নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : মদন কামদেৱ দেৱালয়

চন্দ্র চহৰীয়া

উত্তৰ ভাৰতত কম সময় ৰাজত্ব কৰি চান্দোল ৰজাসকলে খাজুৰাহোত নগৰ স্থাপত্যৰ শ্রেষ্ঠতম আৰু সুন্দৰতম মন্দিৰ থূপটো সৃষ্টি কৰি থৈ যোৱাৰ দৰে অসমত (কামৰূপত) দশম শতিকাৰ শেষৰ পৰা দ্বাদশ শতিকাৰ আৰম্ভণিলৈ কামৰূপত ৰাজত্ব কৰা পালবংশীয় ৰজাসকলে আটাইতকৈ চহকী স্থাপত্য–ভাস্কর্যৰ ধাৰাটোৰ সৃষ্টি কৰিছে৷ এই পালবংশীয় স্থাপত্যৰ আটাইতকৈ ডাঙৰ থূপটোৱেই হৈছে মদন কামদেৱত থকা শিল আৰু ইটাৰে নির্মিত স্থাপত্য–ভাস্কর্যসম্৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত দৃষ্টিনন্দন প্রাকৃতিক শোভামণ্ডিত ‘দিবানগিৰি’ বা মদন কামদেৱ পাহাৰত প্রত্নতত্ত্বৰ ৰত্ন ভাণ্ডাৰ ‘মদন কামদেৱ দেৱালয়’ অৱস্থিত৷ পাহাৰৰ ওপৰত সমতল ভূমিত থকা শৈল মন্দিৰৰ শিলামূর্তি মূলতঃ দেৱালয়খনৰ অন্তর্ভাগৰ পূজা–র্চনাৰ ঘাই থলী৷ তদুপৰি ইয়াৰ মূল মণিকূট তথা গর্ভত স্থিত আলিংগনোপৱিষ্ট উমা–মহেশ্বৰৰ যুগল মূর্তিয়েই পূজাৰ ঘাই উপাস্য দেৱতা৷ পাহাৰৰ নামনি তথা ওচৰৰে বৈ গৈছে মদনকুৰি নামৰ সৰু নৈখন৷

উল্লেখ্য যে মদন কামদেৱ দেৱালয় সম্পর্কত কোনো লিপি অথবা প্রামাণিক তথ্য উদ্ধাৰ নোহোৱাত ইয়াৰ পৰিচয়ৰ উৎস সঠিকভাৱে পোৱা নাযায়৷ অৱশ্যে যোগিনীতন্ত্রৰ উত্তৰ খণ্ডত মদন কামদেৱ পাহাৰক মদনাচল আৰু মদনকুৰি নৈখনক মদন কুণ্ডৰূপে উল্লেখ কৰিছে৷ এইপ্রসংগত উল্লেখ কৰাটো সমীচীন হ’ব যে ১৯৪৩ চনত তৰণীকান্ত শর্মাৰ ‘জার্নেল অৱ দ্য আছাম ৰিছার্চ ছ’টাইটী’ শীর্ষক পত্রিকাত মদন কামদেৱ দেৱালয়ৰ ১২টা মন্দিৰৰ অৱশেষ থকাৰ কথা প্রকাশ হোৱাৰ উপৰি ১৮৫১ চনৰ ইংৰাজ সামৰিক বিষয়া কেপ্ঢেইন ই টুইট ডেল্টনে ‘বেংগল এছিয়াটিক ছ’টাইটী’ৰ পত্রিকাত দেৱালয়খনত ১৮টা মন্দিৰৰ অৱশেষ থকা বুলি প্রবন্ধৰ জৰিয়তে প্রকাশ কৰিছিল৷ পৰৱর্তী সময়ত আনন্দ চন্দ্র আগৰৱালাৰ ‘কামৰূপৰ তীর্থ বিচৰণ’, ড০ মহেশ্বৰ নেওগ সম্পাদিত ‘পৱিত্র অসম’ আদি গ্রন্থত মদন কামদেৱ দেৱালয়ৰ কিছু কথা উল্লেখ কৰিছে৷

তদুপৰি প্রত্নতত্ত্ববিদ ড০ প্রদীপ শর্মাই তেওঁৰ বিভিন্ন প্রবন্ধত দেৱালয়খনৰ ভালেমান ইতিপূর্বে পোহৰলৈ নহা গৱেষণামূলক তথ্য দাঙি ধৰিছে৷ পৰৱর্তী সময়ত বিশিষ্ট লেখক অনিল ডেকাকে প্রভৃতি কৰি ভালেসংখ্যক লেখকে দেৱালয়খন সন্দর্ভত বহু তথ্য উল্লেখ কৰিছে৷ মদন কামদেৱ দেৱালয়ৰ উত্তৰত থকা নৰসিংহ নামৰ পাহাৰৰ শীর্ষত এটা বৃহৎ স্থাপত্যৰ সামান্য অৱশেষ চকুত পৰে৷ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ তথ্য অনুযায়ী পূবা–পশ্চিমাকৈ থকা মদন কামদেৱ পাহাৰৰ পশ্চিম অঞ্চলত প্রধানকৈ শিলৰ মন্দিৰ আছিল আৰু ক্রমে পূব আৰু পূবৰ নামনি অংশত শৈল মন্দিৰৰ লগতে ইটাৰ গাঁথনিৰ অংশবিশেষৰ অৱশেষ দেখা যায়৷ ইয়াত উদ্ধাৰ কৰা মূর্তিসমূহৰ প্রায় সকলোখিনি মদন কামদেৱ নামৰ মন্দিৰটোৰ অংশহে৷ বাকীবোৰ স্থাপত্যৰ অংশসমূহ ইতিমধ্যে লুপ্ত হৈছে আৰু কেৱল ভেটিৰ চিনবোৰহে বর্তি আছে৷

প্রণিধানযোগ্য যে মদন কামদেৱ নামটোৰ লগত ইয়াৰ ঐতিহ্যখিনিৰ কোনো ঐতিহাসিক সম্বন্ধ নাই৷ মূল মন্দিৰত প্রতিষ্ঠিত উমা–মহেশ্বৰৰ আলিংগনৰ মূর্তিৰ লগত মূল ভেটিত খোদিত যৌন ভংগিমাৰ ভাস্কর্যসমূহৰ বাবেই হয়তো এই ঠাইক প্রেমৰ দেৱতা মদন বা কামদেৱক জড়িত কৰিছিল বুলি প্রবাদ আছে৷ শৈলীৰ বিচাৰেৰে এই ভাস্কর্যশৈলীক দশম শতিকাৰ শেষভাগৰ পৰা দ্বাদশ শতিকাৰ আৰম্ভণিৰ বুলি অনুমান কৰা হয়৷ গুৱাকুঠি তাম্রশাসনত উল্লেখ থকা মহাদৌৰী কামেশ্বৰেই এই মন্দিৰৰ ঐতিহাসিক নাম আছিল বুলি কোনো কোনো গৱেষকে মত প্রকাশ কৰে৷ ইয়াৰ মূল উপাস্য মূর্তি তথা মন্দিৰবোৰৰ সমীপতে কেইটামান গজকালৰ মূর্তি দেখা যায়৷ গজকাল হ’ল এইবিধ মূর্তিত বহি থকা হাতী এটাক সিংহ এটাই বশ কৰি থকা ভংগীত পৰিলক্ষিত হয়৷ উল্লেখ্য যে এনে গজকাল অথবা গজসিংহ আকাৰৰ মূর্তি ওড়িশাৰ একাংশ মন্দিৰত দেখা যায়৷ সাধাৰণতে এইবিধ মূর্তিয়ে মন্দিৰৰ সন্মুখভাগ শুৱনি কৰিছিল৷ একেদৰে কাৰুকার্যখচিত শিৰপট্টিবোৰৰ গাত নাগৰ মন্দিৰৰ নক্সাৰ লগতে খলাটবিশ্ব মানে হ’ল শিৰপট্টিৰ মাজৰ ঝংকাৰ দেৱকোষ্ঠত গণেশগজ, লক্ষ্মী, ঘোঁৰা, দেৱ–দেৱীৰ মূর্তি, গৰুড়, পদ্মফুল আদি থকা ঠাই৷ খনন কার্যত উদ্ধাৰ হোৱা আকর্ষণীয় স্থাপত্যাংশ হ’ল– এচটা বিশ্ব পদ্মখচিত বিশাল আকাৰৰ তৌলীৰ শিল আৰু তাতোকৈ বৃহৎ আকাৰৰ খণ্ডিত বৃত্তাকাৰ শিলৰ চটা৷

একেদৰে মূর্তিৰ পটিত নৃত্যৰতা শিল্পী ৰিপুঞ্জয় যোদ্ধা, দ্বাৰপাল, পঞ্চৰম আর্হিৰ বিমান আদিও খোদিত আছে৷ ১৯৭২ চনত প্রত্নতাত্ত্বিক সঞ্চালকালয়ে দেৱালয়খনৰ বিভাগীয় দায়িত্ব গ্রহণ কৰে৷ অৱশ্যে ১৯৭৭ চনত প্রত্নতাত্ত্বিক সম্পদসমূহ উদ্ধাৰৰ বাবে খনন কার্য আৰম্ভ কৰে যদিও এই কার্য বিভাগীয় কাৰণত বন্ধ কৰি দিয়ে৷ পৰৱর্তী সময়ত ১৯৮২–৮৩ চনত খনন কার্য চলাই শৈল ভাস্কর্য মূর্তিসমূহ উদ্ধাৰ কৰাৰ উপৰি মূল মন্দিৰটো উদ্ধাৰ কৰে৷ এনে খনন কার্যত প্রায় দুই শতাধিক দেৱ–দেৱীৰ মূর্তিৰ উপৰি একাধিক শিৱ মন্দিৰৰ ভগ্ণাৱশেষ আৱিষৃকত হৈছে৷ উদ্ধাৰ হোৱা ভাস্কর্যসমূহৰ ভিতৰত আছে– দেৱ–দেৱীৰ মূর্তি, নৰ–নাৰীৰ মূর্তি, প্রতীকধর্মী ভাস্কর্য আৰু অলংকৰণ বিষয়ক ভাস্কর্য৷ অৱশ্যে উদ্ধাৰ হোৱা একাংশ শৈল ভাস্কর্য ভগ্ণাৱশেষ পর্যায়ত উদ্ধাৰ হৈছে৷ মদন কামদেৱ দেৱালয়ৰ পাহাৰৰ বিভিন্ন অংশত সিঁচৰতি অৱস্থাত থকা আন বহু শৈল ভাস্কর্য অদ্যাপি পৰিকল্পিতভাৱে সংৰক্ষণ নোহোৱাটো উদ্বেগৰ বিষয়৷ একেদৰে মদন কামদেৱৰ পার্শ্বৱর্তী সমতল ভূমিতো খনন কার্য চলালে আৰু এনে অধিক শৈল ভাস্কর্য উদ্ধাৰ হ’ব বুলি স্থানীয় লোকসকলে এই প্রতিবেদকৰ আগত মন্তব্য কৰিছে৷ ৰাজ্যিক প্রত্নতত্ত্ব বিভাগে দেৱালয়খনৰ গুৰুত্ব বৃদ্ধি কৰাৰ আঁচনি গ্রহণ কৰি উদ্ধাৰ হোৱা শৈল ভাস্কর্যসমূহৰ সংৰক্ষণ তথা প্রচাৰ আৰু প্রদর্শনৰ বাবে দেৱালয়খনতে এটা সংগ্রহালয় স্থাপন কৰি দেৱালয়খনৰ গুৰুত্ব বৃদ্ধিত নতুন মাত্রা প্রদান কৰিছে৷ একেদৰে দেৱালয়ৰ একাংশত জৈৱ– বৈচিত্র্য সংৰক্ষণৰ বাবে বিভিন্ন দুষ্প্রাপ্য প্রজাতিৰ উদ্ভিদৰ বাগিচা নির্মাণ কৰি প্রকৃতিপ্রেমীসকলৰ লগতে গৱেষক ছাত্র–ছাত্রীৰ আকর্ষণ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে দেৱালয়খনত ৰতিসূচক মৈথুন মূর্তিৰ প্রাধান্য থকাৰ উপৰি নাগৰযুক্ত কর্দৈসিৰীয়া স্থাপত্য কলাৰ নিদর্শনৰ বাবে মদন কামদেৱ দেৱালয়ক উত্তৰ ভাৰতৰ ‘খাজুৰাহো’ স্থাপত্যৰ লগত তুলনা কৰিব পাৰি৷ দেৱায়খনৰ স্থাপত্যসমূহৰ গুৰুত্ব এই কাৰণেই বেছি যে ৰাজ্যখনত থকা মধ্যযুগীয় কোনো অৱশেষতে ইমানখিনি স্থাপত্য আৰু ভাস্কর্যৰ সাক্ষী একে থূপতে ৰৈ যোৱা নাই৷ কি কাৰণত কাৰ পৃষ্ঠপোষকতাত পাহাৰৰ শীর্ষৰ অৰণ্যভূমিত কোন শিল্পীয়ে এই দৃষ্টিনন্দন অপূর্ব ভাস্কর্য কাটি উলিয়াইছিল, সেই কথা অদ্যাপি ৰহস্যাবৃত্ত কিম্বা অজ্ঞানতাৰে আবৃত৷ বিগত দিনত চৰকাৰে বিভিন্ন সময়ত অনুদান আগবঢ়াই আহিছে যদিও দেৱালয়খন পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত আৰু অধিক চৰকাৰী অনুদান তথা পদক্ষেপৰ প্রয়োজন৷ কাৰণ বহুসংখ্যক শৈল ভাস্কর্য বর্তমানেও ৰ’দ–বৰষুণৰ প্রভাৱত জধে–মধে পৰি থকাৰ লগতে শেলাই, চেলনিয়ে আগুৰি ধৰিছে৷

প্রণিধানযোগ্য যে ওঠৰ শতিকাত ৰজা শিৱসিংহই দেৱালয়খন মেৰামতি কৰি দিয়াৰ লগতে এগৰাকী ব্রাহ্মণক দলৈ হিচাপে সংস্থাপিত কৰিছিল৷ পৰৱর্তী সময়ত দেৱাল পৰিচালনা সমিতি গঠনৰ জৰিয়তে দলৈ নিয়োগ কৰা হয়৷ সম্প্রতি কমলপুৰ সমষ্টিৰ ৰাজহ চক্র বিষয়াৰ তত্বাৱধানত ২২জনীয়া এখন পৰিচালনা সমিতিয়ে দেৱালয়ৰ বিভাগীয় কাম–কাজসমূহ পৰিচালনা কৰি আছে৷ এই সমিতিৰ ভাৰপ্রাপ্ত সম্পাদক মুকুল কুমাৰ ডেকাই এই প্রতিবেদকক জানিবলৈ দিয়া মতে, দেৱালয়খন পৰিদর্শনৰ বাবে বিগত বর্ষসমূহত ফ্রান্স, আমেৰিকা, লণ্ডন, পেৰিছৰ উপৰি দেশী পর্যটকৰ ভিতৰত ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, কেৰালা আদি ৰাজ্যৰ বহুসংখ্যক পর্যটকে দেৱালয়খন পৰিদর্শন কৰি ইয়াত থকা প্রাচীন শৈল–ভাস্কর্যসমূহ স্বচক্ষে চাই অভিভূত হৈছে৷ সম্পাদকগৰাকীয়ে আৰু জানিবলৈ দিয়া মতে ফ্রান্সৰ বহুসংখ্যক পর্যটকে দেৱালয়খন পৰিদর্শন কৰিছে৷ ৰাজ্য চৰকাৰে দেৱালয়খনৰ শ্রীবৃদ্ধি কৰাৰ লগতে পর্যটকৰ থকা–খোৱা আদি ব্যৱস্থাৰ দিশত মনোনিৱেশ কৰিলে আগত দিনত আৰু অধিক পর্যটকৰ আগমন ঘটিব বুলি সম্পাদকগৰাকীয়ে জনায়৷ একেদৰে চৰকাৰৰ পুৰাতত্ত্ব বিভাগেও নতুনকৈ খনন কার্য চলাই মাটিত পোত গৈ থকা শৈল ভাস্কর্য সম্পদসমূহ উদ্ধাৰ কৰি এক বৃহৎ সংগ্রহালয় স্থাপন কৰি দেৱালয়খনৰ ঐতিহ্য বৃদ্ধি কৰাৰ লগতে গৱেষণাৰ উৎস হিচাপে দেৱালয়খনৰ মান তথা গুৰুত্ব পর্যটকৰ বাবে বৃদ্ধি কৰা প্রয়োজন৷ পর্যটনৰ বাবে উপযুক্ত সা–সুবিধা গঢ়ি উঠিলে চৰকাৰৰ ৰাজহ সংগ্রহৰ বাট প্রশস্ত হ’ব৷

ফোনঃ ৯১০১১–৮৭৬৩০

You might also like