সাংবাদিকসকলে চৰকাৰ জনতাৰ মাজত সাঁকোৰ ভূমিকা লৈছে
তেজপুৰত পিআইবিৰ ‘বার্তালাপ’ কর্মশালাত তথ্য–সম্প্রচাৰ মন্ত্রালয়ৰ উত্তৰ–পূবৰ সঞ্চালকপ্রধান এল আৰ বিশ্বনাথ
নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ গুৱাহাটীস্থিত প্রেছ ইনফর্মেচন ব্যুৰ’ৰ উদ্যোগত বৃহস্পতিবাৰে তেজপুৰত অনুষ্ঠিত ‘বার্তালাপ’ শীর্ষক এক সংবাদ কর্মশালাত ভাষণ প্রদান কৰি জ্যেষ্ঠ সাংবাদিক সমুদ্রগুপ্ত কাশ্যপে সুস্থ সাহিত্যৰ ক্ষেত্রত সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে প্রণয়ন কৰা কল্যাণমূলক আঁচনিসমূহ সমাজৰ প্রতিটো প্রান্তৰ ব্যক্তিয়ে লাভ কৰিব পৰাকৈ সংবাদ মাধ্যম বিকশিত হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷ চৰকাৰৰ গুৰুত্বপূর্ণ আঁচনিসমূহ আলোকপাত কৰাত সাংবাদিকসকলে ধনাত্মক ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷ কার্যসূচীত উপস্থিত থাকি শোণিতপুৰ জিলাৰ উপাযুক্ত মানৱেন্দ্র প্রতাপ সিঙে কয় যে দেশত বিভিন্ন উন্নয়নমূলক আঁচনি প্রণয়ন হোৱাৰ পৰিপ্রেক্ষিতত সংবাদ মাধ্যমৰ সৈতে জডিত ব্যক্তিসকলে এই চৰকাৰী আঁচনিসমূহৰ প্রতিক্রিয়া প্রকাশ কৰাটো আৱশ্যক৷ সমাজৰ প্রতিজন লোকে এই আঁচনিসমূহৰ বিষয়ে অৱগত হৈ ইয়াৰ দ্বাৰা উপকৃত হোৱাটোৱেই চৰকাৰৰ লক্ষ্য বুলি তেওঁ উল্লেখ কৰে৷ আনহাতে, তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ উত্তৰ–পূব মণ্ডলৰ সঞ্চালকপ্রধান এল আৰ বিশ্বনাথে তেওঁৰ ভাষণত কর্মশালাৰ প্রধান উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি কয় যে চৰকাৰী নীতি তথা আঁচনিসমূহ জনসাধাৰণৰ মাজত কার্যকৰীভাৱে প্রচাৰ কৰাটোৱেই হ’ল তেওঁলোকৰ দায়িত্ব৷ তেওঁ কয় যে সাংবাদিকসকলে চৰকাৰ আৰু জনসাধাৰণৰ মাজত গুৰুত্বপূর্ণ সাঁকোৰ ভূমিকাত অৱতীর্ণ হোৱা হেতুকে প্রশাসন আৰু নাগৰিকৰ মাজত অতি সহজে যোগাযোগ স্থাপন কৰিব পাৰে৷ সংবাদ মাধ্যমৰ সৈতে জডিত ব্যক্তিসকলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ সজাগতা সন্দর্ভত প্রকৃত প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে আঁচনিসমূহ যাতে সুদক্ষভাৱে পৰিচালিত কৰিব পাৰি তাৰ বাবে তেওঁ আহ্বান জনায়৷ কর্মশালাখনত পিআইবি গুৱাহাটীৰ যুটীয়া সঞ্চালক কীর্তি তিৱাৰীয়ে সাংবাদিকসকলক জনসাধাৰণক চৰকাৰী আঁচনি তথা কার্যসূচীসমূহৰ বিষয়ে তৃণমূল পর্যায়ৰ পৰা অৱগত কৰিবলৈ আহ্বান জনায়৷ ‘বার্তালাপ’ শীর্ষক কর্মশালাখনত শোণিতপুৰ জিলাত প্রণয়ন হৈ থকা বিভিন্ন আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হয়৷ শোণিতপুৰৰ জিলা কৃষি বিষয়া প্রকাশ বৰা আৰু শোণিতপুৰৰ কৃষি বিকাশ কেন্দ্রৰ অধ্যাপক প্রমোদ চন্দ্র ডেকাই বিশেষভাৱে প্রধানমন্ত্রী কিষাণ বীমা যোজনা, কিষাণ ক্রেডিট কার্ড আৰু ভূমি স্বাস্থ্য কার্ডৰ বিষয়ে উল্লেখ কৰে৷ জনস্বাস্থ্য অভিযান্ত্রিকৰ কার্যবাহী অভিযন্তা আলী আকবৰ চৌধুৰীয়ে জিলাখনত প্রণয়ন হোৱা স্বচ্ছ ভাৰত অভিযান (গ্রামীণ)ৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ জল জীৱন অভিযানৰ বিষয়েও উল্লেখ কৰে৷ স্বাস্থ্য সেৱা খণ্ডৰ যুটীয়া সঞ্চালক ডাঃ কৃষ্ণ কেম্প্রাইয়ে জিলাখনত প্রণয়ন হোৱা মিছন ইন্দ্রধনুশৰ বিষয়ে উল্লেখ কৰে৷ উক্ত কর্মশালাখনৰ জৰিয়তে পিআইবি আৰু সাংবাদিকসকলৰ মাজত জিলা আৰু উপ–জিলা পর্যায়ত এক আন্তঃপৃষ্ঠ গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ এই কর্মশালাখন চৰকাৰৰ কর্মৰত সাংবাদিকসকলৰ সৈতে প্রত্যক্ষভাৱে সংবাদসেৱা প্রচাৰ পদক্ষেপৰ এক অংশ হিচাপে বিবেচনা কৰা হৈছে৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ ৬০ত কৈও অধিক কর্মৰত সাংবাদিকে এই এদিনীয়া অনুষ্ঠানটোত অংশগ্রহণ কৰে৷ অনুষ্ঠানটোত সাংবাদিকসকলক বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বিষয়ে সজাগতা প্রদান কৰা হয়৷ অনুষ্ঠানটোত শোণিতপুৰ জিলা জনসংযোগ বিষয়া, নীনা বৰুৱা, পিআইবি গুৱাহাটীৰ সংবাদ আৰু যোগাযোগ বিষয়া গোপজিৎ দাসো উপস্থিত থাকে৷