণ্ডাৰ ২১–২২ আগষ্টৰ ভিতৰত অৱতৰণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ আনপিনে চন্দ্রযান–৩ৰ লেণ্ডাৰ ২৩–২৪ আগষ্টত অৱতৰণৰ লক্ষ্য আছে৷ এনে ক্ষেত্রত চন্দ্রযান–৩ৰ লেণ্ডাৰতকৈ লুনা–২৫ৰ লেণ্ডাৰ আগতেই চন্দ্রপৃষ্ঠত অৱতৰণ কৰিলে ইছৰ’ৰ বাবে ই হ’ব এক দুখজনক খবৰ৷ কিয়নো বিশ্বৰ প্রথমখন দেশ হিচাপে ভাৰতৰ ইছৰ’ই চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱাৰ অভিযান চলাই আহিছে৷