নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালাকুৰা বজাৰত অগ্নিকাণ্ড, ৯খন দোকানসহ ৭খন মটৰচাইকেল ভস্মীভূত

যোৱাকালি মাজনিশা আনুমানিক ২ মান বজাত ধুবুৰী জিলাৰ আগমনিৰ হালাকুৰা বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত ৯টাকৈ দোকান ভষ্মীভূত হোৱাৰ লগতে জুইত জাহ যায় ৭খনকৈ মটৰ চাইকেলো।

ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় ৪ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, গেলামালৰ দোকান, বাইকৰ গেৰেজ, কিতাপৰ দোকান সহ ৯খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা এই অগ্নিকাণ্ডটোত বহু লাখ টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি আশংকা কৰা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৬ ডিচেম্বৰ

You might also like