ডিজিটেল ডেস্ক, ২৬ জুন : মহানগৰীৰ সাতগাঁৱত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। সাতগাঁৱৰ বাসন্তী বজাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক। নিহত লোকজন অজয় দাস (৪০)।
তামুলপুৰৰ বাসিন্দা অজয় দাসে সাতগাঁৱৰ বাসন্তী বজাৰৰ সমীপত তৰ্জা বেৰৰ ঘৰ সাজি বসবাস কৰি এখন হোটেলত শ্রমিক হিচাপে কাম কৰি আছিল। যোৱানিশা শুই থকা অৱস্থাত এটা বনৰীয়া হাতীয়ে আহি জুপুৰি ঘৰটো ভাঙি অজয় দাসক শুঁৰেৰে টানি নি ভৰিৰে গচকি নৃশংসভাৱে হত্যা কৰে।
পিছত সাতগাঁও থানাৰ আৰক্ষী আৰু বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।