নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ–বিধায়কৰ ক্রিমিনেল কেছৰ শুনানি বিশেষ বেঞ্চত

🔹 দ্রুত নিষ্পত্তিৰ হকে সকলো হাইক’ৰ্টক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ নৱেম্বৰ : সাংসদ–বিধায়কসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা ফৌজদাৰী (অপৰাধমূলক) গোচৰৰ শুনানি হ’ব উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠত৷ এনে বিশেষ বিচাৰপীঠ গঠন কৰিবলৈ দেশৰ প্রতিখন উচ্চ ন্যায়ালয়ক নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ প্রধানতঃ জনপ্রতিনিধিৰ বিৰুদ্ধে বিচাৰাধীন ফৌজদাৰী গোচৰৰ দ্রুত নিষ্পত্তিৰ বাবেই উচ্চতম ন্যায়ালয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ উল্লেখ্য যে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত নেতাসকলক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত আজীৱন নিষেধাজ্ঞা আৰোপৰ আর্জিৰে বিগত ২০১৬ চনতে অশ্বিনী কুমাৰ উপাধ্যায় নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত ৬৯৯/২০১৬ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিল৷ দীর্ঘ ৭ বছৰ ধৰি গোচৰটোৰ শুনানি গ্রহণৰ অন্তত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্রৰে গঠিত তিনিজনীয়া খণ্ড বিচাৰপীঠে কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷ নির্দেশনা অনুসৰি সাংসদ–বিধায়কসকলৰ বিৰুদ্ধে বিচাৰাধীন ফৌজদাৰী গোচৰৰ দ্রুত নিষ্পত্তিৰ ওপৰত নজৰ ৰাখিবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে ‘সাংসদ–বিধায়কৰ বাবে পুনৰ নির্ধাৰিত আদালত’ শীর্ষক এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিব৷ পঞ্জীভুক্ত নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰিব পাৰিব মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিশেষ বিচাৰপীঠ বা তেওঁৰ দ্বাৰা মনোনীত জ্যেষ্ঠ বিচাৰপতিয়ে নেতৃত্ব দিয়া বিচাৰপীঠে৷ সেইদৰে নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰা বিশেষ বিচাৰপীঠে প্রয়োজন অনুভৱ কৰিলে নিয়মীয়াকৈ ইয়াৰ তালিকাভুক্ত কৰিব পাৰিব৷ উচ্চ ন্যায়ালয়ে গোচৰসমূহৰ ক্ষিপ্র আৰু ফলপ্রসূ নিষ্পত্তিৰ হকে প্রয়োজনীয় আদেশ–নির্দেশনা জাৰি কৰিব পাৰে৷ আদালতক সহায় কৰিবলৈ মহাধিবক্তা বা চৰকাৰী অধিবক্তাক তলব কৰিব পাৰিব বিশেষ বিচাৰপীঠে৷ এনেধৰণৰ বিষয়বস্তুৰ গোচৰসমূহ আবণ্টন দিয়াৰ দায়িত্ব উচ্চ ন্যায়ালয়ে এজন প্রধান জিলা আৰু সত্র ন্যায়াধীশৰ ওপৰত ন্যস্ত আৰু সময়ৰ ব্যৱধানত সংশ্লিষ্ট ন্যায়াধীশজনৰ পৰা প্রতিবেদন বিচাৰিব পাৰিব৷ বিশেষ বিচাৰপীঠখনে কোনবোৰ বিষয়ত অগ্রাধিকাৰ দিব, সেয়াও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ বিষয়সমূহ হ’ল– সাংসদ–বিধায়কৰ বিৰুদ্ধে থকা মৃত্যু বা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিযোগ্য গোচৰ, ৫ বছৰ বা ততোধিক সময়ৰ কাৰাদণ্ডৰ শাস্তিযোগ্য গোচৰ আৰু অন্যান্য গোচৰ৷ একান্তই এৰাব নোৱাৰা আৰু বিৰল কাৰণত বাদে বিশেষ বিচাৰপীঠে এনে গোচৰসমূহৰ বিচাৰ প্রক্রিয়া স্থগিত ৰাখিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নির্দেশনাত উল্লেখ কৰা হৈছে৷ তদুপৰি প্রধান জিলা আৰু সত্র ন্যায়াধীশে পুনৰ নির্ধাৰিত আদালতৰ বাবে পর্যাপ্ত আন্তঃগাঁথনিৰ সুবিধা নিশ্চিত কৰিব৷ উচ্চ ন্যায়ালয়ে নিজৰ ৱেবছাইটত এটা স্বতন্ত্র ‘টেব’ সংযোজন কৰিব, য’ত থাকিব গোচৰ দাখিল কৰা বছৰৰ সবিশেষ, বিচাৰাধীন গোচৰৰ সংখ্যা আৰু কার্যবিধিৰ পর্যায় সন্দর্ভত জিলাভিত্তিক তথ্য৷ গোচৰসমূহ নিৰীক্ষণ কৰাৰ সময়ত বিশেষ বিচাৰপীঠে ক্ষিপ্র নিষ্পত্তিৰ ক্ষেত্রত প্রয়োজনীয় আদেশ বা নির্দেশনা প্রদান কৰিব পাৰিব বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ লক্ষণীয়ভাৱে উক্ত নির্দেশনাসমূহৰ জৰিয়তে অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰা লেখ আবেদনখনৰ প্রথমটো প্রার্থনা কার্যতঃ নিষ্পত্তি কৰিলে৷ এতিয়া আন আর্জিসমূহ বাকী আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি– ১৯৫১ চনৰ জনপ্রতিনিধি আইনৰ ৮(৩) নং ধাৰাত উল্লেখ কৰা হৈছে যে ফৌজদাৰী গোচৰত দোষী সাব্যস্তই দুবছৰৰো অধিক কাৰাদণ্ড পালে, ৰায়দানৰ দিনাৰ পৰাই জনপ্রতিনিধি হোৱাৰ অধিকাৰ হেৰুৱাব আৰু মুক্তিৰ পৰৱর্তী দুবছৰ পর্যন্ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ ইয়াৰ বিপৰীতে আজীৱন নির্বাচনত প্রতিদ্বন্দ্বিতাৰ আর্জিৰে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি কালি উচ্চতম ন্যায়ালয়ে উক্ত নির্দেশনা জাৰি কৰে৷ ইফালে, এই গোচৰটো সন্দর্ভত উচ্চতম ন্যায়ালয়ে ‘আদালত বান্ধৱ’ হিচাপে নিযুক্তি দিয়া বিজয় হংসৰিয়ায়ো ছবছৰৰ নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধিৰ পোষকতা কৰিছিল৷ নিজ প্রতিবেদনত তেওঁ উল্লেখ কৰিছিল– ‘এজন চৰকাৰী কর্মচাৰী ফৌজদাৰী গোচৰত দোষী সাব্যস্ত হৈ কাৰাগাৰলৈ যাবলগীয়া হ’লে চাকৰিৰ পৰা বর্খাস্ত কৰা হয়৷ এনে অৱস্থাত এজন নির্বাচিত জনপ্রতিনিধিয়ে শাস্তিৰ ম্যাদ ছবছৰ হোৱাৰ পিছতে পুনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিয়াটো উচিত নহয়৷’ প্রধানতঃ ‘আদালত বান্ধৱ’ৰ এনে প্রতিবেদনৰ ভিত্তিতে বিষয়টো বিবেচনা কৰিবলৈ সন্মত হৈছিল মুখ্য ন্যায়াধীশ চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠখনে৷

You might also like