জামুগুৰিহাটৰ চৰ চাপৰিত পুনৰ উচ্ছেদ প্ৰশাসনৰ
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ পুনৰ জামুগুৰিহাটৰ চৰ চাপৰিত উচ্ছেদ চলালে প্ৰশাসনে। চৰ অঞ্চলত অবৈধভাৱে চৰকাৰী মাটি দখল কৰি বাসগৃহ নিৰ্মাণ কৰা প্ৰায় অৰ্ধশতাধিক লোকক আজি উচ্ছেদ কৰে প্ৰশাসনে। জামুগুৰিহাটৰ লালটাপু, দীঘলীচাপৰি, মকুৱা চাপৰি, চিৰুৱানীত পুনৰ উচ্ছেদ চলালে প্ৰশাসনে।
এই চৰ অঞ্চলবোৰত একাংশ লোকে দীৰ্ঘদিনে চৰকাৰী মাটি দখল কৰি বাসগৃহ নিৰ্মাণ কৰিছিল। বাৰে বাৰে প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতো গুৰুত্ব নিদি উচ্ছেদিত অঞ্চলসমূহৰ নাতিদূৰত ঘৰ নিৰ্মাণ কৰিছিল একাংশ লোকে। লগতে ঘৰ নিৰ্মাণত ব্যৱহৃত সকলো সামগ্ৰী ধ্বংস কৰে প্ৰশাসনে। উল্লেখ্য যে বিগত বৰ্ষৰ ৬ ডিচেম্বৰ আৰু ১০ ফেব্ৰুৱাৰীতো প্ৰশাসনে এই স্থানসমূহত উচ্ছেদ চলাইছিল।