নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ বিদ্যালয়ৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনক চাকৰিৰ পৰা নিলম্বন

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগত সংস্কাৰ সাধনৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বিত হ’বলগীয়া হ’ল এখন জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে দুটাকৈ পদত কাৰ্যনিৰ্বাহ কৰি থকা শিক্ষা বিষয়া এগৰাকী ৷ বঙাইগাঁও জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া জ্যোৎস্না ৰাণী বৰ্মনক নিজ কৰ্তব্যত গাফিলতি কৰাৰ বাবে শিক্ষা বিভাগে এক নির্দেশযোগে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিছে। বিভাগীয় কতৃপক্ষক অন্ধকাৰত ৰাখি শিক্ষা বিষয়াগৰাকীয়ে অকৃত্বশীলভাৱে ৰাজ্যৰ বাহিৰত গৈ আমোদ প্ৰমোদ ভ্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ অসম চৰকাৰৰ গুৱাহাটীস্থিত শিক্ষা বিভাগৰ সচিবে যোৱা ৩ জানুৱাৰীত ৪২৯৬৮৪/৩-এ নম্বৰৰ পত্ৰত বঙাইগাঁৱৰ বিডিচিৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক কাৰ্যালয়ত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত থকাৰ বাবে তেওঁক চাকৰিৰ পৰা নিলম্বনৰ কথা উল্লেখ কৰিছে। উল্লেখ্য, ৰাজ্যিক একাডেমিক পৰিষদ,অসমে যোৱা ৩১ ডিচেম্বৰত (দেওবাৰ) অনুষ্ঠিত কৰিছিল ৰাজ্যৰ অষ্টম,নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ-২০২৩৷ সংশ্লিষ্ট বিভাগে যোৱা ২২ ডিচেম্বৰত ডিএছই/ইটি/টেলেন্ট ছাৰ্চ এক্সাম/৪৪/২০২৩/২২ নম্বৰৰ পত্ৰযোগে বঙাইগাঁও বিডিচিৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলা পৰীক্ষা নিয়ন্ত্ৰকৰ উপৰিও নামনি অসমৰ গোৱালপাৰা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা আৰু কোকৰাঝাৰ জিলাৰ মাণ্ডলিক ছুপাৰভাইজিং বিষয়া হিচাপে নিযুক্তি দিছিল৷ সেই হিচাপত যোৱা ২৭ ডিচেম্বৰত অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা বিশেষ বাৰ্তাৰ দ্বাৰা মণ্ডল ভিত্তিক গোপনীয় পৰীক্ষাৰ সামগ্ৰী আদি সংশ্লিষ্ট মণ্ডললৈ প্ৰেৰণ কৰিছিল। কিন্ত বঙাইগাঁও জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনক উল্লেখিত গোপনীয় সামগ্ৰী সমুহ প্রদান কৰিবলৈ অহাৰ সময়ত তেওঁক পোৱা গ্ৰহণ কৰিবলৈ পোৱা নাছিল ৷ ইপিনে বঙাইগাঁও জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে বিভাগত কোনো ধৰণৰ আগতীয়াকৈ ছুটীৰ বাবে আবেদন কৰা নাছিল৷ অন্যহাতে শিক্ষা বিষয়া গৰাকীয়ে তেওঁৰ অনুপস্থিতি সন্দৰ্ভত শিক্ষা সঞ্চালককো অৱগত কৰা নাছিল। একেদৰে বঙাইগাঁৱৰ বিডিচিৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে অকৰ্তৃত্বশীল অনুপস্থিতিৰ সময়ত সংশ্লিষ্ট বিভাগৰ কোনো অনুমোদিত ব্যক্তিক বঙাইগাঁৱৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ দায়িত্বও অৰ্পণ কৰা নাছিল৷ উপৰোক্ত কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাজ্যপালে উপৰোক্ত তথ্য আৰু পৰিস্থিতিৰ ওপৰত সন্তুষ্ট হৈ বিভাগীয় কাৰ্য্যবিধি উলিয়াবলৈ বাকী থকা অৱস্থাত আৰু অসম সেৱা (অনুশাসন আৰু আপীল) বিধি, ১৯৬৪ ৰ নিয়ম ৬ (১)ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি বঙাইগাঁৱৰ বিডিচিৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক কৰ্তব্যৰ গাফিলতিৰ বাবে আৰু যোগ্য কৰ্তৃপক্ষৰ অনুমোদন অবিহনে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে। লক্ষ্যণীয়, শিক্ষা বিষয়া গৰাকীৰ চাকৰিৰ পৰা নিলম্বনৰ প্ৰতিলিপি গুৱাহাটীৰ বেলতলা মৈদামগাঁৱস্থিত অসমৰ প্ৰধান একাউণ্টেণ্ট (এ এণ্ড ই), অসমৰ শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত সচিব,অসমৰ মাধ্যমিক শিক্ষা সঞ্চালক,বঙাইগাঁও জিলাৰ আয়ুক্ত আদিলৈ প্ৰেৰণ কৰিছে৷ এইগৰাকী শিক্ষা বিষয়াই ২০২০ চনত নলবাৰীত কৰ্তব্যৰত হৈ থকা সময়তে উৎকোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিবলগীয়া হৈছিল৷ বঙাইগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া হিচাপে যোগদান কৰি জ্যোস্নাপ্ৰিয়া বৰ্মনে পৰৱৰ্তী সময়ত জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক হিচাপেও অতিৰিক্ত দায়িত্ব লাভ কৰে৷ শিক্ষা বিভাগৰ দুয়োটা কাৰ্যালয়তে বিষয়াগৰাকীয়ে দুৰ্নীতিৰ পোহাৰ মেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰেৰক উপানন্দ শৰ্মা

You might also like