অনলাইন প্রৱঞ্চনা
ডিজিটেল প্রযুক্তিৰ ব্যৱহাৰেৰে অনলাইনত কিনা–বেচা কৰা, বিত্তীয় লেনদেন কৰা ব্যক্তিসকলৰ বহুতেই চাইবাৰ অপৰাধীৰ মুখামুখি হৈছে আৰু শেহতীয়াভাৱে এনে অপৰাধৰ সংখ্যা বৃদ্ধি পাই গৈছে৷ অনলাইনত কাম কৰা ব্যক্তি আৰু ব্যৱসায়ৰ সংখ্যা যিমানেই বেছি হ’ব, প্রৱঞ্চকৰ বাবে সম্ভাব্য ভুক্তভোগীক বিচাৰি পোৱাৰ সম্ভাৱনা সিমানেই বেছি৷ অকল সিমানেই নহয়, কেৱল ম’বাইল ফোনৰ ব্যৱহাৰকাৰীও এনে প্রৱঞ্চকৰ কবলত পৰিছে৷ চাইবাৰ অপৰাধীবোৰে বহলকৈ জাল পেলাব পাৰে আৰু বৃহৎসংখ্যক দর্শকক লক্ষ্য কৰি ল’ব পাৰে, যাৰ ফলত সফল প্রৱঞ্চনাৰ চেষ্টাৰ সম্ভাৱনা বৃদ্ধি পায়৷ বিভিন্ন কথা–কৌশলেৰে প্রলোভন দেখুৱাই অ’টিপি অথবা অনলাইন লিংক ক্লিক কৰাৰ প্রলোভনেৰে কৰা অনলাইন প্রৱঞ্চনাৰ কথা এতিয়া সৰহসংখ্যক লোকে জানে কাৰণে প্রৱঞ্চকসকলে নতুন নতুন বুদ্ধি আৱিষ্কাৰ কৰিছে৷ চাইবাৰ অপৰাধী আৰু প্রৱঞ্চকসকলে মানৱ আচৰণৰ দুর্বলতাসমূহৰ সহায় লৈ প্রৱঞ্চনাৰ জাল তৰে৷ বিদেশৰ পৰা কোনোবাই টকা পঠিওৱা বা উপহাৰ পঠিওৱা আদি কৌশল মানুহে জনা হ’ল৷ শেহতীয়াভাৱে দুটা কৌশল ব্যাপকভাৱে ব্যৱহূত হ’বলৈ ধৰিছে৷ প্রথমটো হ’ল– চিনাকি লোকৰ ভাও জুৰি অথবা কোনো সামাজিক সংগঠনৰ নামেৰে বিপদাগ্রস্ত লোকৰ বাবে অর্থ সাহায্য বিচৰা৷ আনটো হ’ল– ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰি কম সময়ৰ ভিতৰতে বহু টকাৰ মালিক হোৱা৷ কাৰোবাক সাহায্য আগবঢ়োৱাটো নিজৰ ইচ্ছাৰ কথা৷ গতিকে, এনে ধৰণে প্রৱঞ্চিত হ’লে আইনে কৰিব পৰা বিশেষ একো নাথাকে৷ ঠিক তেনেদৰে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰাটোও নিজৰ পছন্দৰ কথা৷ কোন দালালৰ যোগেৰে টকা বিনিয়োগ কৰিব সেইটোও নিজৰ কথা৷ কিন্তু কথা হ’ল– ষ্টক এক্সচেঞ্জৰ বিত্তীয় লেনদেনৰ কথা অলপো নজনা মানুহ এজনে অদৃশ্য লোক এজনে দিয়া প্রলোভনত নিজৰ টকা বিনিয়োগ কৰা উচিত হয় নে নহয় নিজেই বুজিব পাৰি৷ আৰু একধৰণৰ প্রৱঞ্চক সক্রিয় হৈ আছে, যিসকলে পুলিচৰ পৰিচয় দি মাক–বাপেকক হোৱাটছএপত ফোন কৰে আৰু তেওঁলোকৰ সন্তান অপৰাধত জড়িত হৈ পুলিচৰ হাতত পৰা বুলি খবৰ দিয়ে৷ তাৰ পিছতেই আহে পইচাৰ কথা৷
প্রৱঞ্চকসকলে নিজৰ কৌশলসমূহ অত্যাধুনিক কৰি ৰাখে আৰু তাৰ ফলত অনলাইন প্রৱঞ্চনা ধৰা পেলোৱা আৰু প্রতিৰোধ কৰাটো অধিক প্রত্যাহ্বানজনক হৈ পৰিছে৷ এই প্রত্যাহ্বানবোৰৰ মুখামুখি হোৱাটো নাগৰিকৰ বাবে ব্যক্তিগত পর্যায়ত সম্ভৱ নহয়, তাৰ বাবে লাগিব চৰকাৰী প্রচেষ্টা৷ অনলাইন প্রৱঞ্চনাত গ্রাহকগৰাকীৰ গুৰুত্বপূর্ণ অংশগ্রহণ থাকে আৰু তেওঁৰ অজ্ঞতাৰ সুযোগ লয় অপৰাধীজনে৷ এই অজ্ঞতা দূৰীকৰণৰ বাবে বিভিন্ন বিত্তীয় সংগঠনে নিয়মিত প্রচাৰ চলাই থাকে, কিন্তু তেনে প্রচাৰৰ পিছতো প্রৱঞ্চনাৰ কাহিনী চলিয়েই আছে৷ প্রযুক্তিবিদ্যাই আনি দিয়া এই জগতখনত চলি থকা অপৰাধ নিয়ন্ত্রণ কৰা, তাৰ অপৰাধী বিচাৰি উলিওৱা, কৰায়ত্ত কৰা আৰু শাস্তি দিয়া এই কামটো চৰকাৰেই কৰিব লাগিব৷ ইয়াৰ অন্য উপায় নাই৷ প্রচলিত আইনে যদি নতুন নতুন অপৰাধবোৰ স্পর্শ কৰিব নোৱাৰে, তেনেহ’লে এই আইনবোৰো সময়ৰ লগত খাপ খোৱাকৈ উন্নত কৰিব লাগিব৷ প্রযুক্তিগত দিশত পাকৈত অপৰাধীয়ে ইণ্টাৰনেটৰ ইমান সুন্দৰ ব্যৱহাৰ কৰিবলৈ সক্ষম যে তেওঁলোকৰ প্রকৃত পৰিচয় আৰু স্থান বিচাৰি উলিওৱাটো খুব সহজ নহয়৷ এনেবোৰ কামৰ বাবে উন্নতমানৰ প্রযুক্তিগত সহায়ৰ প্রয়োজন৷ কিন্তু চৰকাৰৰ বিপণন পদ্ধতি ইমানেই পাক লগা যে এটা আধুনিক যন্ত্র এটাৰ অর্ডাৰ দি অনালৈকে যিখিনি সময়ৰ প্রয়োজন, সেই সময়লৈকে যন্ত্রটোৰ ভালেকেইটি উন্নততৰ সংস্কৰণ প্রকাশ পায়৷ আৰু এটা গুৰুত্বপূর্ণ কথা এয়ে যে চাইবাৰ অপৰাধীসকলে পৃথিৱীৰ যিকোনো দেশৰ পৰাই নিজৰ অপাৰেচন চলাব পাৰে৷ তেওঁলোকে বিভিন্ন দেশৰ ভুক্তভোগীক লক্ষ্য কৰি ল’ব পাৰে৷ কিন্তু অনুসন্ধান সংস্থা আৰু আইন প্রয়োগকাৰী সংস্থাসমূহ নিজৰ পৰিসীমাৰ পৰা বাহিৰলৈ যোৱাটো তেনেই সহজ নহয় বাবে গোচৰৰ তদন্ত কৰা আৰু গোচৰ চলোৱাটো প্রত্যাহ্বানজনক হৈ পৰে৷ এই তদন্ত আৰু বিচাৰ ক্ষেত্রৰ সীমাবদ্ধতাই প্রায়ে আহনী আৰু কার্যকৰী দিশৰ কামবোৰ পলম কৰি দিয়ে, যিটো অপৰাধীৰ পলায়নৰ বাবে সুবিধাজনক৷ চৰকাৰে এই আটাইবোৰ দিশ অনুধাৱন কৰি বর্তমানে বৃদ্ধি পাই অহা এই অনলাইন অপৰাধৰ প্রক্রিয়াটি বন্ধ কৰিব লাগে৷