নতুন নগৰ
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলে দেখা যায় যে প্রায়বোৰ নগৰকেই পৰিৱর্তনৰ বতাহে কোবাই গৈছে আৰু এই বতাহৰ দৃশ্যৰূপটো প্রতিখন চহৰতেই একে৷ একেই মূল ৰাজপথৰ দুকাষে বৃদ্ধি, নতুন নতুন ঘৰৰ সংযোজন, পুৰণি ঘৰবোৰৰ নতুন নির্মাণ, একেই ধৰণৰ দোকান–পোহাৰ–ছাইনব্’ড–গ্লোছাইন৷ স্বাধীনতাৰ পাছৰে পৰাই মূলতঃ অসমৰ নগৰীকৰণৰ আৰম্ভ আৰু সেই হিচাপ মতেই অর্ধশতিকা অতিবাহিত কৰাৰ পাছত চহৰবোৰ নতুনকৈ সজোৱাৰ সময় হৈছে৷ ঘৰবোৰ পুৰণি হৈ যোৱাটোৱেই একমাত্র কাৰণ নহয়, নগৰ এখনৰ নবীকৰণৰ মূল কাৰণ হ’ল চহৰখনত পৰা জনসংখ্যাৰ চাপ৷ স্বাধীন ভাৰতে গ্রহণ কৰা অর্থনৈতিক নীতিসমূহে নগৰবোৰৰ বর্ধনত উদ্গনি দিছিল আৰু তাৰ ভেটিও আছিল ব্যক্তিগত খণ্ডৰ অংশগ্রহণ৷ এই নগৰীকৰণৰ বৃদ্ধিৰ হাৰ আছিল খুব বেছি৷ ১৯০১ চনৰ ছেন্সাছ মতে, ভাৰতৰ নগৰীয়া বসতিৰ হাৰ আছিল ১১.৪ শতাংশ৷ ২০০১ চনৰ ছেন্সাছ মতে, এই সংখ্যা বাঢ়ি গৈ হয়গৈ ২৮.৫৩ শতাংশ আৰু ২০১১ চনত হয়গৈ ৩১.১৬ শতাংশ৷ ২০১৭ চনত এই হিচাপ হয়গৈ ৩৪ শতাংশ আৰু বিশ্ববেংকৰ হিচাপ মতে, ২০৩০ চনত এই হিচাপ হ’বগৈ ৪১ শতাংশ৷ বিকাশৰ এই হাৰ সর্বভাৰতীয় পৰিৱেশৰ যদিও অসমত ইয়াৰ বিশেষ পৰিৱর্তন নহ’ব৷ ২০০১ আৰু ২০১১ চনৰ হাৰৰ বিকাশৰ পিনে চালেই মন কৰিব পাৰি যে অসমৰ নগৰবোৰ হঠাতে প্রায় একেই সময়তে ৰূপ সলনি কৰিবলৈ আৰম্ভ কৰিছে৷ নগৰবোৰলৈ প্রব্রজন ঘটা লোকৰ সংখ্যা আৰু নগৰবোৰত পর্যাপ্ত হৈ পৰা বিভিন্ন সুবিধাৰ বাবেই নগৰবোৰে জনসংখ্যাৰ ভাৰ বহন কৰিবলগীয়া হৈছে আৰু এই অতিৰিক্ত ভাৰ একোখন নগৰৰ মৃত্যুৰ কাৰণ৷ অসমৰ প্রায়বোৰ চহৰেই একে চৰিত্রৰে বিকাশ লাভ কৰিছে বাবেই বহু চহৰৰ পৰা নোহোৱা হৈ গৈছে চহৰখনৰ নিজস্ব পৰিচয়, নিজস্ব ৰূপ ৷
গুৱাহাটী চহৰখনৰ নিজস্ব ৰূপ বুলি ক’লেই ব্রিটিছ নির্মিত গুৱাহাটীখনৰ পিনেই আঙুলিয়াই দিয়া হয়৷ কিন্তু সেই গুৱাহাটীৰ ৰূপো আজি সলনি হৈছে৷ নতুনকৈ বাঢ়ি অহা গুৱাহাটীৰ আঙুলি আৰু ছায়াই পুৰণি গুৱাহাটীৰ সৌন্দর্য হ্রাস কৰি আনিছে৷ এই পৰিৱর্তনৰ বাবে বাঢ়ি অহা জনসংখ্যাকেই দোষ দি লাভ নাই৷ বর্ধিত জনসংখ্যাই চহৰখনৰ ওপৰত চাপ পেলায় ঠিকেই, কিন্তু সেইবোৰৰ কথা ভাবিবলৈ, সেই সমস্যাবোৰ সমাধান কৰিবলৈ চৰকাৰী বিষয়া আছে, তেওঁলোকৰ দায়িত্ব আছে৷ সেইসকলে এই দায়িত্ববোৰ পালন নকৰি অকল গুৱাহাটী বুলিয়েই নহয়, অসমৰ আটাইবোৰ নগৰাঞ্চলক নষ্ট হৈ যাবলৈ দিছে, সেইসকলৰ অপৰাধৰ কথা পাহৰি যোৱা উচিত নহয়৷ এটা কথা ঠিক যে এই ধৰণৰ কামবোৰ এগৰাকী মাত্র বিষয়াৰ সিদ্ধান্তৰ ওপৰত নির্ভৰ নকৰে, ইয়াৰ বাবে প্রয়োজন হয় প্রশাসনৰ সকলোবোৰ বিভাগৰ মাজৰ সু–সমন্বয় আৰু একেধৰণৰ দায়িত্ববোধ থকা মানসিকতা৷ এখন বিকাশশীল চহৰত সংযোজন হ’বলগীয়া সকলোবোৰ উপাদানকে যদি একে ঠাইতে ৰখাৰ মানসিকতাই সিদ্ধান্তবোৰক প্রভাৱিত কৰে, তেনেহ’লে তেনেবোৰ সিদ্ধান্তই চহৰ এখনৰ বিকাশৰ গতি ৰুদ্ধ আৰু অংগক্ষত কৰি দিব৷ শিক্ষা আৰু জীৱিকাৰ বাবে নগৰৰ পিনে জনস্রোত বৃদ্ধি পোৱাটো স্বাভাৱিক কথা আৰু সেই কথাটোৰ লগতেই বাসস্থান, পথ, পৰিবহণ, পানী যোগান, জনস্বাস্থ্য আদিৰ কথাও জডিত থাকে, সেই প্রাথমিক কথাবোৰ চিন্তা নকৰাকৈ বিভাগবোৰ পৰিচালনা কৰাটোৱে ৰাজ্যখনৰ নগৰীয়া জীৱনটোক কেনেদৰে সমস্যাবহুল, বাসৰ অনুপযোগী আৰু সৌন্দর্যহীন কৰি তুলিছে, সেই কথা অসমৰ চৰকাৰে মনোযোগেৰে গ্রহণ কৰি কামত হাত দিয়া উচিত ৷