নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ হাস্পতালত নিম্নমানৰ ঔষধ

🔹 চিবিআই তদন্তৰ অনুমোদন উপ–ৰাজ্যপাল ভি কে ছাক্সেনাৰ

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : দিল্লীৰ আপ চৰকাৰৰ বিতর্কিত সুৰা কেলেংকাৰিৰ প্রতিক্রিয়া চলি থকাৰ মাজতেই কালি উপ–ৰাজ্যপাল ভি কে ছাক্সেনাই ৰাজধানী চহৰখনৰ চৰকাৰী চিকিৎসালয়ত নিম্নমানৰ ঔষধ যোগান ধৰাক লৈ চি বি আইৰ তদন্তত অনুমোদন জনাইছে৷ ৰাজনিৱাসৰ পৰা প্রকাশিত বিবৃতিযোগে দিল্লীৰ চৰকাৰী হাস্পতালত যোগান ধৰা নিম্নমানৰ ঔষধক লৈ মুখ্য সচিব নৰেশ কুমাৰক এক চি বি আইৰ তদন্ত কৰিবলৈ নির্দেশ দিছে৷ উপ–ৰাজ্যপাল ছাক্সেনাৰ এই নির্দেশৰ পিছতে দিল্লীৰ আপ চৰকাৰৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে চৰকাৰখনৰ কাম–কাজত বাধা দিবলৈয়ে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে৷ উপ–ৰাজ্যপালৰ এই তদন্তৰ অনুমোদন সন্দর্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি মন্ত্রীগৰাকীয়ে কয় যে চৰকাৰখনে বিতং তথ্যৰে এই অভিযোগৰ খণ্ডন কৰিব৷ দিল্লী স্বাস্থ্য সেৱাৰ অধীনৰ চেন্ট্ৰেল প্রকিউৰমেণ্ট এজেঞ্চীৰ জৰিয়তে এই ঔষধসমূহ চৰকাৰী হাস্পতালত যোগান ধৰা হয়৷

You might also like