মানুহৰ স্নায়ুৰ ৰোগ নিৰাময়ৰ বাবে ধনকুবেৰ এলন মাস্কৰ ‘ব্রেইন চিপ’
🔹 আমেৰিকাৰ স্বাস্থ্য বিভাগৰ অনুমোদনৰ পিছত নিউৰালিংকে আৰম্ভ কৰিছে অভিনৱ গৱেষণা
বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : মানৱ দেহত প্রথমবাৰলৈ ব্রেইন চিপ প্রতিষ্ঠাপনৰ কথা ঘোষণা কৰিলে ধনকুবেৰ এলন মাস্কে৷ ধনকুবেৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁৰ ষ্টার্ট আপ সংস্থা নিউৰালিংকে মানুহৰ মস্তিষ্কত পৰীক্ষামূলকভাৱে এই চিপ প্রয়োগ কৰিছে৷ প্রাথমিক ফলাফল যথেষ্ট উৎসাহজনক বুলি দাবী কৰিছে মাস্কে৷ ধনকুবেৰগৰাকীৰ মতে, ইয়াৰ ফলত দ্রুতভাৱে সুস্থ হৈ উঠিছে এগৰাকী ৰোগী৷ মস্তিষ্কত ব্রেইন চিপ প্রতিস্থাপনৰ পিছতে ৰোগ নিৰাময়ৰ ক্ষেত্রত এই চিপে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ অৱশ্যে এই পৰীক্ষাক লৈ এতিয়াই বিস্তাৰিত তথ্য প্রকাশ কৰা নাই মাস্কে৷ মাস্কৰ সংস্থাত এই পৰীক্ষামূলক চিপ প্রয়োগৰ বাবে যোৱা বছৰ অনুমোদন দিছিল আমেৰিকাৰ স্বাস্থ্য নিয়ন্ত্রক সংস্থাই৷ উদ্দেশ্য আছিল- পক্ষাঘাতগ্রস্ত ৰোগীক সুস্থ কৰি তোলা৷ মাস্কে উল্লেখ কৰা অনুসৰি, নিউৰালিংকে কম্পিউটাৰৰ সৈতে মানুহৰ মস্তিষ্কক যুক্ত কৰি জটিল নিউৰ’লজিকেল সমস্যাৰ সমাধানৰ পথ বিচাৰিব৷ নিউৰালিংকৰ জৰিয়তে সৃষ্টি কৰা এই যন্ত্রৰ নাম ৰখা হৈছে ‘টেলিপেথী’৷ ফোন অথবা কম্পিউটাৰৰ জৰিয়তে এই যন্ত্র পৰিচালনা কৰাটো সম্ভৱ হ’ব৷ এক্স হেণ্ডেলত মাস্কে উল্লেখ কৰিছে যে এক বিশেষ ব্যৱস্থাৰ জৰিয়তে এই বৈদ্যুতিন যন্ত্রক মস্তিষ্কৰ সৈতে সংযোগ কৰা হয়৷ প্রতিবন্ধীসকলৰ ক্ষেত্রত এই যন্ত্র যথেষ্ট উপযোগী বুলিও দাবী কৰিছে ধনকুবেৰগৰাকীয়ে৷ মস্তিষ্কৰ পৰা সংকেত প্রেৰণ কৰি বৈদ্যুতিন যন্ত্রলৈ বার্তা পঠিওৱা হ’ব৷ এই ধৰণে কাম কৰিব অত্যাধুনিক এই ব্রেইন মেচিনে৷ অৱশ্যে এই যন্ত্রক লৈ ধনকুবেৰ মাস্কৰ দাবী সত্ত্বেও এয়া কিমান নিৰাপদ, তাক লৈ প্রশ্ণৰ অৱতাৰণা হৈছে৷ পৰীক্ষামূলক প্রয়োগৰ নির্দিষ্ট বিধি উলংঘাৰ অপৰাধত চলিত মাহতেই মাস্কৰ সংস্থাই জৰিমনা আদায় দিবলগীয়া হৈছে৷ গতিকে সমগ্র বিষয়টোক লৈ এতিয়াও চলি আছে কৌতূহল৷