নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : গণবিধ্বংসী ক্লাষ্টাৰ বোমা

ৰাছিয়াৰ বিৰুদ্ধে এইবাৰ ইউক্রেইনে যুদ্ধত ব্যৱহাৰ কৰিছে গণবিধ্বংসী ‘ক্লাষ্টাৰ বোমা’৷ ইৰাকৰ বিৰুদ্ধে আমেৰিকাই এই ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰাক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷ আমেৰিকাৰ ক্লাষ্টাৰ আৰু ইউৰেনিয়াম ডিপ্লেটেড বোমা ব্যৱহাৰৰ বিৰুদ্ধে পৃথিৱীৰ দেশে দেশে প্রতিবাদ হৈছিল৷ এই ক্লাষ্টাৰ বোমাৰ বিৰুদ্ধে সৰৱ হৈছিল বিশ্বৰ শতাধিক দেশ৷ আনকি ক্লাষ্টাৰ বোমাৰ গণবিধ্বংসী ৰূপটোৰ বাবে ইয়াক নিষিদ্ধ কৰি থৈছে ১২০খন দেশে৷ এটা বোমাৰ পৰা কেইবাটাও বিস্ফোৰণৰ সৃষ্টি কৰি বৃহৎ অঞ্চল এটাক নিমিষতে ধ্বংসমুখত পেলাব পাৰে এই ক্লাষ্টাৰ বোমাই৷ গতিকে এই যুদ্ধাস্ত্র যুদ্ধত ব্যৱহাৰ কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল বিভিন্ন দেশে৷ কিন্তু ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইনক বিভিন্ন সমৰাস্ত্রৰ লগতে ক্লাষ্টাৰ বোমাও ব্যৱহাৰ কৰাৰ সুযোগ দিছে আমেৰিকাই৷ ইউক্রেইনে ইতিমধ্যে পাশ্চাত্যৰ বিভিন্ন দেশৰ পৰা অত্যাধুনিক মাৰণাস্ত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাছিয়াৰ বিৰুদ্ধে প্রতিৰোধী যুদ্ধত এতিয়া এই অস্ত্র ব্যৱহাৰ কৰিছে ইউক্রেইনৰ সেনাই৷ শেহতীয়াকৈ ইউক্রেইন সীমান্তৱর্তী ৰাছিয়াৰ ব্রায়ানস্ক অঞ্চলত ইউক্রেইনী সেনাই ব্যৱহাৰ কৰিছে ক্লাষ্টাৰ বোমা৷ ব্রায়ানস্কৰ গৱর্নৰ আলেকজেণ্ডাৰ বোগোমাজে অভিযোগ কৰা অনুসৰি এই বোমা ব্যৱহাৰৰ ফলত অঞ্চলটোত বহু বাসগৃহ বিধ্বস্ত হৈছিল৷ অৱশ্যে কোনো লোক হতাহত হৈছে নে নাই সেই তথ্য সদৰী কৰা নাই গৱর্নৰগৰাকীয়ে৷ কিন্তু ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন সংগঠন সৰৱ হৈ পৰিছে৷ ৰাছিয়াৰ অভ্যন্তৰত সামাজিক তথা মানৱ অধিকাৰ সংগঠনসমূহে ইউক্রেইনৰ এই ক্লাষ্টাৰ বোমা প্রয়োগৰ বিষয়টোক গৰিহণা দিয়াৰ উপৰি ৰাছিয়া–ইউক্রেইন যুদ্ধক অধিক ভয়াৱহ কৰি তোলা বুলি আমেৰিকাক দোষাৰোপ কৰিছে৷

যুদ্ধ মানেই ধ্বংস, যুদ্ধ মানেই অবাধ ৰক্তপাত৷ যুদ্ধ মানেই শৰণার্থী সংকট, যুদ্ধ মানেই দুর্ভিক্ষ৷ তথাপি বিশ্বৰ প্রান্তে প্রান্তে চলি আছে যুদ্ধ আৰু সংঘর্ষ৷ সম্পদ লুণ্ঠনৰ বাবে এই যুদ্ধ চলি আছে বিভিন্ন পক্ষৰ মাজত৷ ৰাছিয়া আৰু ইউক্রেইন যুদ্ধৰ অন্তৰালতো নিহিত হৈ আছে সম্পদৰ সাম্রাজ্য দখলৰ অভিপ্রায়৷ কিন্তু গণবিধ্বংসী ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰাৰ লগে লগে যুদ্ধবাজ ৰাছিয়ায়ো এই ঘটনাৰ বিৰোধিতা কৰিছে৷ যুদ্ধবিমান আৰু স্থলভূমিৰ পৰা বিস্ফোৰণ ঘটোৱা হয় ক্লাষ্টাৰ বোমাৰ৷ একোটা অঞ্চলক লক্ষ্য কৰি এই বোমা বর্ষণ কৰা হয়৷ ইয়াৰ ধ্বংসলীলা ভয়াৱহ বুলি বিশেষজ্ঞসকলে ঘোষণা কৰি আহিছে৷ ইৰাকত এই ক্লাষ্টাৰ বোমা ব্যৱহাৰৰ ফলত বহু সুউচ্চ ইমাৰত নিমিষতে ধূলিত পৰিণত হৈছিল৷ আফগানিস্তানৰ দুর্গম পার্বত্য অঞ্চলতো ব্যৱহাৰ কৰা হৈছিল এই বোমা৷ আমেৰিকাই একপক্ষীয় সিদ্ধান্ত লৈ এই গণবিধ্বংসী অস্ত্র ইৰাকত ব্যৱহাৰ কৰাৰ ফলত বহু নিৰীহ লোকৰ প্রাণহানি হৈছিল৷ অৱশ্যে হোৱাইট হাউছ প্রশাসনে আজিলৈকে সেই কথা স্বীকাৰ কৰা নাই৷ মধ্যপ্রাচ্যৰ দেশসমূহত আমেৰিকাই এই গণবিধ্বংসী ক্লাষ্টাৰ বোমা ব্যৱহাৰৰ বাবে আজিও সাজু হৈ আছে৷ কিন্তু আমেৰিকাৰ অভ্যন্তৰতে যুদ্ধত ক্লাষ্টাৰ বোমা ব্যৱহাৰৰ বিষয়টোক লৈ সৃষ্টি হৈছে মতানৈক্য৷ হোৱাইট হাউছ প্রশাসনে ইউক্রেইনক এই গণবিধ্বংসী অস্ত্র দিয়াৰ ফলত শাসকীয় ডেমক্রেটিক পার্টীৰ অভ্যন্তৰতে সৃষ্টি হৈছে মতানৈক্য৷ আমেৰিকাত বাইডেন প্রশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদী সমদল উলিয়াইছে মানৱ অধিকাৰ সংগঠনসমূহে৷ ইউৰোপৰ কেইখনমান মিত্র দেশেও আমেৰিকাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে৷ ইফালে এনে গণবিধ্বংসী অস্ত্র ইউক্রেইনৰ হাতত তুলি দি আমেৰিকাই প্রত্যক্ষভাৱে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত অংশগ্রহণ কৰা বুলি মস্কো প্রশাসনে অভিযোগ কৰিছে৷ চিন্তনীয় বিষয়টো হৈছে ইউক্রেইনৰ এই ক্লাষ্টাৰ বোমা ব্যৱহাৰৰ প্রতিশোধ হিচাপে যদি ৰাছিয়াই গণবিধ্বংসী পাৰমাণৱিক অস্ত্র যুদ্ধত ব্যৱহাৰ কৰে, তেন্তে অকল্পনীয় বিনাশ কঢ়িয়াই আনিব ৰুছ–ইউক্রেইন যুদ্ধই৷

You might also like