পুনৰ সমুদ্রত উটিছে বিশাল বৰফীয় আচ্ছাদন
🔹 ১৯৮৬ চনত গতি বন্ধ হৈ পৰিছিল এণ্টার্কটিকাৰ আইচবার্গ ‘এ২৩এ’ৰ
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : তিনি দশকতকৈ অধিক কাল পিছত এণ্টার্কটিকাৰ বিশাল বৰফৰ খণ্ড পুনৰ সমুদ্রত উটিবলৈ লৈছে৷ ১৯৮৬ চনত পশ্চিম এণ্টার্কটিকাৰ ‘ফ্লিচনাৰ–ৰোনে আইচ ছেলফ’ নামৰ বৰফ খণ্ডটো আবদ্ধ হৈ পৰিছিল৷ এসময়ত ছোভিয়েট ইউনিয়নৰ গৱেষণা কেন্দ্র আছিল এই বিশ্বৰ বৃহত্তম আইচবার্গ৷ অলপতে বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ১৯৮৬ চনৰ পিছত প্রথমবাৰলৈ এই আইচবার্গে গতি ল’বলৈ ধৰিছে৷ অর্থাৎ সমুদ্রত ওপঙি থকা এই বিশাল বৰফৰ আচ্ছাদন পুনৰ উটিবলৈ ধৰিছে৷ ইয়াৰ আয়তন হৈছে চাৰি হাজাৰ বর্গ কিলোমিটাৰ৷ ‘এ২৩এ’ নামেৰে পৰিচিত এণ্টার্কটিকাৰ এই আইচবার্গ নিউয়র্ক চহৰতকৈ তিনিগুণ বিশাল৷ উল্লেখনীয় যে ১৯৮৬ চনত ৱেডেল সাগৰত ই বন্ধ হৈ পৰিছিল৷ প্রায় ১ ত্রিলিয়ন মেট্রিকটন ওজনৰ এই বিশাল বৰফখণ্ড পুনৰ আটলাণ্টিক উপদ্বীপ অঞ্চলৰ পৰা সমুদ্রত গতি ল’বলৈ ধৰা বুলি ব্রিটিছ বিশেষজ্ঞ ওলিভাৰ মার্চে সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে দক্ষিণ জর্জিয়া দ্বীপত ই গৈ পুনৰ খুন্দা মাৰিব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞগৰাকীয়ে৷ গুৰুত্বপূর্ণ কথাটো হৈছে তিনি দশকতকৈ অধিক কাল একেটা স্থানত আবদ্ধ হৈ থাকিলেও এই বিশাল বৰফীয় আচ্ছাদনৰ কোনোধৰণৰ ক্ষতি হোৱা নাই৷