নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তিৰ ৬নং দফা আৰু আন্তঃৰাজ্যিক পাৰপত্রৰ ব্যৱস্থা

  • সুদীপ্ত নয়ন গোস্বামী

প্রতিৱেশী অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ দৰে একালত অসমৰ ব্রহ্মপুত্র আৰু বৰাক উপত্যকাতো অনুৰূপ পাৰপত্রৰ ব্যৱস্থা থকাৰ অসমর্থিত তথ্য মাজে–সময়ে শুনা যায়৷ জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি একাংশ দল–সংগঠনেও নিষ্প্রভকৈ হ’লেও আন্তঃৰাজ্যিক পাৰপত্রৰ ব্যৱস্থা অসমত বলৱৎ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে৷ সম্প্রতি অসম চুক্তিৰ ৬নং দফা সন্দর্ভত গঠিত উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনত এই ব্যৱস্থা প্রৱর্তনৰ সাৱলীল পৰামর্শ অন্তর্ভুক্তিৰ খবৰ আহিছে৷ বিশেষকৈ আইএল পি অঞ্চলক নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ বাহিৰত ৰখাৰ ব্যৱস্থা আৰু ‘কা’ৰ বিৰুদ্ধে ৰাজ্যবাসীৰ শক্তিশালী সংগ্রামৰ প্রেক্ষাপটত আই এল পি পুনৰ প্রাসংগিক হৈ পৰিছে৷ তাৰ মাজতে পোহৰলৈ আহিছে অসমবাসীৰ অলক্ষিতে থকা কিছু গুৰুত্বপূর্ণ তথ্য, য’ত বিগত স্বৰাজোত্তৰ  সেই সময়ত অসমবাসীক  কেন্দ্রই কৰা বঞ্চনাৰ বহু দিশ নতুনকৈ উন্মোচিত হৈছে৷ এনে বঞ্চনাৰ বিৰুদ্ধে কেইবাটাও দল–সংগঠন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে৷ তথ্য অনুসৰি ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ  ৰেগুলেচন আইনৰ আধাৰত ১৯০৬ চনৰ ৬ জুনত তেতিয়াৰ কামৰূপ জিলাত, ৭ জুনত  গোৱালপাৰা জিলাত আৰু ১৯৩৪ চনৰ ৪ জানুৱাৰীত শিৱসাগৰ জিলাত অসম–পূর্ববংগৰ  লেফটেনেণ্ট জেনেৰেলে এই আইনৰ অধীনত আই এল পি প্রৱর্তন কৰিছিল৷ অবিভক্ত কামৰূপ জিলাত আই এল পি বলৱৎ কৰাৰ পাছত বালিপৰা ফ্রণ্টিয়াৰ এলেকা, লখিমপুৰ  ফ্রণ্টিয়াৰ এলেকা আৰু শদিয়া  ফ্রণ্টিয়াৰ এলেকাত আই এল পি প্রযোজ্য কৰা হৈছিল৷ তেতিয়াৰ এই অবিভক্ত জিলাসমূহে প্রায় সম্পূর্ণ ব্রহ্মপুত্র উপত্যকাক সামৰি  লৈছিল৷ তেতিয়াৰ অসমৰে অংগ নগা হিল্ছ (বর্তমানৰ নাগালেণ্ড) আৰু লুচাই হিল্ছে (বর্তমানৰ মিজোৰাম) আই এল পি লাভ কৰিছিল ক্রমে ১৯২৯ আৰু ১৯৩০ চনত৷ এই ব্যৱস্থাসমূহ প্রত্যাহাৰৰ কোনো তথ্য লাভ কৰা নাই যদিও কালক্রমত ব্রহ্মপুত্র উপত্যকাত এই ব্যৱস্থা বলৱৎ নোহোৱা হ’ল৷ কিন্তু আন পার্বত্য অঞ্চলসমূহত সেই আইনৰ  অধীনতে  প্রচলিত ব্যৱস্থা আজিও বলৱৎ হৈ আছে৷ অৰুণাচল প্রদেশলৈ ভ্রমণ কৰিবলৈ  যাওঁতে ভাৰতীয় হ’লেও বহিঃৰাজ্যৰ ব্যক্তিয়ে আন্তঃৰাজ্যিক পাৰপত্র ল’ব লগা হয়৷  পাৰপত্র  পোৱা  এজন  ব্যক্তিয়ে মাথোন  সাত দিন ভ্রমণৰ  বাবে অনুমতি লাভ কৰে ৷ সেইদৰে  চাকৰি বা ব্যৱসায়ৰ বাবে অনুমতি বিচাৰিলে এবছৰলৈ পাৰপত্র প্রদান কৰা হয়৷ প্রয়োজনসাপেক্ষে পাৰপত্র পুনৰ অতিৰিক্ত সময়ৰ বাবে প্রদান কৰাৰ ব্যৱস্থা আছে৷ অনুৰূপভাৱে মিজোৰামৰ ভ্রমণকাৰীক পোন্ধৰ দিনৰ পাৰপত্র প্রদান কৰা হয়৷ এই দুই ৰাজ্যৰ বাদে পূর্বৰ নগা পার্বত্য জিলা নাগালেণ্ড হোৱাৰ পাছত ১৯৬৩ চনৰ পৰাই আন্তঃৰাজ্যিক পাৰপত্রৰ ব্যৱস্থা বলৱৎ হৈ আছে৷ পূর্বতে ৰাজ্যখনৰ ব্যৱসায়িক ৰাজধানী ডিমাপুৰক এই ব্যৱস্থাৰ  আওতাৰ  পৰা বাহিৰত ৰখা হৈছিল৷ যাৰ বাবে ডিমাপুৰলৈ বহিঃৰাজ্যৰ ব্যক্তিয়ে অবাধে ভ্রমণৰ সুযোগ পাইছিল৷ ফলত ডিমাপুৰৰ জনগাঁথনিৰ দ্রুত পৰিৱর্তন ঘটিল আৰু নগাসকলে ব্যৱসায়–বাণিজ্য আদিত নিজৰ প্রভুত্ব  হেৰুওৱাৰ উপক্রম ঘটিল৷ প্রথম অৱস্থাত নগাসকলে ব্যৱসায়িক স্বার্থতে ডিমাপুৰত আই এল পিৰ ব্যৱস্থা কৰা নাছিল৷ নাগালেণ্ডৰ আন অঞ্চল আৰু ডিমাপুৰৰ জনগাঁথনিৰ পার্থক্য দেখি নাগালেণ্ড চৰকাৰে ২০১৯ চনৰ ডিচেম্বৰ মাহত  ডিমাপুৰতো পাৰপত্রৰ ব্যৱস্থা প্রযোজ্য কৰিলে৷ ১৯৭৯ চনক ভিত্তিবর্ষৰূপে লৈ এই ব্যৱস্থা নতুনকৈ প্রৱর্তন কৰা হ’ল৷ ১৮৭৩ চনৰ এই আইনৰ ২নং ধাৰাৰ আধাৰত নাগালেণ্ড চৰকাৰে এই ব্যৱস্থা প্রৱর্তন কৰে৷ বহিৰাগতৰ অবাধ প্রব্রজন প্রতিৰোধৰ বাবে এই ব্যৱস্থা বিগত সময়ছোৱাত সফল হৈছে৷ উল্লেখ্য যে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ স্বার্থ সুৰক্ষাৰ বাবেই এই ব্যৱস্থা বাঞ্ছনীয়৷ এই ব্যৱস্থা আৰম্ভণিতে ইংৰাজসকলে ব্যৱসায়িক স্বার্থ সুৰক্ষিত কৰিবলৈ প্রৱর্তন কৰিছিল যদিও পৰৱর্তী সময়ত ই খিলঞ্জীয়া জাতিসত্তাসমূহৰ বাবে সুৰক্ষাকৱচ হৈ পৰিছে৷ ইংৰাজসকলে আন ভাৰতীয় মূলৰ ব্যক্তিৰ আগমনৰ পৰা উদ্ভৱ হ’ব পৰা প্রত্যাহ্বান এৰাই চলিবলৈকে হয়তো এই ব্যৱস্থা প্রৱর্তন কৰিছিল৷ কিন্তু সম্প্রতি এই ব্যৱস্থাক সংশ্লিষ্ট অঞ্চলৰ ভূমিপুত্রসকলৰ সুৰক্ষাকৱচ বুলি প্রতিপন্ন হৈছে৷ উদাহৰণ স্বৰূপে পূর্বতে এই ব্যৱস্থা উত্তৰ–পূবৰ  উপৰি ‘লেহ’ অঞ্চলতো আছিল৷ ২০১৪ চনত প্রশাসনে ‘লেহ’ জিলাৰ  পৰা পাৰপত্রৰ ব্যৱস্থা প্রত্যাহাৰ কৰিছিল যদিও ইয়াৰ গুৰুত্ব উপলব্ধি কৰি ২০১৭ চনত পুনৰ প্রৱর্তন কৰে৷  সম্প্রতি আন্দামান নিকোবৰত আই এল পি প্রৱর্তনৰ দাবী উত্থাপন হৈছে৷ বহিৰাগতৰ প্রব্রজনৰ ভয়াৱহতা ৰোধৰ বাবে ২০১৯ চনত মণিপুৰ চৰকাৰেও নিজ ৰাজ্যক আই এল পিৰ আওতালৈ আনি বিধানসভাত আইন প্রণয়ন কৰিলে আৰু ৰাষ্ট্রপতিয়েও ইয়াত অনুমোদন জনালে৷ নাগৰিকত্ব সংশোধনী আইনৰ পৰা উদ্ভৱ হ’ব পৰা সংকটৰ  প্রতি  লক্ষ্য কৰিয়ে তৎপৰ হৈ পৰিছে নাগালেণ্ড, মণিপুৰৰ লগতে কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰ৷ মেঘালয়ৰ নব্বৈ শতাংশ ভূমি ষষ্ঠ অনুসূচীৰ অন্তর্গত সুৰক্ষিত৷  সেইবোৰ অঞ্চল নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ বাহিৰত৷ তথাপি আশ্বস্ত নহয়  মেঘালয়ৰ ৰাজ্য চৰকাৰ৷ সেয়েহে মেঘালয় বিধানসভাই পাৰপত্রৰ ব্যৱস্থা প্রৱর্তনৰ সমর্থনত ২০১৯ চনৰ ডিচেম্বৰ মাহত সর্বসন্মত সিদ্ধান্ত গ্রহণ কৰি ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ  ৰেগুলেচন আইনৰ প্রস্তাৱনাত মেঘালয়ৰ নাম অন্তর্ভুক্ত কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷ অথচ এই আইনত অসমৰ উল্লেখ ইংৰাজসকলেই কৰি গৈছে৷ পৰিতাপৰ কথা– এই আইন সম্পর্কত কোনো কাণসাৰ নাই সর্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ৷ অসমৰ জনগণৰ সুৰক্ষা বা শংকাক লৈ অলপো উদ্বিগ্ণ নহয় অসমৰ ৰাজ্য চৰকাৰ৷ উত্তৰ– পূবৰ আন মুখ্যমন্ত্রীসকলৰ সংহত প্রচেষ্টাৰ অংশীদাৰ নহ’ল অসমৰ মুখ্যমন্ত্রী৷ এই আইনত ১৮৭৩ চনত  ভিক্টোৰীয়া  আইনৰ  ৩৩সংখ্যক অধ্যায়ৰ ৩নং দফাৰ ১ৰ অধীনত বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচন গৃহীত কৰা হৈছিল৷ এই নিয়মৰ যোগেদি অনুমতিসাপেক্ষে ৰাজ্যসমূহত প্রৱেশৰ পাৰপত্রৰ ব্যৱস্থা প্রৱর্তন কৰা হৈছিল৷  সেই সময়ৰ কামৰূপ, দৰং, শিৱসাগৰ, নগাঁও, লখিমপুৰ, গাৰো হিল্ছ, জয়ন্তীয়া হিল্ছ, নগা হিল্ছ আৰু কাছাৰ জিলাৰ  নাম স্পষ্টকৈ উল্লেখ কৰা হৈছিল আইনখনত৷ ১৮৭৩ চনৰ ১ নৱেম্বৰৰ পৰা কার্যকৰী কৰা এই নিয়ম বলৱৎ কৰাৰ সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হৈছিল ৰাজ্যৰ মুৰব্বীৰ হাতত৷ এই নিয়মসমূহ পৰিচালিত  হৈছিল ১৮৭০ চনত  ব্রিটিছ সংসদত গৃহীত হোৱা ‘গৱর্নমেণ্ট অৱ ইণ্ডিয়া এক্ট’ৰ যোগেদি৷ দেশৰ স্বাধীনতাৰ পাছত ভাৰতৰ ৰাষ্ট্রপতিয়ে ১৯৫০ চনৰ ‘এডপচন ল’ৰ জৰিয়তে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনক ভাৰতীয় আইনী ব্যৱস্থাত অন্তর্ভুক্ত কৰিছিল৷  ব্রিটিছ আইন গ্রহণ কৰি ইয়াৰ সালসলনি ঘটোৱাৰ অধিকাৰ  প্রয়োগত ভাৰতৰ সংবিধানে  ৰাষ্ট্রপতিক তিনি বছৰৰ সময়সীমা বান্ধি দিছিল৷ সেই অনুযায়ী এই আইন বাতিলৰ কোনো সিদ্ধান্ত সংসদত গৃহীত নোহোৱাৰ ফলত এই আইন আজিও বাহাল আছে৷ এই ব্যৱস্থাই সংশ্লিষ্ট ৰাজ্যৰ ভূমিপুত্রসকলক সুৰক্ষিত কৰাৰ বিপৰীতে আন একাংশই  ইয়াক  সংবিধানৰ ১৪নং, ১৫নং, ১৯নং আৰু ২১নং অনুচ্ছেদৰ পৰিপন্থী বুলি গণ্য কৰে৷ অশ্বিনী কুমাৰ উপাধ্যায় নামৰ বিজেপি দলৰ সদস্য এজনে এই ব্যৱস্থাক অসাংবিধানিক ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত ২০১৯ বর্ষত এক ৰাজহুৱা স্বার্থজডিত আবেদন কৰিছিল৷ অৱশ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশদ্বয় দীপক গুপ্তা আৰু অনিৰুদ্ধ  বোসৰ খণ্ডপীঠে এই আবেদন অগ্রাহ্য কৰে৷ যাৰদ্বাৰা আন্তঃৰাজ্যিক পাৰপত্রৰ ডেৰ শতিকাজোৰা ব্যৱস্থাই আজিৰ প্রেক্ষাপটতো ন্যায্যতা লাভ কৰে ৷

নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়ৰ চৰকাৰে  ২০১৯ বর্ষত আই এল পি ব্যৱস্থাক লৈ তৎপৰতা প্রকাশ কৰাৰ সময়তে অসম চৰকাৰৰ অলক্ষিতে এই আইনৰ প্রস্তাৱনাৰ পৰা কেন্দ্রীয় চৰকাৰে ২০১৯ চনৰ ডিচেম্বৰ  মাহত সংশোধনী প্রস্তাৱ গ্রহণ কৰি অসমৰ নাম কর্তন  কৰিছে৷ ৰাজ্যবাসীৰ সন্মতি অবিহনে এনে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ অবাঞ্ছিত৷ অসমৰ ৰাইজ আৰু চৰকাৰে ইয়াৰ বিৰুদ্ধে  ঐক্যবদ্ধ ব্যৱস্থা গ্রহণ কৰা বাঞ্ছনীয়৷ বর্তমান কেন্দ্রীয় চৰকাৰে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সুদীর্ঘ ৩৫ বছৰৰ মূৰত ৬নং দফা কার্যকৰী কৰাৰ সদিচ্ছা প্রদর্শনৰ সময়ত অসমবাসীয়ে আই এল পিৰ সুৰক্ষা লাভ কৰাৰ সুযোগ আহিছে৷ অসমবাসীৰ সাংবিধানিক সুৰক্ষাৰ বাবে এই ব্যৱস্থা পুনৰ বলৱৎ একান্তই কাম্য ৷

You might also like