দুৰ্দান্ত এমবাপে, ছুইডেনক পৰাস্ত কৰি অন্তিম-১৬ত ফ্ৰান্স
ফিফা বিশ্বকাপ ২০২৬ৰ ৰাউণ্ড অৱ ৩২ত ফ্ৰান্সে দমনীয় প্ৰদৰ্শনেৰে ছুইডেনক ৩-০ গ’লত পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিছে। কিলিয়ান এমবাপেৰ দুটা গ’ল আৰু ব্ৰেডলী বাৰ্কোলাৰ এটা গ’লেৰে সহজ জয় নিশ্চিত কৰে ফ্ৰান্সে।
মেচখনত এমবাপেই দুটা গ’ল কৰাৰ উপৰি আৰু কেইবাটাও নিশ্চিত গ’লৰ সুযোগ সৃষ্টি কৰিছিল। আৰম্ভণিতে তেওঁৰ এটা গ’ল অফছাইডৰ বাবে বাতিল হয়। পিছত তেওঁৰ এটা শক্তিশালী শ্বট পোষ্টত খুন্দা মাৰে। আনহাতে, মাইকেল অলিছেৰ দৰ্শনীয় ওভাৰহেড কিকো পোষ্টত লাগি উভতি আহে।
এই জয়ৰ পূৰ্বে সম্ভাৱ্য প্ৰতিদ্বন্দ্বী জাৰ্মানী পাৰাগুৱেৰ হাতত পেনাল্টি শ্বুটআউটত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বিদায় লোৱাত ফ্ৰান্সৰ পথ কিছু সহজ হৈছে। উল্লেখ্য যে বিশ্বকাপৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ফ্ৰান্স আৰু ছুইডেনৰ মাজত মুখামুখি মেচ অনুষ্ঠিত হয়।
১৯৯৮ আৰু ২০১৮ চনৰ বিশ্ব চেম্পিয়ন ফ্ৰান্সে এইবাৰো গ্ৰুপ পৰ্যায়ৰ তিনিওখন মেচত জয় লাভ কৰিছিল। ১৯৯৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে ফ্ৰান্সে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত শতভাগ জয়ৰ অভিলেখ গঢ়ে। এই বিশ্বকাপত ফ্ৰান্সৰ লগতে কেৱল আৰ্জেণ্টিনা আৰু মেক্সিকোইহে গ্ৰুপ পৰ্যায়ৰ তিনিওখন মেচ জয় কৰিবলৈ সক্ষম হৈছিল।
গ্ৰুপ পৰ্যায়ত ছুইডেনে প্ৰথম মেচত টিউনিছিয়াক ৫-১ গ’লত পৰাস্ত কৰিছিল। কিন্তু পিছত নেদাৰলেণ্ডছৰ ওচৰত ৫-১ গ’লত পৰাস্ত হয় আৰু জাপানৰ সৈতে ১-১ গ’লত ড্ৰ কৰি তৃতীয় স্থানত থাকি নকআউটত প্ৰৱেশ কৰিছিল। অৱশেষত ৰাউণ্ড অৱ ৩২তে ফ্ৰান্সৰ হাতত পৰাস্ত হৈ বিশ্বকাপ অভিযানৰ সমাপ্তি ঘটে।
ডিজিটেল ডেস্ক, ১ জুলাই