নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’–ক’ৰোনাৰ মাজতে সম্পূর্ণপ্রায় নদীবান্ধ

ৰাজ্যৰ অস্থিৰ–আতংকময় পৰিস্থিতিৰ সুযোগ লৈছে এনএইচপিচিয়ে

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ‘কা’বিৰোধী আন্দোলনে ৰাজ্যত সৃষ্টি কৰা অস্থিৰতা আৰু অতি শেহতীয়াকৈ ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ মাজতে গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে ৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে সাম্প্রতিক পৰিস্থিতিৰ সুযোগ লৈ নির্মাণকাৰী সংস্থা এনএইচপিচিয়ে অতি গোপনে তথা যুদ্ধকালীন তৎপৰতাৰে নদীবান্ধ প্রকল্পটোৰ নির্মাণকার্য আগবঢ়াই নিছে ৷ মঙলবাৰে ৰাজ্যসভাত কেন্দ্রীয় শক্তি দপ্তৰৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কামৰ অগ্রগতি সন্দর্ভত সবিশেষ তথ্য দাঙি ধৰে ৷ তেওঁ কয় যে ২০২৩–২৪ বর্ষত কার্যক্ষম কৰি তোলাৰ লক্ষ্যৰে প্রকল্পটোৰ নির্মাণকার্য চলাই থকা হৈছে ৷ জলবিদ্যুৎ প্রকল্পটোৰ প্রৱেশ পথৰ ৯৬ শতাংশ কাম সম্পন্ন হোৱাৰ সমান্তৰালভাৱে ১১৭ মিটাৰ উচ্চতা আৰু ২১৭ মিটাৰ দৈর্ঘ্যৰ মূল বান্ধৰ ৫৩.৪২ শতাংশ নির্মাণ এতিয়ালৈকে সম্পূর্ণ হৈছে ৷ হেড ৰেছ টানেলৰ বাবে ৯৮ শতংশ খনন আৰু ৫৬.৮০ শতাংশ কংক্রিট নির্মাণৰ কাম সম্পূর্ণ হৈছে ৷ আনহাতে নদীবান্ধ প্রকল্পটোৰ হূদপিণ্ডস্বৰূপ পাৱাৰ হাউছৰ বাবে খনন সম্পূর্ণ হোৱাৰ লগতে ৩৫ শতাংশ কংক্রিটৰ নির্মাণো সম্পূর্ণ হৈছে ৷ তদুপৰি টার্বাইনসমূহ স্থাপন হ’বলগীয়া ৰিংসমূহ স্থাপনৰ কাম প্রায় শেষ হৈছে ৷ একেদৰে পানীৰ সোঁতৰ দিশ সলনি কৰিবলৈ নির্মাণ কৰা টানেলৰ নির্মাণকার্য ৫১.৮০ শতাংশ সম্পূর্ণ হৈছে ৷ এই গতিত কাম অব্যাহত থাকিলে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বিজুলী উৎপাদনৰ কাম আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত ৷ প্রকল্পটো নির্মাণৰ ক্ষেত্রত বিলম্ব হোৱাৰ কাৰণ সদৰী কৰি কেন্দ্রীয় মন্ত্রী আৰ কে সিঙে কয় যে বনভূমি হস্তান্তৰত হোৱা বিলম্ব, অৰুণাচল প্রদেশত নির্মাণকার্য চলোৱাত স্থানীয় লোকৰ বাধা, ২০০৮ চনৰ জানুৱাৰী মাহত পাৱাৰ হাউছত হোৱা বিজুতি, ৰঙানদীৰ দলঙৰ ক্ষয়–ক্ষতি, চার্জ টানেলৰ ডিজাইন সলনি, অসমৰ দল–সংগঠনৰ প্রতিবাদ আৰু ন্যায়ালয়ত চলি থকা আইনী যুঁজৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণত বাধাৰ সন্মুখীন হ’বলগীয়া গৈছিল ৷

কিন্তু ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ বাধা আঁতৰি যোৱাৰ পিছত প্রকল্পটো কার্যক্ষম কৰাৰ বাট মুকলি হৈ পৰিছে ৷ সাংসদ সঞ্জয় ৰাউটৰ এক প্রশ্নৰ উত্তৰত কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে লগতে কয় যে ২৫ মেগাৱাটতকৈ অধিক বিদ্যুৎ শক্তি উৎপাদনক্ষম মুঠ ১০৩টা জলবিদ্যুৎ প্রকল্পৰ নির্মাণত অৰুণাচল প্রদেশ চৰকাৰে অনুমোদন দিছে ৷ ইয়াৰে ৯২টা প্রকল্প নির্মাণৰ দায়িত্ব ব্যক্তিগত খণ্ডক অর্পণ কৰা হৈছে৷ ৬০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম কামেং প্রকল্পৰ ৪টা ইউনিটৰ ২টা ইউনিট ইতিমধ্যে কার্যক্ষম হৈছে ৷ ২০১৪ চনৰ পিছৰ পৰা কেইবাটাও প্রকল্পৰ নির্মাণ ত্বৰান্বিত কৰিবলৈ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা প্রচেষ্টাসমূহৰ বিষয়ে সদৰী কৰি তেওঁ পুনৰ কয় যে ১২০০ মেগাৱাট বিজুলী উৎপাদনক্ষম তিস্তা – III, ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি, ৫০০ মেগাৱাট উৎপাদনক্ষম তিস্তা VI আৰু ১২০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ৰংগিট প্রকল্পৰ নির্মাণৰ বাবে পদক্ষেপ লোৱা হৈছে৷ জলবিদ্যুতৰ ক্ষেত্রত থকা প্রত্যাহ্বানসমূহ আঁতৰাবলৈ ভাৰত চৰকাৰৰ কেবিনেটে বৃহৎ প্রকল্পসমূহক পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ উৎস হিচাপে ঘোষণা কৰা হৈছে৷ তদুপৰি চেণ্ড্রেল ইলেকট্রিচিটী অথৰিটী আৰু শক্তি মন্ত্রালয়ে প্রকল্পসমূহৰ নির্মাণৰ অগ্রগতি নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে৷ কেন্দ্রীয় শক্তিমন্ত্রীগৰাকীৰ এই ঘোষণাৰ পৰা স্পষ্ট হ’ল যে অসমৰ দল–সংগঠনসমূহ প্রবল আপত্তি নেওচি ২০২৩ চনৰ ছেপ্ঢেম্বৰৰ পৰা যিকোনো মূল্যৰ বিনিময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ কৰিবলৈ কেন্দ্রীয় চৰকাৰ বদ্ধপৰিকৰ ৷

You might also like