গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি অমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনে সভাপতিত্ব কৰা সভাত ভূ-অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কাৰ্তিক এন উপস্থিত থাকে।
সভাত প্ৰকল্পটোৰ সৈতে জড়িত ভূমি-অধিগ্ৰহণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰকল্পটোৰ বৰ্তমানৰ অগ্ৰগতি আৰু সময়মতে ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সভাক অৱগত কৰে।
সভাত ভাষণ প্ৰদান কৰি অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনে চলি থকা কামসমূহ অধিক দ্ৰুতগতিত আগবঢ়াই নিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, গুৱাহাটী ৰিং ৰোড প্ৰকল্প ৰাজ্যখনৰ এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্প আৰু ইয়াৰ সময়মতে সম্পূৰ্ণকৰণ নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত নিবিড় সমন্বয় অত্যন্ত প্ৰয়োজনীয়।
তেওঁ ৰূপায়ণৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহ তৎপৰতাৰে সমাধান কৰাৰ আহ্বান জনোৱাৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলোধৰণৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
লগতে, অমীমাংসিত বিষয়সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰয়োজন অনুসৰি সংশ্লিষ্ট প্ৰস্তাৱসমূহ শীঘ্ৰে দাখিল কৰিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।সভাত প্ৰকল্পটোৰ সৈতে জড়িত বিভিন্ন প্ৰশাসনিক আৰু কাৰ্যপদ্ধতিগত বিষয়সমূহো আলোচনা কৰা হয়।
কামৰ সুচাৰু আৰু বাধাহীন ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰক্ৰিয়া সৰলীকৰণ আৰু বিদ্যমান জটিলতাসমূহ দূৰ কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
আজিৰ সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব বিদ্যুৎ বিকাশ ভাগৱতী, কামৰূপ, দৰং আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তসকল, সংশ্লিষ্ট জিলাসমূহৰ চক্ৰ বিষয়াসকল আৰু প্ৰকল্পটোৰ সৈতে জড়িত অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, চাংসাৰি, উত্তৰ গুৱাহাটী, ১২ জুন