নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক দলৰ পুঁজি

প্রভাৱশালী ৰাজনৈতিক দলসমূহৰ সদিচ্ছা অবিহনে দেশত স্বচ্ছ আৰু নিকা নির্বাচন সম্ভৱ নহয়৷ বিশ্বৰ সর্বাধিক জনসংখ্যাৰ আমাৰ দেশখনক সর্ববৃহৎ গণতান্ত্রিক দেশৰূপে গণ্য কৰা হয় যদিও দেশৰ নির্বাচনী প্রক্রিয়া এতিয়াও সম্পূর্ণ স্বচ্ছ আৰু নিকা হৈ উঠা বুলি কোনো বিবেকৱান লোকে বিশ্বাস নকৰে৷ দেশৰ নির্বাচনী প্রক্রিয়া স্বচ্ছ আৰু নিকা ৰূপে সম্পন্ন কৰিবলৈ বিগত প্রায় তিনি দশক ধৰি নির্বাচন আয়োগে এলানি বিশেষ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ দেশৰ সংবিধানৰ পঞ্চাদশ অধ্যায়ত ৩২৪ অনুচ্ছেদৰ পৰা ৩২৯ অনুচ্ছেদলৈ দেশৰ নির্বাচনী প্রক্রিয়াৰ সম্পাদনৰ ব্যাখ্যা আগবঢ়োৱা হৈছে৷ সংবিধানৰ এই ছটা অনুচ্ছেদ আৰু ১৯৫১ৰ জনপ্রতিনিধিত্ব আইনৰ অধীনত দেশৰ নির্বাচন আয়োগে এইক্ষেত্রত স্বতন্ত্রৰীয় পদক্ষেপ গ্রহণ কৰি আহিছে৷ স্বচ্ছ আৰু নিকা নির্বাচনৰ স্বার্থত নির্বাচন আয়োগে যিমানেই কঠোৰ পদক্ষেপ গ্রহণ নকৰক কিয়, প্রভাৱশালী ৰাজনৈতিক দল আৰু নেতাসকলে সমগ্র প্রক্রিয়াটোকে ব্যাহত কৰাৰ চক্রান্ত চলাই আহিছে৷ প্রতিটো নির্বাচনত এটি ৰাজনৈতিক দল অথবা প্রার্থীয়ে কিমান ধন ব্যয় কৰিব, তাৰ নির্ধাৰণ কৰে নির্বাচন আয়োগে৷ এইক্ষেত্রত পর্যবেক্ষকৰ জৰিয়তে হিচাপ পৰীক্ষাকে ধৰি অন্যান্য বিষয়সমূহ পৰীক্ষা কৰা হয়৷ কিন্তু নির্বাচন আয়োগে নির্ধাৰণ কৰা পুঁজিৰ তুলনাত কেইবাগুণো অধিক পুঁজি অধিকাংশ ৰাজনৈতিক দল আৰু প্রার্থীয়ে ব্যৱহাৰ কৰে৷ এই পুঁজি ব্যৱহাৰৰ অন্তৰালত যে সাধাৰণ ভোটদাতাক আকৃষ্ট কৰাই মূল লক্ষ্য সেয়া স্পষ্ট৷ এনে ব্যৱস্থাৰ জৰিয়তে আমাৰ দেশে উপযুক্ত জনপ্রতিনিধি নিৰ্বাচন তথা শক্তিশালী গণতন্ত্র প্রতিষ্ঠা কৰিব নোৱাৰে৷ দেশৰ নির্বাচন প্রক্রিয়াক অধিক স্বচ্ছ কৰাৰ লক্ষ্যৰে নির্বাচন আয়োগে ৰাজনৈতিক দলসমূহক আয়ৰ উৎস স্পষ্ট কৰিবলৈ বছৰ বছৰ ধৰি নির্দেশনা জাৰি কৰি আহিছে যদিও এইক্ষেত্রত অধিকাংশ ৰাজনৈতিক দলে সহযোগ কৰা নাই৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত কেন্দ্রীয় চৰকাৰে উত্থাপন কৰা তথ্য অনুসৰি ৰাজনৈতিক দলসমূহে আহৰণ কৰা ৬৯ শতাংশ পুঁজিৰ উৎস অজ্ঞাত৷ এছ’চিয়চন ফৰ ডেমক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংস্থাটোৰ প্রতিবেদনৰ আধাৰত ছলিচিটৰ জেনেৰেলে সর্বোচ্চ ন্যায়ালয়ে উত্থাপন কৰা তথ্য নিশ্চিতভাৱে দেশৰ গণতন্ত্রৰ বাবে এক উদ্বেগজনক বিষয়৷ এয়া দেশৰ স্বচ্ছ আৰু নিকা নির্বাচন প্রক্রিয়াৰ বাবেও প্রত্যাহ্বানজনক৷ এই কথা সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অনুধাৱন কৰিছে৷ ৩০ ছেপ্টেম্বৰ পর্যন্ত ৰাজনৈতিক দলসমূহে আহৰণ কৰা পুঁজিৰ বিতং তথ্য দাখিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিছে সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে৷
নির্বাচনত ধনবল আৰু বাহুবলৰ প্রভাৱ নতুন কথা নহয়৷ এনে ব্যৱস্থাৰ বাবে নির্বাচনত প্রভাৱশালী দলকেইটাই ক্ষমতা লাভৰ সুযোগ লাভ কৰে৷ ইয়াৰ লগে লগে নির্বাচনত অজ্ঞাত উৎসৰ পৰা আহৰণ কৰা পুঁজি তথা ক’লা ধনৰ ব্যৱহাৰ বৃদ্ধিৰ ফলত দেশৰ ৰাজনীতিত অপৰাধীৰ ৰাজত্ব বাঢ়িছে৷ বিভিন্ন গুৰুতৰ অপৰাধত অভিযুক্ত বিত্তৱান লোকসকলে প্রভাৱশালী ৰাজনৈতিক দলৰ প্রার্থিত্ব লাভ কৰি লোকসভা আৰু বিধানসভাৰ মজিয়াত বহাৰ সুযোগ পাইছে৷ এনে অশুভ পন্থাৰ বাবে সমাজৰ প্রতি দায়বদ্ধতা প্রদর্শন কৰা একাংশ লোকে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি নাহে৷ এনে ব্যৱস্থা দেশৰ গণতন্ত্রৰ বাবে অশুভ৷ দেশৰ নির্বাচন প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ হ’লে প্রথমে ৰাজনৈতিক দলসমূহে সদিচ্ছা প্রদর্শন কৰিব লাগিব৷ দ্বিতীয়তে সুস্থ গণতন্ত্রত বিশ্বাসী ভোটদাতা তথা নাগৰিক সমাজে সক্রিয় ভূমিকা গ্রহণ কৰিব লাগিব৷ ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নির্বাচনী প্রক্রিয়া আৰম্ভ হৈছে৷ ইয়াৰ ভিতৰত আমাৰ চুবুৰীয়া মিজোৰামো আছে৷ অসমকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত মিজোৰামৰ নাগৰিক সমাজ অধিক সজাগ আৰু সচেতন৷ স্বচ্ছ আৰু নিকা নির্বাচনৰ ক্ষেত্রত মিজোৰামৰ নাগৰিক সমাজে গ্রহণ কৰা ভূমিকা সমগ্র দেশৰ বাবে এক আদর্শ হৈ উঠা উচিত৷ মিজোৰাম বিধানসভা নির্বাচনত প্রভাৱশালী দল তথা প্রার্থীসকলে ইচ্ছা অনুসৰি নির্বাচনী কার্যালয় অথবা হ’র্ডিং, কাটআউটকে ধৰি নির্বাচনী প্রচাৰ চলাব নোৱাৰে৷ প্রতিটো সমষ্টিত কিমানটা নির্বাচনী কার্যালয় স্থাপন কৰা হ’ব, কার্যালয়সমূহৰ আকাৰ কিমান হ’ব, প্রার্থীসকলে কিমানখন প’ষ্টাৰ, বেনাৰ লগাব পাৰিব, প’ষ্টাৰ, বেনাৰসমূহৰ আকাৰ কিমান হ’ব, সেয়াও নির্ধাৰণ কৰে নাগৰিক সমাজে৷ ভোট লাভৰ অংকত মিজোৰামত ক’লা ধনৰ ব্যৱহাৰ নাইকিয়া কৰাৰ ক্ষেত্রত মিজোৰামৰ নাগৰিক সমাজে অন্যান্য দৃষ্টান্ত দাঙি ধৰিছে৷ নির্বাচন আয়োগৰ তুলনাত মিজোৰামৰ নাগৰিক সমাজহে অধিক সক্রিয়৷ ফলত মিজোৰামত স্বচ্ছ আৰু নিকা নির্বাচন সমাপনৰ ক্ষেত্রত নির্বাচন আয়োগৰ দায়িত্ব বহু পৰিমাণে হ্রাস হৈছে৷ মিজোৰামৰ লেখীয়া দেশৰ অন্যান্য ৰাজ্যতো নাগৰিক সমাজ অধিক সক্রিয় হ’লে দেশৰ নির্বাচনী প্রক্রিয়া স্বচ্ছ আৰু নিকা হৈ উঠাটো নিশ্চিত হ’ব৷ আমাৰ প্রভাৱশালী ৰাজনৈতিক দল তথা বিত্তৱান প্রার্থীসকলে ক’লা ধনৰ জৰিয়তে নির্বাচন জিকাৰ সহজ পন্থা গ্রহণ কৰি আহিছে৷ ইয়াৰ সুযোগ লৈছে একাংশ অভাৱগ্রস্ত লোক তথা সুবিধাবাদীয়ে৷ ক’লা ধনৰ বাবে নির্বাচনত অপৰাধী চক্রও জড়িত হৈছে৷ ফলত নির্বাচনৰ সময়ত হিংসা–প্রতিহিংসাৰ ঘটনা বাঢ়িছে৷ নাগৰিক সমাজৰ সক্রিয়তাই এনে অশুভ পৰম্পৰাৰ অৱসান ঘটাব পাৰে৷

You might also like