ডিজিটেল ডেস্ক, ৬ জুন : চিৰাং জিলাত শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে এক অভিযান চলায়। প্ৰাপ্ত তথ্য অনুসৰি, পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ সোমেশ্বৰ ব্ৰহ্মৰ বাসগৃহত এই অভিযান চলোৱা হৈছে।
সূত্ৰৰ মতে, তদাৰকী কোষত ৰুজু হোৱা আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা এটা বিশেষ দলে কাজলগাঁৱৰ হাইনানৌগৌৰ অঞ্চলত এই অভিযান আৰম্ভ কৰে।
উল্লেখ্য যে সোমেশ্বৰ ব্ৰহ্ম দুবছৰ পূৰ্বেও দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল আৰু সেই সময়ত তেওঁ চাকৰিৰ পৰা নিলম্বিত হৈছিল। এই অভিযানৰ ফলাফল আৰু তদন্তৰ অগ্ৰগতি সম্পৰ্কে অধিক তথ্য অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।
এই ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু তদন্তকাৰী সংস্থাৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।