ডিজিটেল ডেস্ক, ১৯ জুলাই : অবৈধ অনুপ্রৱেশে অসমৰ জনগাঁথনিত ব্যাপক প্রভাৱ পেলাই অহাৰ সময়তে বাংলাদেশী–ৰহিংগ্যাক ভাৰতত প্রৱেশ কৰোৱাৰ নামত ব্যাপক হাৰত বিদেশী পুঁজিৰ বিনিয়োগৰ তথ্য পোহৰলৈ আহিছে৷ দেশৰ একাংশ স্বেচ্ছাসেৱী সংগঠন (এনজিঅ’)–এ চুবুৰীয়া বাংলাদেশৰ পৰা অসম হৈ ভাৰতত প্রৱেশৰ চেষ্টা চলোৱা লোকক লৈ আৰম্ভ কৰিছে বৃহৎ ব্যৱসায়৷ কার্যতঃ বিদেশী পুঁজিৰে একাংশ এনজিঅ’ই বাংলাদেশী আৰু ৰহিংগ্যাক অসম হৈ ভাৰতৰ বিভিন্ন স্থানলৈ প্রেৰণ কৰা প্রক্রিয়া শেহতীয়াকৈ ধৰা পেলাবলৈ সক্ষম হৈছে তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)–এ৷
উল্লেখ্য যে ভাৰতৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে দীর্ঘদিনৰ পৰা বাংলাদেশী আৰু ৰহিংগ্যা নাগৰিকক ভাৰতত অবৈধভাৱে প্রৱেশ কৰোৱা, ভুৱা নাগৰিকত্ব, নথি–পত্র তৈয়াৰ কৰা আৰু বিদেশী পুঁজিৰে পৰিচালিত সন্দেহজনক কার্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আনিছে ইডিয়ে৷ তদন্তকাৰী সংস্থাটোৰ শেহতীয়া অনুসন্ধানত প্রকাশ পোৱা মতে, যোৱা দীর্ঘদিন ধৰি পশ্চিমবংগত এনজিঅ’ৰ নামত এটা চক্রই অবৈধ অনুপ্রৱেশকাৰীক থিতাপি দিয়াৰ প্রক্রিয়া চলাই আছিল৷
যোৱা ১৬ জুলাইত ইডিয়ে এই তথ্যৰ আধাৰতে পশ্চিমবংগ, উত্তৰ প্রদেশ, দিল্লী আৰু হাৰিয়ানাৰ ১৩টাকৈ স্থানত একে সময়তে অভিযান চলাই কেইবাটাও এনজিঅ’ৰ এনে অবৈধ কার্যকলাপ ধৰা পেলাবলৈ সক্ষম হয়৷ এই অভিযানত ইডিয়ে বহু আপত্তিজনক নথি-পত্রৰ লগতে কেইবালাখ নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
অভিযোগ অনুসৰি দেশৰ কেইবাখনো ৰাজ্যত থিতাপি লোৱা একাংশ এনজিঅ’ই বিদেশীৰ পৰা লাভ কৰা পুঁজি বিভিন্ন একাউণ্টলৈ হস্তান্তৰ কৰি সেই ধন বাংলাদেশী আৰু ৰহিংগ্যাক ভাৰতৰ বিভিন্ন ৰাজ্যত সংস্থাপনৰ বাবে ব্যয় কৰি আহিছে৷ কেইবাটাও একাউণ্টলৈ বিদেশী ৰাষ্ট্রৰ পৰা পোৱা ধন স্থানান্তৰ কৰি সামাজিক কামত ব্যৱহাৰ হোৱাৰ ভুৱা তথ্য প্রস্তুত কৰে এই এনজিঅ’বোৰে৷ ইয়াৰ বিপৰীতে বাংলাদেশী সৰবৰাহত জড়িত হৈ থকা বেচৰকাৰী সংস্থাকেইটাই বিদেশী পুঁজিৰ এটা অংশ অবৈধ অনুপ্রৱেশকাৰীক থিতাপি দিয়াৰ লগতে মাদ্রাছা আৰু মছজিদ নির্মাণৰ দৰে কামতো ব্যৱহাৰ কৰে৷
লক্ষণীয়ভাৱে যোৱা দীর্ঘদিন ধৰি বিদেশী পুঁজি এনেদৰে বাংলাদেশী আৰু ৰহিংগ্যাক সংস্থাপনৰ নামত জড়িত হৈ থকা এনজিঅ’সমূহৰ ধন সৰবৰাহৰ প্রক্রিয়া পৰীক্ষা কৰাৰ সময়তে ইডিয়ে এই তথ্য লাভ কৰে৷
তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰা অনুসৰি, সন্দেহযুক্ত ব্যক্তিৰ নামত দেশৰ বিভিন্ন স্থানত একাউণ্ট খোলাৰ লগতে কিছুমান সৰু বেংকৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল এই এনজিঅ’বোৰে৷ কিন্তু একাউণ্টৰ বিপৰীতে কেৱাইচি দিয়াৰ বাবে বেংকসমূহে নথি বিচৰাৰ সময়তে একাউণ্টৰ গৰাকীৰ সন্দেহযুক্ত এই তথ্য পোহৰলৈ আহে৷ এই বিষয়টোক লৈ ইডিয়ে চলোৱা অভিযানৰ পাছতে এনজিঅ’বোৰে কিদৰে বিদেশী পুঁজি বাংলাদেশী আৰু ৰহিংগ্যাৰ সৰবৰাহত বিনিয়োগ কৰিছে সেই তথ্য পোহৰলৈ আহে৷
অভিযোগ অনুসৰি, বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্রৱেশ কৰাৰ পূর্বেই অনুপ্রৱেশকাৰীৰ নামত ভুৱা ভোটাৰ কার্ড, আধাৰ কার্ড আৰু বেংক একাউণ্ট প্রস্তুত কৰি থয় এই বেচৰকাৰী সংস্থাসমূহে৷ দালালৰ জৰিয়তে সীমান্তত এই ভুৱা নথিসমূহ যোগান ধৰি বাংলাদেশী আৰু ৰহিংগ্যাক অসমৰ মাজেৰে দেশৰ কেইবাখনো ৰাজ্যত থিতাপি লগায়৷ বিশেষকৈ একাংশ মাদ্রাছা আৰু মছজিদক আশ্রয়স্থল হিচাপে গ্রহণ কৰি এনজিঅ’সমূহে বাংলাদেশৰ পৰা অহা অনুপ্রৱেশকাৰীক কিছুদিন ৰাখি থোৱাৰ পাছত ভুৱা আধাৰ কার্ড, ভোটাৰ কার্ড আৰু বেংক একাউণ্টৰ নথিৰে কর্মসংস্থাপনৰ সুবিধা কৰি দিয়ে৷ সেয়াই নহয়, এই অনুপ্রৱেশকাৰীসকলক প্রয়োজনসাপেক্ষে মৌলবাদী কাম–কাজতো জড়িত কৰোৱা হয়৷
ইডিয়ে চলোৱা এই অভিযানত সন্দেহযুক্ত একাংশ বেংক একাউণ্টলৈ সঘনে ৬ হাজাৰ টকা, ৮ হাজাৰ টকা, ১০ হাজাৰ টকা বিভিন্ন উৎসৰ পৰা জমা হোৱাৰ তথ্য লাভ কৰে৷ লক্ষণীয়ভাৱে এই একাউণ্টসমূহ পৰীক্ষা কৰাত ইয়াৰ গৰাকীৰ কোনো শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল ইডিয়ে৷ কার্যতঃ এনে একাউণ্টৰ জৰিয়তে যে এনজিঅ’সমূহে বিদেশী পুঁজি অনুপ্রৱেশকাৰী সৰবৰাহত ব্যৱহাৰ কৰিছিল সেয়া পোহৰলৈ আহে৷ এনে ঘটনা সর্বাধিক সংঘটিত হৈছে পশ্চিমবংগ আৰু উত্তৰ প্রদেশত৷