আজি ১৯ জুলাই, শাওণ মাহৰ ২ তাৰিখ
দেওবাৰ : তিথি–পঞ্চমী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ
মেষ : আজি জ্ঞান লাভৰ সুযোগ পাব৷ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে, শৰীৰৰ যতন ল’ব৷ প্রতিভা বিকাশ হ’ব৷ কিছু গোপন তথ্য লাভ কৰিব পাৰে৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
বৃষ : আজি আনৰ পৰা প্রশংসা পাব৷ টোপনি খতি নকৰিব৷ সমনীয়াই বিপথে পৰিচালিত কৰিব পাৰে, সাৱধানে থাকিব৷ জমা ধন খৰচ হ’ব পাৰে৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷
মিথুন : আজি খং–ৰাগ কমাওক৷ কোনো দিশত সুনাম লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে৷ বিদ্যার্থীৰ শুভ ফল লাভ৷ কর্মস্পৃহা বাঢ়িব৷ মন কিছু গধুৰ হ’লেও সন্ধিয়ালৈ প্রফুল্ল হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কর্কট : আজি নতুন পৰিকল্পনাত আগবাঢ়িবলৈ অনুকূল সময়৷ পৰিয়ালৰ সৈতে সময় কটালে মন প্রফুল্লিত থাকিব৷ কর্মক্ষেত্রত অলপ ধৈর্য ধৰি কাম কৰিব৷ বিদ্যাত শুভ ফল লাভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
সিংহ : আজি পৰিয়ালত সুখ–শান্তি বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি অলপ গুৰুত্ব দিয়ক৷ ধনৰ লেনদেনৰ ক্ষেত্রত মনোযোগ দিব৷ প্রেম–প্রীতিত নতুন আৰম্ভণিৰ সম্ভাৱনা৷ মন স্থিৰ ৰাখিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কন্যা : আজি পৰিয়ালৰ সৈতে মত বিনিময় কৰিলে ভুল বুজাবুজি আঁতৰি যাব পাৰে৷ কর্মক্ষেত্রত প্রশংসা লাভ কৰিব৷ নতুন কর্মসংস্থাপন লাভ কৰিব পাৰে৷ খৰচ নিয়ন্ত্রণ কৰিলে আর্থিক অৱস্থা সুস্থিৰ হ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৯৷
তুলা : আজি আপোনাৰ কঠোৰ পৰিশ্রমৰ ফল লাভ কৰিব৷ পুৰণি বন্ধুৰ সৈতে যোগাযোগ হ’ব পাৰে৷ স্বাস্থ্যৰ ক্ষেত্রত অলপ সাৱধানতা অৱলম্বন কৰিব৷ অসমাপ্ত কাম সম্পূর্ণ হোৱাৰ সম্ভাৱনা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷
বৃশ্চিক : আজি মাদক দ্রব্যৰ পৰা আঁতৰি থাকিব৷ আনৰ কথা শুনি মন বেয়া নকৰিব৷ মূল্যৱান সম্পদ লাভৰ সুযোগ৷ বিদ্যা–শিক্ষাত সুনাম প্রাপ্তিৰ যোগ৷ ব্যয় বেছি নকৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
ধনু : আজি অলপ খোৱা–বোৱাত ধ্যান দিব৷ আৱেগ পৰিহাৰ কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব৷ সা–সম্পদ বৃদ্ধি হোৱাৰ সুযোগ আছে৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷
মকৰ : আজি আনৰ পৰা প্রেৰণা পাব৷ কর্মত উন্নতি লাভ কৰিব৷ কোনো লোকে বদনাম দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ ক্ষতি কৰিব নোৱাৰিব৷ বিদ্যাত শুভ ফল লাভৰ যোগ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷
কুম্ভ : আজি অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক৷ গৱেষকসকলে সুখ্যাতি লাভ কৰিব৷ কর্মক্ষেত্রত বাধাই মনলৈ হতাশা আনিব পাৰে৷ সন্তানৰ প্রতি কিছু চিন্তা থাকিব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷
মীন : আজি আনে কৰা উপকাৰ অস্বীকাৰ নকৰিব৷ লোভ–মোহ অলপ কমাওক৷ সন্তানক লৈ চিন্তা কমাওক৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ বিদ্যার্থীৰ ক্ষেত্রত শুভ ফল লাভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৭৷