বৃদ্ধ পিতৃ–মাতৃৰ পৰিচর্যা আৰু পৰিতৃপ্তি
- ৰীণা বুঢ়াগোহাঁই বৰুৱা
কোনে মোক তুলি–তালি কৰিলে ডাঙৰ/মৌসনা মিঠা মাতে পাহৰি ভাগৰ…
যাৰ বাবে পৃথিৱীৰ পোহৰ দেখিবলৈ পোৱা যায়, যাৰ বুকুৰ উমত প্রতিপালিত হোৱা যায়, যাৰ সংস্কাৰে আমাক মানুহ বুলি চিনাকি দিব পাৰে, যাৰ আস্থা আৰু বিশ্বাসক বুকুত বান্ধি জীৱনৰ সপোন দেখিব পাৰি, যাৰ ছত্রছায়াই ওৰে জীৱন নিৰাপত্তা প্রদান কৰে, যাৰ প্রতিটো উশাহ–নিশাহত সন্তানৰ উশাহ–নিশাহ জডিত হৈ থাকে, যি নিজে নাখায়ো সন্তানক খুৱাবলৈ, নিজে নিপিন্ধি সন্তানক পিন্ধাবলৈ পৰিশ্রম কৰে, যাৰ শ্রমৰ বিনিময়ত সন্তান লালিত–পালিত হয়, সেয়া হ’ল পিতৃ–মাতৃ৷ আমাৰ জন্মদাতা, আমাৰ অন্নদাতা, আমাৰ পথ প্রদর্শক, আমাৰ ভৱিষ্যৎ নির্মাতা৷
এটা সময় আহি পৰে যি সময়ত আমাৰ পিতৃ–মাতৃসকলৰ বার্র্ধক্য আহি পৰে, অসুখত ভোগে, নিজে নিজৰ তত্ত্বাৱধান ল’বলৈও তেওঁলোক অপাৰগ হয়, তেতিয়া তেওঁলোকৰ স্বভাৱত শিশুসুলভ গুণবোৰ আহি পৰে৷ আমাৰ কথাতে কয় নহয়– ‘বুঢ়া বুলিলেই ল’ৰা’৷ তেওঁলোকে খাওঁতে–শোওঁতে, উঠোঁতে–বহঁোতে, সকলো কামতে আনৰ সাহচর্যৰ প্রয়োজন হয়৷ কোনোৱে সেয়া পায় আৰু কোনোৱে নাপায়৷ নোপোৱাসকলক পৃথিৱীৰ আটাইতকৈ দুখী মানুহ বুলি ভাবিবলৈ আমি বাধ্য৷ কিয়নো শেষ সময়ত হোৱা দুৰৱস্থা নিজে নেদেখিলে বা নিজৰ নহ’লে অনুমান কৰাটো ইমান সহজ নহয়৷ পুৱা আৰম্ভ হোৱাৰ পৰা তেওঁলোকৰো দৈনন্দিন কার্যসূচী আৰম্ভ হয়৷ বিছনাৰ পৰা উঠাই মুখ–হাত ধুৱাই ঔষধ–পাতি খুৱাই পুৱাৰ চাহ–জলপানেৰে তেওঁলোকৰ দিনটোৰ আৰম্ভণি কৰি নিজৰ কাম বুলি কৰিবলৈ একো বাকী নাথাকেগৈ৷ তেওঁলোকক বহুৱাই থৈ পঢ়িব পৰাজনক একোখন বাতৰিকাকত বা কিতাপ হাতত গুঁজি দি, তেওঁলোকৰ বিছনা ৰ’দাই শুকুৱাই ভালকৈ পাৰি মেলি, ৰুম চাফা কৰি উঠি তেওঁলোকক প্রস্রাৱ–পায়খানা কৰোৱায়, সম্ভৱ হ’লে গা ধুৱাই বা তিতা কাপোৰেৰে গা–মুখ মোহাৰি তেল–টেঙা সানি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ভাল কাপোৰ–কানি পিন্ধাই তেওঁলোকক আহাৰ যোগান ধৰাটো তদাৰক কৰোঁতাজনৰ মূল কর্তব্য৷ প্রয়োজনসাপেক্ষে যেনেকৈ য’ত বহি খাব পাৰে, টেবুলতে হওক বা বিছনাতে হওক, নিজেই খাওক বা খুৱাই দিব লগা হওক, সকলোখিনি কৰিব লগা হয়৷ পানী খুৱাই দিয়াৰ পৰা মাছৰ কাঁইট গুচাই দিয়ালৈকে সকলোখিনি কৰি দিব লগা হোৱাটো বাধ্যতামূলক৷ কাৰণ আনৰ সহায় নহ’লে এটা খোজো দিব নোৱাৰা প্রতিজন পিতৃ–মাতৃক আমি তদাৰক কৰিবলৈ বাধ্য৷ প্রয়োজনসাপেক্ষে ঘৰুৱা সহায়ক ৰখা কথাটোও চিন্তা কৰিব পাৰি৷ কিন্তু আপুনি বা মই যিদৰে পিতৃ–মাতৃৰ পৰিচর্যা কৰিম, সেইদৰে ধনৰ বিনিময়ত কৰাসকলে গাত লাগি সকলো কাম কৰিব বুলি আশা কৰি বহি থাকিব নোৱাৰি৷ গতিকে পৰাপক্ষত নিজে তেওঁলোকৰ তদাৰক কৰাটো বাঞ্ছনীয়৷
বৃদ্ধাৱস্থা আৰু অসুখীয়া সময়ত তেওঁলোকে অলপতে খং কৰে, অভিমান কৰে, ঠেহ পাতে, দুখ কৰে, কান্দে৷ কিন্তু একে সময়তে তেওঁলোকে ঘৰখনৰ মানুহবোৰৰ বদনামো আনৰ আগত কৰে৷ ঘৰলৈ অহা অভ্যাগতৰ আগত অভিযোগ দিয়ে খাবলৈ সময়ত দিয়া নাই, আলপৈচান ধৰা নাই, কোনেও একো কথা নোসোধে, কোনেও নামাতে ইত্যাদি ইত্যাদি৷ এইবোৰ কথাত অৱশ্যে কোনেও পতিয়ন যাব নালাগে৷ ঘৰৰ মানুহেও সেয়া তেওঁলোকৰ ইচ্ছাকৃত অভিযোগ বুলি ভাবি ল’ব নালাগিব৷ ভালৰো ভালটো তেওঁলোকক খাবলৈ দিয়া হয়, দিন–ৰাতি একাকাৰ কৰি উজাগৰে থাকিও তেওঁলোকক পৰিচর্যা কৰিও বহু সময়ত তেনে কথা শুনিলে খং উঠাটো স্বাভাৱিক কথা৷ তেওঁলোকৰ উদ্ভট আচৰণত কেতিয়াবা দিক্–বিদিক্ হেৰুৱাই পেলাবলগীয়া হয়৷ সেই সময়ত প্রয়োজন হয় অসীম ধৈর্য আৰু গভীৰ মনোবলৰ৷ তেনে ব্যৱহাৰ তেওঁলোকৰ হতাশাগ্রস্ততাৰ ফল বুলি আমি ভাবিব পাৰিব লাগিব৷ নিজে একো কাম কৰিব নোৱাৰি তেওঁলোকৰ মনোবল ভাগি পৰে৷ দৈহিক শক্তি হেৰুওৱাৰ লগতে মানসিক শক্তি বা ধৈর্যও হেৰুৱাই পেলায়৷ গতিকে মিছাকৈ তেওঁলোকক খং কৰি বা গালি পাৰিও লাভ নাই৷ বহু সময়ত তেওঁলোকক টান কথা শুনাবলগীয়া অৱশ্যেই হয়৷ সেই সময়ত তেওঁলোকে ইমান অবুজ চাৱনিৰে আৰু দুখী দুখী ভাবেৰে আমালৈ চায়, যেন আমাৰ মনৰ সকলো কলুষতা নিমিষতে ছাই হৈ উৰি যায় আৰু তেওঁলোকৰ চৰণযুগল সাবটি ধৰি মাফ কৰিবলৈ আকুলতাৰে অনুৰোধ কৰিবলৈ মনে কান্দি উঠে৷ অস্ফুট স্বৰতে কৈ উঠোঁ– মাফ কৰিব দেউতা/মা৷
বৃদ্ধাৱস্থাত তেওঁলোকে মৰম আকলুৱা হৈ পৰে৷ সকলোৰে পৰা এষাৰ মৰমৰ মাত, এটা মিঠা চাৱনি, অলপমান তেওঁলোকৰ লগত ঘৰৰ মানুহে সময় কটোৱাটো মনে–প্রাণে বিচাৰে৷ পিতৃ–মাতৃ দুয়োজন জীয়াই থাকিলে একেলগে কথা–বতৰা পাতি সময় অতিবাহিত কৰিবলৈ বিচাৰে৷ ল’ৰা–ছোৱালীৰ পৰা মৰম আশা কৰে, নাতি–নাতিনীৰ সৈতে ইটো–সিটো বহুতো কথা পাতি, ধেমালি কৰি জীৱন অতিবাহিত কৰিবলৈ বিচাৰে৷ যিবোৰৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ বাকী থকা সময়খিনি শান্তিৰে কটাব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ ঘৰখনৰ প্রতিজন মানুহৰ সহযোগ অতি আৱশ্যকীয়৷
বৃদ্ধাৱস্থাত প্রায় সকলোৰে কাণেৰে নুশুনা অৱস্থা এটা আহি পৰে৷ তেওঁলোকক যিকোনো কথা ক’বলৈ বা বুজাবলৈ কিমান টান, সেয়া আপুনি ভুক্তভোগী নহ’লে নুবুজিব৷ ক’ম এটা, বুজিব এটা আৰু নিজে শুনাটোকে বুজি লৈ কেতিয়াবা কিমান যে পয়মাল লগায় সেই সময়ত ধৈর্যৰে পৰিস্থিতি চম্ভালি ল’ব নোৱাৰিলে হিতে বিপৰীত হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি৷
বৃদ্ধাৱস্থাৰ লগৰীয়াৰ আন এটা আনুষংগিক বৈশিষ্ট্য হ’ল এলঝেইমাৰ৷ কথা পাহৰি যোৱা, মানুহ পাহৰি যোৱাটো এই ৰোগৰ বিশেষ চর্ত৷ স্মৰণশক্তি নাথাকিলে বুঢ়া হৈও মানুহ কেঁচুৱা হৈ পৰে৷ নিজে কোন, তেওঁৰ ঘৰ ক’ত, ক’ৰ পৰা আহিছে, ক’ত আছেহি, কাৰ লগত আছে, কোনে খাবলৈ দিছে, তেওঁৰ পৰিয়াল–পৰিজন কিমান নজনাটো বাৰু এজন ব্যক্তিৰ কাৰণে কিমান দুখজনক বতৰা হ’ব পাৰে, এবাৰ ভাবি চাওকচোন৷ তেওঁলোকৰ ব্যথাৰ লগত এবাৰ নিজকে একীভূত কৰকচোন৷ মানৱ জীৱনৰ এটা নেদেখা অধ্যায় আপুনিও দেখিবলৈ পাব৷
পৰাপক্ষত তেওঁলোকক পৃথিৱীৰ লগত সংপৃক্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ বাতৰিকাকত পঢ়ি শুনোৱা (যদিহে নিজে পঢ়িব নোৱাৰা অৱস্থা হয়), টিভিত বাতৰি চাবলৈ সুবিধা কৰি দিয়া, কিতাপ পঢ়িবলৈ দিয়া, ধর্মগ্রন্থ অধ্যয়ন বা ধর্ম সম্পর্কীয় আলোচনা–বিলোচনা কৰিবলৈও তেওঁলোকক সুবিধা কৰি দি তেওঁলোকৰ মানসিক সন্তুলন বজাই ৰাখিব পাৰি বা বার্ধক্যৰ পৰা মনটো ক্ষন্তেকলৈ আঁতৰাই ৰাখিব পাৰি৷
হাতত ধৰি বা লগত থাকি নিজৰ ঘৰৰ চৌপাশতে তেওঁলোকক পুৱা–আবেলি খোজ কঢ়াব পাৰি৷ মুকলি আকাশৰ তলত তেওঁলোকক বায়ু–পানী সেৱন কৰিবলৈ দিব লাগে, সূর্যোদয় আৰু সূর্যাস্তৰ আভাস দিব পাৰি, চৰাইৰ কল–কাকলিৰ পৰা অন্যান্য প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলে সুবিধা কৰি দিব পাৰিলে তেওঁলোকৰ মনবোৰ ফৰকাল হয়৷ জীৱনৰ শেষ বয়সত জীৱনৰ প্রতি হোৱা মোহভংগৰ পৰা আঁতৰাই আনি জীৱনক নতুনকৈ ভাবিবলৈ শিকাব পাৰি৷ ‘জীৱন জীৱন বৰ অনুপম’ বুলি আকৌ এবাৰ ক’বলৈ তেওঁলোকক আকৌ এবাৰ ভবাই তুলিব পাৰি৷
কিন্তু এইখন সমাজৰে বহুজনে আজিকালি পিতৃ–মাতৃৰ দায়িত্ব ল’বলৈ অৱহেলা কৰে৷ পিতৃ–মাতৃয়ে অতি কষ্টৰে তুলি–তালি ডাঙৰ কৰাৰ পিছত এদিন সেই পিতৃ–মাতৃক এচামে তেওঁলোকৰ জীৱনৰ বোজা বুলি ভাবিবলৈ লৈছে৷ কিবা বেমাৰত পৰি বিছনা লোৱা পিতৃ–মাতৃক সেইসকলে অৱজ্ঞা কৰে, অত্যাচাৰ কৰে, খাবলৈ নিদিয়ে, থাকিবলৈ নিদিয়ে৷ বিছনাতে পৰি কেঁকাই–গেঁথাই থাকি তাতে মল–মূত্র ত্যাগ কৰি অনাহাৰে, অনিদ্রাই বিনিদ্র ৰজনী কটোৱাৰ উদাহৰণো অলেখ আছে৷ যাৰ ফলত তেওঁলোকে টালি–টোপোলা বান্ধি পদপথত অঘৰী জীৱন কটাব লগা হৈছে বা বৃদ্ধাশ্রমৰ আলহী হ’ব লগা হৈছে৷ বহু সময়ত কোনো কোনো সন্তানে পিতৃ–মাতৃক হত্যা কৰিও নিজৰ কণ্টক আঁতৰাবলৈ চেষ্টা কৰাৰ উদাহৰণ আছে৷ এনে কার্য কৰি সন্তানে জে’লৰ ভাত খাবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে৷ কিন্তু পিতৃ–মাতৃক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা আধুনিক পৰশুৰামসকলৰো এটা সময় আহিব৷ তেওঁলোকৰ বৃদ্ধাৱস্থাত তেওঁলোককো সন্তানে উচিত মর্যাদা দিব বুলি তেওঁলোকৰ লগতে আমিও আশাবাদী৷
বৃদ্ধাশ্রম আধুনিক সমাজৰ বৰদান৷ বহুতে ইচ্ছাকৃতভাৱেই বৃদ্ধাৱাসলৈ যায়গৈ৷ আজিকালি যৌথ পৰিয়াল নোহোৱাৰ দৰেই হ’লগৈ৷ প্রত্যেক পৰিয়ালৰে একোটিকৈ সন্তান৷ অনেক পৰিয়ালত দেখা যায়, পিতৃ–মাতৃ আৰু সন্তানসকল উভয়ৰে আলোচনামর্মেই পিতৃ–মাতৃক বৃদ্ধাশ্রমৰ আৱাসী কৰা হয়৷ কাৰণ সন্তানে পিতৃ–মাতৃক লগতো ৰাখিব নোৱাৰে, অথচ ঘৰতো অকলে তেওঁলোকক থ’ব নোৱাৰে৷ তেতিয়া একমাত্র ভৰসা এই বৃদ্ধাৱাসসমূহ৷ উচিত পাৰিশ্রমিকৰ বিনিময়ত মাক–দেউতাকক বৃদ্ধাশ্রমত ভৰাই দিবলৈ কোনো কুণ্ঠাবোধ নকৰে সন্তানে৷ এয়াই আধুনিকতাৰ চূডান্ত নিদর্শন আৰু উন্নত সমাজ আৰু সভ্যতাৰ দিক্ নির্ণায়ক কথা৷ পিছে এইসকলে কোনোবা এদিন বুজিবলৈ সক্ষম হ’বনে পিতৃ–মাতৃৰ পৰিচর্যাৰ জৰিয়তে পাব পৰা বিমল প্রশান্তিৰ কথা? তেওঁলোকৰ প্রতিপালনত লুকাই থকা তেওঁৰে ল’ৰালি কালছোৱা অনুধাৱন কৰিব পাৰিবনে?
সন্তানৰ শৈশৱৰ প্রতিটো কার্যৰে প্রতিচ্ছবি পিতৃ–মাতৃৰ বৃদ্ধাৱস্থাৰ কার্যত প্রতিফলিত হোৱা কথাটো জানিবলৈ তেওঁলোক বাৰু কোনদিনা সক্ষম হ’ব? যিদিনা সন্তানে বুজি উঠিব যে এটা শিশু প্রতিপাল কৰি সুশিক্ষা, সজ চৰিত্র, প্রতিপালন, বিয়া, সংস্থাপন আদিৰে মানুহ হোৱাত অগ্রণী ভূমিকা লোৱা মানুহজনেই হৈছে তেওঁৰ পিতৃ বা তেওঁৰ মাতৃ বা কোনোবা এজন অভিভাৱকৰ বাহিৰে আন কোনো নহয়, তেতিয়াহে তেওঁৰ জীৱন সার্থক হ’ব, তেতিয়াহে তেওঁ পিতৃ–মাতৃৰ মোল বুজিব আৰু তেতিয়াহে সেই সন্তানে পিতৃ–মাতৃৰ পৰিচর্যাৰ জৰিয়তে নিজকে ঋণমুক্ত কৰিব পাৰিব৷ পিতৃ–মাতৃৰ পৰিচর্যাৰে জীৱনক বুজি উঠিবলৈ যদি বিচাৰে, তেন্তে অৱজ্ঞা নকৰি তেওঁলোকৰ হাতত হাত থৈ খোজ কাঢ়ক, তেওঁলোকৰ মুখত আপোনাৰ অমৃত হাতেৰে এটেপা ভাত খুৱাই দিয়ক, তেওঁলোকৰ প্রাতঃকৃত্যত আপোনাৰ সহযোগ অনিবার্য কৰক আৰু তেওঁলোকৰ দুখৰ কান্ধখন আপুনি ভাৰ পাতি লওক৷ তেতিয়া দেখিব আপুনিও সুখী হৈছে আৰু তেওঁলোকো সুখৰ সাগৰত অৱগাহন কৰিছে৷
পিতৃ–মাতৃক অৱজ্ঞা কৰাজনক ঈশ্বৰেও ক্ষমা নকৰে৷ আপুনি জীৱনকালত যিমানেই পুণ্য নকৰক লাগিলে, যদিহে পিতৃ–মাতৃক সন্মান কৰিব নাজানে বা তেওঁলোকৰ বাবে নূ্যনতম কৰণীয়খিনি নকৰে, তেন্তে আপুনি কোনো কামতে সফল বুলি ক’ব নোৱাৰে৷ মানৱ সেৱাই যদি ঈশ্বৰ সেৱা হয় তেন্তে বৃদ্ধ পিতৃ–মাতৃৰ পৰিচর্যা কৰি সেই ধর্ম পালন কৰক, অন্যথা ভগৱানৰ ওচৰত গৈ শিৰনত কৰাৰ প্রয়োজন নাই৷ শ্রৱণ কুমাৰে বৃদ্ধ পিতৃ–মাতৃক কান্ধত পাচিত উঠাই লৈ ফুৰোৱা উদাহৰণ আমি তাহানিৰ ৰূপকথাত পঢ়ি আশ্চর্যান্বিবত হৈছিলোঁ৷ যিজনে জীৱন্ত কালতে পিতৃ–মাতৃৰ পৰিচর্যাত আত্মনিয়োগ কৰাৰ সুবিধা পায়, সেই সুবিধা কোনো মূল্যৰ বিনিময়ত কদাপি যেন নেহেৰুৱায়৷
পিতা স্বর্গ পিতা ধর্ম পিতাহি পৰমং তপঃ
পিতৰি প্রীতিমাপন্নে প্রিয়ন্তে সর্বঃ দেৱতা৷৷