বনজুইৰ দৰে বিয়পিছে ইব’লা ভাইৰাছ, ১,৩০০ লোকৰ মৃত্যু
ডিজিটেল ডেস্ক, ২৭ জুলাই : মাৰণ ভাইৰাছ ইব’লাৰ সংক্রমণত নাজল–নাথল অৱস্থা হৈছে আফ্রিকাৰ দেশ ডিআৰ কংগোৰ৷ ভয়ংকৰ ভাইৰাছত আক্রান্ত হৈ দেশখনত এইপর্যন্ত ১,৩০৯জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ কেৱল সেয়াই নহয়, চৰকাৰী পৰিসংখ্যাৰ পৰা জানিব পৰা গৈছে যে মাত্র ৫টা দিনতে দেশখনত সংক্রমণৰ হাৰ ৪০ শতাংশৰো অধিক বৃদ্ধি পাইছে৷
পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে স্থানীয় এগৰাকী জনস্বাস্থ্য বিষয়াই প্রকাশ কৰা মতে কংগোত বনজুইৰ দৰে বিয়পি পৰিছে ইব’লা ভাইৰাছ৷ শনিবাৰে ডিআৰ কংগো চৰকাৰৰ তৰফৰ পৰা যি তথ্য প্রকাশ কৰা হৈছে, তাত দাবী কৰা হৈছে যে যোৱা বৃহস্পতিবাৰলৈকে দেশখনত ইব’লা ভাইৰাছত মৃত আৰু আক্রান্তৰ সংখ্যা বৃদ্ধি পাই ২,৯৭৩ হৈছেগৈ৷ পূর্বৰ শনিবাৰৰ তুলনাত এই সংখ্যাটো ২৭ শতাংশৰো অধিক৷ যিদৰে আক্রান্তৰ হাৰ বৃদ্ধি পাব ধৰিছে সেয়া ভয়াৱহ৷
অনুমান কৰা হৈছে যে এতিয়ালৈকে দেশখনত ইমান দ্রুতভাৱে বিয়পি পৰা এইটোৱেই প্রথম মহামাৰী৷ উদ্বেগৰ বিষয় যে ইব’লা ভাইৰাছৰ যি নতুন ভেৰিয়েণ্টে আতংকৰ সৃষ্টি কৰিছে, সেয়া হ’ল বুন্দিবুগিঅ’৷ মানৱ দেহত এতিয়ালৈ যি চাৰি প্রকাৰৰ ইব’লা চিনাক্ত হৈছে, তাৰ ভিতৰত বুন্দিবুগিঅ’ আটাইতকৈ বেছি বিৰল আৰু সংক্রামক৷ আক্রান্তসকলৰ ভিতৰত মৃত্যুৰ হাৰ প্রায় ৫০ শতাংশ৷
স্বাস্থ্য বিষয়াসকলৰ মতে, যিহেতু এই ভাইৰাছৰ কোনো কার্যকৰী প্রতিষেধক নাই, সেইবাবে ই বনজুইৰ দৰে বিয়পি পৰিছে৷ ইফালে, ইব’লা ভাইৰাছক লেকাম লগাবলৈ চেষ্টা চলাইছে বিজ্ঞানীসকলে৷