নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা : কলেজলৈ যোৱাৰ পথত গছ পৰি ছাত্ৰীৰ মৃত্যু

গুৱাহাটীৰ মালিগাঁৱৰ কালীপুৰ অঞ্চলত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ ৰাজ্যক শোকাহত কৰি তুলিছে। কলেজলৈ পৰীক্ষা দিবলৈ যোৱাৰ সময়তে চলন্ত স্কুটীৰ ওপৰত এজোপা বিশাল গছ ভাঙি পৰাত পাণ্ডু কলেজৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়।

মৃত ছাত্ৰীগৰাকী হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ বাসিন্দা পৰীস্মিতা হাজৰিকা। ঘটনাটো সংঘটিত হোৱাৰ সময়ত পৰীস্মিতা সহপাঠী জ্যোতিৰ্ময় মোহনৰ সৈতে স্কুটীত উঠি কলেজলৈ গৈ আছিল।

জানিব পৰা মতে, পথৰ কাষত থকা এডাল পুৰণি আৰু বিশাল গছ বহুদিন ধৰি বিপজ্জনকভাৱে পথৰ ফালে হাওলি আছিল। হঠাতে গছজোপা ভাঙি চলন্ত স্কুটীৰ ওপৰত পৰাত পৰীস্মিতাৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে, চলাই থকা পাণ্ডু কলেজৰেই ছাত্ৰ জ্যোতিৰ্ময় মোহন গুৰুতৰভাৱে আহত হয়। তৎক্ষণাত তেওঁক উদ্ধাৰ কৰি ওচৰৰ সঞ্জীৱনী হাস্পতাললৈ প্ৰেৰণ কৰা হয়, য’ত বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

কলেজলৈ পৰীক্ষা দিবলৈ ওলাই অহা দুজন শিক্ষাৰ্থীৰ ওপৰত সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলোৱাৰ লগতে পথৰ কাষৰ বিপজ্জনক গছসমূহৰ প্ৰতি প্ৰশাসনৰ উদাসীনতাক লৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ১২ জুন

You might also like