অসম মেডিকেল কলেজত পেথ’লজি হেৰিটেজ মিউজিয়াম উদ্বোধন
বিশেষ বাৰ্তা, ১৬ জুলাই: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজী হেৰিটেজ মিউজিয়াম আজি উপাধ্যক্ষ তথা অধ্যাপিকা ডাঃ ৰীমা নাথে নতুনকৈ সংবৰ্দ্ধন কৰা সংগ্ৰহালয়টো উদ্বোধন কৰাৰ সময়তে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ পৰে অগণন চিকিৎসক তথা চিকিৎসাকৰ্মী। এই অনুষ্ঠানত অধ্যাপক সদস্য, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে সংগ্ৰহালয়টোক পূৰ্বৰ গৌৰৱলৈ ঘূৰাই অনা দেখি অতি উৎফুল্লিত হৈ পৰে।পেথ’লজী বিভাগৰ অধ্যাপিকা আৰু মুৰব্বী ড০ আদিত্য শৰ্মাই সংবৰ্দ্ধন কৰা সংগ্ৰহালয়টোৰ প্ৰতি উৎসাহ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বহুখিনি উপকৃত হ’ব। “পেথ’লজি মিউজিয়ামত এতিয়া ১৯৯১ চনৰ পৰা সংগ্ৰহ কৰা ১৫০০ৰো অধিক নমুনা আছে। ইয়াৰ দ্বাৰা বৰ্তমান আৰু ভৱিষ্যতৰ চিকিৎসা পেছাদাৰী, অধ্যাপক সদস্য আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এক মূল্যৱান শৈক্ষিক সম্পদ হৈ ৰব।এই সংগ্ৰহালয়টোক হেৰিটেজ কনজাৰ্ভেচন ছ’চাইটি অৱ অসমে (হেচিএছএ) ঐতিহ্য কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে”—-ডাঃ শৰ্মাই কয়।সংবৰ্দ্ধন কৰা প্ৰকল্পটোৰ প্ৰতি মুক্তহস্তে দান কৰা ৩,৬৫,৬৫০ তথা ধন আগবঢ়োৱা ১৯৬৪ চনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ সহায়ৰ লগতে ব্যক্তিগত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়খনৰ অৱদানেও সংবৰ্দ্ধন কৰা সংগ্ৰহালয়ৰ সপোনক বাস্তৱত পৰিণত কৰাত সহায় কৰা বুলিও উল্লেখ কৰে। ড০ নিত্য গুপ্তাৰ ডিজাইন আৰু ব্ৰিটিছ স্থাপত্যৰ পৰা অনুপ্ৰাণিত এই সংস্কাৰ কৰা সংগ্ৰহালয়টোত মিহি কাঠৰ ভিতৰৰ অংশ, উচ্চ চিলিং আৰু গ্ৰীক দেৱতা এস্কলেপিয়াছৰ মূৰ্তিকে ধৰি ঐতিহাসিক সামগ্ৰীৰ অতি নিখুতভাবে প্ৰদৰ্শন কৰা হৈছে। ইয়াত বহুতো নমুনা, লেটিন আৰু গ্ৰীক যুগৰ চিত্ৰ আৰু হাতেৰে নিৰ্মিত চিত্ৰকল্প আছে। সংগ্ৰহালয়টোৰ বিভিন্ন অংশত কাঁচৰ বেৰযুক্ত ষ্টীলৰ কেবিনেটৰ সৈতে নমুনাৰ অংশ, ঐতিহাসিক সঁজুলিৰে সৈতে প্ৰস্তুতি কক্ষ আৰু শিল্পীৰ কোঠা আদি অন্তৰ্ভুক্ত কৰা হৈছে। বক্ৰ কাঠৰ টেবুল আৰু বেঞ্চ থকা প্ৰাচীন শ্ৰেণীকোঠাটোৰ পেথ’লজিষ্ট, চাৰ্জন আৰু অস্থিৰোগ বিশেষজ্ঞ সকলৰ প্ৰিয় ঠাই বুলিও বিবেচিত হৈছে।প্ৰথমে বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে পৰিচিত অসম চিকিৎসা মহাবিদ্যালয়খন ১৯৪৭ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই চহকী ইতিহাস আছে।১৯৪৮ চনত অধ্যাপক এ ই চাণ্ডাৰছনৰ নেতৃত্বত আৰম্ভ হোৱা পেথ’লজী বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে মহাবিদ্যালয়খনৰ উন্নয়ন। বছৰ বছৰ ধৰি ডাঃ নিত্য গুপ্তা, ডাঃ এন চি দে, ডাঃ বি ডি বৰুৱা, ডাঃ এন জি বেনাৰ্জী, ডাঃ এল কাকতি আৰু ডাঃ পিন তনেজাৰ দৰে পেথ’লজিষ্টে মৰণোত্তৰ ব্লক, মিউজিয়াম আৰু প্ৰশাসনিক ব্লক স্থাপনৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছিল।উল্লেখ্য যে
পেথ’লজি বিভাগৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তি আছিল ডাঃ নেপাল চন্দ্ৰ দে।বিগত ১৯৫১ চনত যোগদান কৰি অৱশেষত ১৯৫২ চনত বিভাগটোৰ মুৰব্বী হৈছিল।চিকিৎসা পৰজীৱবিজ্ঞান, মাইক্ৰ’লজী আৰু গ্রীষ্মমণ্ডলীয় ছালৰ ৰোগ,পেথ’লজী মিউজিয়ামৰ বিকাশ, নমুনাৰ নিখুঁত ব্যৱস্থা আৰু সঠিক তালিকাভুক্ত কৰাটো নিশ্চিত কৰাত তেওঁ বিশেষভাৱে সহায় কৰিছিল। স্বাভাৱিকতেই আজি নতুন ৰূপত সজাই মানৱ সমাজৰ বাবে উন্মোচন কৰা এই সংগ্ৰাহলয় ভবিষ্যতৰ প্ৰজন্মৰ বাবে এক মাইলৰ খুটি হৈ ৰব।
প্ৰেৰক বিভাস দুৱৰা