নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত পাঁচ সহস্ৰাধিকক সাহায্য মন্ত্ৰী কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ক’ৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ছোৱাত যাতে দিন হাজিৰা কৰা লোকসকল অনাহাৰে থাকিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ প্ৰচেষ্টাত কলিয়াবৰ সমষ্টিৰ পাঁচ সহস্ৰাধিক পৰিয়ালৰ মাজত সাহায্য প্ৰদান কৰা হয় ।

১৮ টা পঞ্চায়তত বিতৰণ হ’বলগীয়া সাহায্যসমূহ কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি পঞ্চায়তৰ ৰাঙলুত বিতৰণ কৰি শুভাৰম্ভ কৰে ।

শুভাৰম্ভ অনুষ্ঠানত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লবলগীয়া সজাগতা সম্পৰ্কত বক্তব্য প্ৰদান কৰি সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় ।

You might also like