ওদালগুৰিত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ দাবীত ধৰ্ণা
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃওদালগুৰি জিলাৰ বামুনজুলি চাহ বাগিচাত চাহ শ্ৰমিকৰ ধৰ্ণা । জনজাতিকৰন , দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি , উন্নত চিকিৎসা প্ৰদান , বিশুদ্ধ খোৱা পানীৰ যোগানৰ দাবীত স্থানীয় বামুনজুলি আঞ্চলিক আটছাৰ উদ্যোগত এই কাৰ্য সূচী ৰূপায়ন কৰে ।প্ৰায় তিনি শতাধিক চাহ শ্ৰমিকে বিভিন্ন শ্লʼগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এক ঘণ্টীয়া এই কাৰ্য সূচী ৰাতিপুৱা সাত বজাত অনুষ্ঠিত হয় । দীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ চাহ শ্ৰমিক সকলক বঞ্চনা কৰাৰ দৰে শাসনাধিষ্ট বিজেপিয়েও চৰম প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি আগন্তুক নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে চাহ শ্ৰমিক সকল সাজু বুলি মন্তব্য কৰে । অতি শীঘ্ৰে এই দাবী সমূহ কাৰ্য কৰি নকৰিলে তীব্ৰ গনতান্ত্ৰীক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।