দৃষ্টিনন্দনভাৱে ভ্রমি ফুৰা হাঁহবোৰ
- ড০ লতিকা ডেকা
হাঁহ আমি সকলোৱে সততে দেখি থকা এবিধ ঘৰচীয়া চৰাই৷ অসমৰ গ্রাম্য সমাজ জীৱনত প্রায়বোৰ পৰিয়ালতে হাঁহ বিৰাজমান৷ হাঁহ পুহি বহু পৰিয়াল পোহ যোৱাৰ উদাহৰণ আছে৷ প্রকৃতার্থত ঘৰচীয়া আৰু বনৰীয়া দুই প্রকাৰৰ হাঁহ পোৱা যায়৷ হাঁহে সাধাৰণতে পানীত সাঁতুৰিবলৈ ভাল পায়৷ জল, স্থল আৰু বায়ুৰ মাজেৰে আহ–যাহ কৰি ই দৈনন্দিন কার্য সমাপন কৰে৷ মাটিত খোজকাঢ়ি ফুৰাৰ উপৰি ই পানীত ডুব মাৰি তলে তলে ঘূৰি ফুৰে খাদ্যৰ সন্ধানত৷ মাইকী হাঁহে এটা মাহত ১৫/১৬টা মান কণী দিয়ে আৰু কণীত উম দি পোৱালি জগায়৷ সাধাৰণতে পোৱালিবোৰে মাইকী হাঁহজনীৰ পিছে পিছে দৌৰা–দৌৰি কৰি জাক পাতি ঘূৰি ফুৰে৷ হাঁহৰ প্রজাতি কেইবাপ্রকাৰৰো আছে৷ ৰাজহাঁহ, পাতিহাঁহ, চীনাহাঁহ, কেৰেচীয়া হাঁহ, দেওহাঁহ ইত্যাদি৷ বগা, ক’লা, পখৰা, মটিয়া আদি নানা ৰং–বিৰঙৰ হাঁহ দেখিবলৈ পোৱা যায়৷ ইহঁতে ধান, মাহ, শামুক, পোক, মাছ আদি খাই জীয়াই থাকে৷ ঘৰচীয়া হাঁহৰ বাহিৰেও অসমৰ হাবিত নানা ধৰণৰ বনৰীয়া হাঁহো দেখা যায়৷ শীতৰ আগমনৰ লগে লগে অর্থাৎ অক্টোবৰ মাহৰ পৰা এপ্রিল মাহ মানলৈ বিভিন্ন জাতৰ বনৰীয়া হাঁহ মানাহ, কাজিৰঙাৰ হাবিৰ জলাশয়বোৰত আৰু ব্রহ্মপুত্র নদী, দীপৰ বিলৰ উপৰি বিভিন্ন বিল, হ্রদ, পুখুৰী, খাল আদি আওহতীয়া জলাশয়বোৰত আহি আশ্রয় লয়হি৷ পৰিভ্রমী হাঁহবোৰৰ মূল ঠাই হ’ল কাশ্মীৰ আৰু লাডাখ অঞ্চলৰ হ্রদবোৰ৷ কচুহাঁহ, ঘিলাহাঁহ, পানীহাঁহ, দেওহাঁহ, শৰালি, চাকে–চকোৱা, ধৃতৰাজ আদি আটাইবোৰ হাঁহৰ গঠন অনন্য, আটকধুনীয়া৷ চৰাই বা হাঁহে সাধাৰণতে ৰাতি যোৰ হিচাপে থাকে, কিন্তু চাকৈ–চকোৱাৰ মতাটো বিল বা নৈৰ ইপাৰে আৰু মাইকীজনী সিপাৰে থাকে৷ ৰাতি ইটোৱে সিটোক কৰুণ সুৰেৰে মাতি থাকে, ৰাতি পুৱালেহে আকৌ লগ লাগে৷ উল্লেখ্য যে বনৰীয়া হাঁহৰ গাৰ তুলনাত ডেউকা দুখন ডাঙৰ৷ সেইকাৰণে সিহঁতে আকাশত তীব্র বেগেৰে উৰিব পাৰে৷ অসমত সকলো ধৰণৰ হাঁহৰ ভিতৰত দেওহাঁহ লেখত ল’বলগীয়া কিয়নো আটাইবোৰ হাঁহৰ ভিতৰত দেওহাঁহ হ’ল আপুৰুগীয়া চৰাই৷ এইবিধ চৰাইৰ সংখ্যা এটা সময়ত একেবাৰে কমি আহিছিল আৰু দুই–এবছৰতে হয়তো লুপ্ত হ’লহেঁতেন৷ প্রকৃতিপ্রেমী মেকেজী চাহাবৰ তৎপৰতাত ডুমডুমাৰ আশে–পাশে থকা অৰণ্য ভূমিবোৰত ১৯৬৮–৬৯ চনৰ ভিতৰত কেইটামান দেওহাঁহ ধৰা হ’ল আৰু তাৰে বাৰটা হাঁহ ‘শিল্পব্রিজ’ত থকা ‘বিশ্ব বনৰীয়া চৰাই সংৰক্ষণ অনুষ্ঠান’লৈ সংৰক্ষণৰ বাবে পঠোৱা হ’ল৷ গুৱাহাটী চিৰিয়াখানাতো দেওহাঁহৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ এই দুটা অনুষ্ঠানৰ আশাসুধীয়া যত্নত এই চৰাইবিধ নিঃশ্চিহ্ণ হোৱাৰ পৰা ৰক্ষা পৰে৷ দেওহাঁহৰ মূৰ আৰু ডিঙিৰ পাখিৰ বৰণ বগা চানেকীয়া৷ মাজে মাজে ক’লা বৰণৰ ফুটুকা–ফুটুকী চিন আছে৷ বুকুখনৰ বৰণ ক’লা, পাখিবোৰৰ মূৰত সেউজীয়া ৰঙৰ আৰু মদৰুৱা ক’লা বৰণৰ দীঘলীয়া আঁচ আছে৷ বুকুৰ তল ভাগ আৰু তলপেটৰ বৰণ ৰঙা চানেকীয়া মুগা আৰু গাৰ দুয়োকাষৰ পাখিবোৰৰ বৰণো তেনেকুৱা৷ ভৰিৰ পৰা আৰম্ভ কৰি ভৰিৰ পতালৈকে হালধীয়া কমলা ৰঙৰ ঠোঁটটোত ক’লা চানেকীয়া মুগা বৰণৰ ফুটুকা–ফুটুকী চিন সামান্যভাৱে আছে৷ চকুকেইটা ডাঙৰ ডাঙৰ ৰঙচুৱা ৰঙৰ৷ ডেউকা দুখনৰ দুয়োকাষে থকা দীঘল পাখিবোৰ বগলীৰ পাখিৰ দৰে শুকুলা৷ দেওহাঁহে গছত বাহ লয়, কণী পাৰে আৰু মানুহ–দুনুহ দেখা পালেই সাউৎকৈ উৰি নেদেখা হয়৷ দেওহাঁহেই একমাত্র হাঁহজাতীয় চৰাই, যাৰ গছৰ লগত সম্বন্ধ আছে৷ ইহঁতক নিশাচৰ প্রাণী বুলি ক’ব পাৰি৷ ওৰে নিশা পানীত সাঁতুৰি–নাদুৰি দিনৰ বেলিকা গছৰ ওপৰত উঠি থাকে৷ দেওহাঁহে গছৰ ধোন্দত নাইবা আন চৰায়ে এৰি থৈ যোৱা গছৰ খোৰোঙতে বাহ সাজি লয়৷ ইহঁতে পানীৰ কাষতেই থকা গছ আদিতহে বাহ বান্ধে যদিও কেতিয়াবা আকৌ সুবিধাজনক ঠাই বিচাৰি পানীৰ পৰা কিছু দূৰৈতো বাহ সাজি থাকে৷ পাঁচ ফুটৰ পৰা পঞ্চাশ ফুটমান ওখলৈকে দেওহাঁহৰ বাসস্থানবোৰ দেখা যায়৷