ইউটিউবৰ বাবে দিন হাজিৰা কৰা এজন যুৱক এতিয়া সফল বাঁহীবাদক
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ ছচিয়েল মিডিয়াই যে মানুহৰ জীৱন সলনি কৰিব পাৰে তাৰে এটা সৰু উদাহৰণ হ’ল লখিমপুৰৰ এজন যুৱক।
লখিমপুৰৰ নাওবৈছাৰ দ’লহাট লোকামপুৰৰ দুদুল শইকীয়া নামৰ যুৱক জনে এটা সময়ত দিন হাজিৰা কৰিছিল । কিন্তু কিছু বছৰ পূৰ্বে এক ভয়ানক দুৰ্ঘটনাত পতিত হৈ দুদুলে দিন হাজিৰা কৰিব নোৱৰা হৈ পৰে। যাৰ পৰিপেক্ষিতত দুদুলে ঘৰতে শুই-বহি ইউটিউব চাই সময় পাৰ কৰে। এনেদৰে ইউটিউব ৰ পৰাই এদিন দুদুলে বাঁহী বনোৱা কাম শিকা আৰম্ভ কৰে। সমান্তৰালভাৱে বাঁহী বাদনো শিকিবলৈ ধৰে। এতিয়া দুদুল এজন সফল বাঁহীবাদক।