ধৰ্ম আৰু বিজ্ঞান
- হোমেন বৰগোহাঞি
যিকোনো এটা বৃহৎ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আগতে ভাৰতীয় হিন্দুসকলে প্ৰকৃতিৰ পূজা কৰে । প্ৰকৃতি পূজাৰ এই প্ৰথা ধৰ্মনিৰপেক্ষ জৱাহৰলাল নেহৰুৰ দিনতো আছিল, হিন্দুত্ববাদী নৰেন্দ্ৰ মোডীৰ দিনতো অব্যাহত আছে । কাৰো বিশ্বাসত আঘাত কৰিব নোখোজোঁ । কিন্তু নিজৰ বিশ্বাস ব্যক্ত কৰাৰ অধিকাৰো হেৰুৱাব নোখোজোঁ ।
এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে যোৱা প্ৰায় চাৰিশ বছৰত যিখন আধুনিক জগত ক্ৰমান্বয়ে নিৰ্মিত হৈ হৈ আজিৰ অৱস্থা পাইছেহি, সেই আধুনিক জগতখনৰ নিৰ্মাণৰ এশ শতাংশ কৃতিত্ব পাশ্চাত্য জগতৰ প্ৰাপ্য । পাশ্চাত্য জগতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অবিৰাম সাধনাৰ প্ৰাপ্য । প্ৰাচীন কালৰ দুটা মহান সভ্যতাৰ ভিতৰত গ্ৰীক সভ্যতাই গভীৰ মনোযোগ দিছিল প্ৰকৃতিৰ অধ্যয়নৰ প্ৰতি, অৰ্থাৎ বিজ্ঞান চর্চাৰ প্রতি ৷ বিজ্ঞান চর্চাৰ সুদৃঢ় ভেটিটো নির্মাণ কৰিছিল প্রাচীন গ্রীকসকলে৷ সেই ভেটিৰ ওপৰত আধুনিক বিজ্ঞান–ভিত্তিক মানৱ সভ্যতাৰ বিশাল সৌধ নির্মাণ কৰিছে ইউৰোপীয়সকলে৷ এইক্ষেত্রত ভাৰতৰ কোনো মৌলিক অৱদান নাই ৷ ইউৰোপ গুৰু ভাৰত শিষ্য৷ ইউৰোপ উত্তমর্ণ, ভাৰত অধমর্ণ৷ ইউৰোপ দাতা, ভাৰত গ্রহিতা৷ ওপৰত উল্লেখ কৰা যি বিশাল নির্মাণকার্যৰ প্রাক্মুহূর্তত ভাৰতীয় হিন্দুসকলে প্রকৃতিৰ পূজা কৰে, সেই নির্মাণৰ কাৰণে প্রয়োজন হোৱা গজালৰ পৰা আৰম্ভ কৰি আধুনিকতম প্রযুক্তিবিদ্যালৈকে প্রতিটো বস্তুৱেই প্রকৃতি–গৱেষক পাশ্চাত্য জগতৰ দান প্রকৃতি–পূজক ভাৰতীয়সকলৰ দান নহয়৷ খ্রীষ্টিয় ত্রয়োদশ শতিকাত এৰিষ্টটল আৰু অন্যান্য গ্রীক দার্শনিকসকলৰ ৰচনাৰ আৰবী আৰু হিব্রু অনুবাদে ইউৰোপীয় মনক প্রবলভাৱে জোকাৰণি দিলে৷ ধর্মশাস্ত্র আৰু ডগ্মাই বিশ্ব প্রকৃতিৰ যি প্রশ্ণাতীত অতি–প্রাকৃতিক ব্যাখ্যা দিছিল, তাত সন্তুষ্ট হৈ নাথাকি নৱজাগৰণৰ যুগৰ মহান মানৱ–তন্ত্রী আৰু বিজ্ঞানীসকলে পর্যবেক্ষণ আৰু পৰীক্ষাৰ দ্বাৰা বিশ্ব সৃষ্টিৰ ৰহস্য অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলে৷ ‘জ্ঞান যিমানেই বাঢ়িল, ভয় সিমানেই কমিল৷ প্রকৃতিৰ অজ্ঞাত শক্তিক পূজা কৰাৰ পৰিৱর্তে মানুহে তাক জয় কৰিবলৈ চেষ্টা কৰিলে৷’ (উইল ডুৰাণ্ট)
মানৱ সভ্যতাৰ ইতিহাসত বৈজ্ঞানিক যুগৰ আৰম্ভ হ’ল, আৰু তাৰ প্রথম আৰু প্রধান প্রবক্তাস্বৰূপে ফ্রান্সিছ বেকনে ঘোষণা কৰিলে Knowledge is power, জ্ঞানেই হ’ল শক্তি৷ উইল ডুৰাণ্টৰ ভাষাত ‘ইয়েই হ’ল ইতিহাসত প্রথমবাৰৰ কাৰণে আধুনিক বিজ্ঞানৰ মর্মবাণী৷’ আধুনিক বিজ্ঞানৰ প্রথম মুখ্য প্রবক্তা ফ্রান্সিছ বেকনে ঘোষণা কৰিলে যে প্রকৃতিৰ ৰহস্য জনাটোৱেই বিজ্ঞানৰ একমাত্র উদ্দেশ্য হ’ব নালাগিব তাৰ আন এটা প্রধান উদ্দেশ্য হ’ব লাগিব প্রকৃতিৰ অন্তর্নিহিত ৰহস্যৰ বিষয়ে জ্ঞান লাভ কৰি তাৰ ওপৰত মানুহৰ প্রভুত্ব বিস্তাৰ কৰা, প্রকৃতিৰ শক্তিসমূহক মানুহৰ সেৱকত পৰিণত কৰা ৷
বেকনৰ দ্বাৰা নির্দেশিত এই পথ অনুসৰণ কৰি আধুনিক বিজ্ঞানে মাত্র যোৱা ৪০০ বছৰৰ ভিতৰতে মানুহৰ পৰিৱেশ, জীৱন যাত্রা আৰু আনকি জীৱনৰ উদ্দেশ্যতো কি বৈপ্লৱিক পৰিৱর্তন সাধন কৰিছে সি আজি আধুনিক জগতৰ প্রতিজন মানুহৰেই ব্যক্তিগত অভিজ্ঞতাৰ বিষয় ৷
এই বিজ্ঞান–বুদ্ধি আৰু যুক্তিবাদৰ সহায়েৰে পাশ্চাত্য জগতে সমগ্র পৃথিৱী জয় কৰি এতিয়া গ্রহ–গ্রহান্তৰ জয় কৰিবলৈ আগবাঢ়িছে৷ নানাবিধ জাগতিক সমস্যাৰ সন্মুখীন হৈ মানুহে বিজ্ঞান আৰু যুক্তিৰ দ্বাৰস্থ হ’ব নে অন্ধবিশ্বাস আৰু তন্ত্র–মন্ত্রৰ আশ্রয় ল’ব সেইটোৱেই হ’ল মৌলিক প্রশ্ণ৷ ভাৰতে দ্বিতীয়টোৰ আশ্রয় লৈছিল, সেই কাৰণে এই দেশ বৈষয়িক উন্নতিৰ ক্ষেত্রত অর্থাৎ পার্থিৱ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্রত বহু শতাব্দী পিছপৰি থাকিল৷ এতিয়া এই দেশত বৈজ্ঞানিক দৃষ্টিভংগী আৰু যুক্তিবাদৰ উন্মেষ হৈছে মাত্র এনে সময়তে যদি মাটি–পানী–শিলৰ পূজাৰ মাহাত্ম্যক বিশ্বাস কৰিবলৈ মানুহক প্রকাৰান্তৰে বাধ্য কৰা হয়, অর্থাৎ ভাৰতৰ মাটিত নতুনকৈ জন্ম লোৱা বিজ্ঞান চেতনা আৰু যুক্তিবাদৰ ভ্রূণ হত্যা কৰা হয় তেন্তে মানুহৰ বিৰুদ্ধে তাতোকৈ ডাঙৰ পাপ আন একো নহ’ব৷ ধর্মই মানুহৰ চেতনাক নতুন আয়তন দিয়ক, অভীপ্সাক নতুন মহত্ত্ব দিয়ক, তাত কাৰো একো আপত্তি নাই৷ কিন্তু ধর্মৰ নামত যেন অন্ধবিশ্বাসে বহু শতাব্দীৰ কু–সংস্কাৰ আৰু অন্ধবিশ্বাসৰ পিটনিৰ পৰা মূৰ দাঙি ঠিয় হ’ব খোজা ভাৰতৰ মানুহক পুনৰ সেই পিটনিলৈ ঠেলি নিদিয়ে– তাৰ প্রতি সতর্ক দৃষ্টি ৰখাটো প্রত্যেকজন যুক্তিবাদী আৰু শুভবুদ্ধিসম্পন্ন মানুহৰ অৱশ্য–কর্তব্য ৷