দ্রুতবেগে ক’ৰোনা, এদল চিভিলিয়ান সেনানী আৰু আফটাৰ মেথ
- ড০ মিহিৰজ্যোতি পাঠক
ত্রস্তমান প্রতি ব্যক্তি, মৰিশালিত পৰিণত হৈছে দক্ষিণ–পশ্চিম ইউৰোপ ক’ৰোনাৰূপী বিভীষিকাৰ ৰক্তৰঞ্জিত শনাহী হাতোৰাই চীন–ইউৰোপ–আমেৰিকাৰ্ লগতে লাহে লাহে যেন ভাৰতকো ছানি ধৰিব ওলাইছে৷ লাহেকৈ ই প্রৱেশ কৰিছে আমাৰ সুজলা–সুফলা আই অসমভূমিতো পিছে এই যমকালৰ লগত মোকাবিলা কৰিবগৈ কোন? এয়াতো অদৃশ্য শক্তিৰ স’তে ৰণ, বন্দুক–বাৰুদৰ সেনাৰ ইয়াত কাম নাই৷ আজি চিভিলিয়ানেই এই যুঁজ জিনিব লাগিব, চিভিলিয়ান সেনাই ৷
হয়, ঠিকেই কৈছেছা, চিভিলিয়ান সেনানী৷ এই সেনাৰ ঢ়াল–তৰোৱাল নাই, কিন্তু নিধিৰাম নহয়৷
এইসকল হ’ল দেশৰ বছা বছা মেডিকেল ক’লেজৰ বিজ্ঞানাগাৰত নিয়োজিত এচাম প্রশিক্ষিত যুৱক–যুৱতী তথা চিকিৎসা–গৱেষক আৰু স্বাস্থ্যকর্মীসকল, যিয়ে দেশৰ সীমাত থকা সদাসতর্ক সেনাৰ দৰেই প্রতিনিয়ত ভাইৰাছৰ আগ্রাসনৰ বিৰুদ্ধে যুঁজত ব্রতী হৈ আছে৷ আজি লকডাউনৰ পৰিস্থিতিতো কোনো ভয়–শংকাক পৰোৱা নকৰাকৈ সপ্তাহৰ সাত দিনেই বা আধুনিক পৰিভাষাত ২x৭ দিনেও নিজৰ শ্রমদান দিবলৈ সাজু হৈছে৷ ভাইৰাছৰ বিৰুদ্ধে এইখন ৰণৰ নেপথ্যৰ এই লোকসকলে নিজৰ কর্মক লৈ কেতিয়াও ঢ়াক–ঢ়োল বজোৱা নাই আৰু এই নগণ্য লিখকৰো সেয়া উদ্দেশ্য নহয়৷ উদ্দেশ্য মাথোঁ এই ক’ৰোনাৰূপী দানৱক পৰাভূত কৰাত সবকে উৎসাহ জগোৱা৷ আৰু উদ্দেশ্য আমাৰ সাধাৰণ পাঠকক এই জ্ঞাত কৰোৱাতো যে ভাইৰাছজনিত ৰোগৰ গুৰুত্ব কেনেকুৱা তথা এই মুহূর্তত আমাৰ দেশ ক’ৰোনা ভাইৰাছজনিত ৰোগৰ বিপৰীতে যুঁজিবলৈ কিমানদূৰ সক্ষম ৷
ভাইৰাছ আৰু দেশৰ চিকিৎসা বিজ্ঞান খণ্ড
বেয়া লগা কথা এটিৰেই আৰম্ভ কৰোঁ বাৰু৷ কথাটি হ’ল, এতিয়ালৈ উপলব্ধ তথ্য মতে আমাৰ দেশে মুঠ জি ডি পিৰ ০.৮ শতাংশ গৱেষণা তথা উন্নয়ন আৰু মাত্র ৩.৮৯ শতাংশহে চিকিৎসা খণ্ডত নিয়োজন কৰিবলৈ সক্ষম, অথচ পশ্চিমীয়া দেশবোৰে আমাতকৈ বহুগুণে অধিক ধন এই খণ্ডবোৰত নিয়োজিত কৰি আছে৷ তাতে তেওঁলোকৰ মাটিকালিৰ তুলনাত জনসংখ্যা তেনেই তাকৰ আৰু বেছিভাগ মানুহেই দাৰিদ্র্য সীমাৰেখাৰ তলত৷ সেয়ে তেওঁলোকৰ মেডিকেল সুবিধা আৰু নতুন ঔষধ উদ্ভাৱনৰ পাৰদর্শিতাৰ লগত আমি এতিয়াও ফেৰ মাৰিব পৰা হৈ উঠা নাই৷ তথাপি কওঁ, ভাৰতৰ অতি বিশাল জনৰাশি আৰু ভৌগোলিক বিচিত্রতাৰ বাবে সকলোৰে বাবে উন্নত স্বাস্থ্যৰ সুবিধা কৰাটোৱেই যিকোনো চৰকাৰৰ বাবেই বিশাল প্রত্যাহ্বান৷ এই প্রত্যাহ্বান অতিক্রম কৰিব নোৱৰালৈকে জনগণ আৰু চৰকাৰ সদায় যুঁজিয়েই থাকিব লাগিব ৷
এতিয়া আহক ভাইৰাছৰ প্রসংগলৈ৷ ই হ’ল অতি আণুবীক্ষণিক জীৱাণু যি প্রকৃতিত নিষ্প্রাণ বা জড অৱস্থাত থাকে, আনহাতে যেতিয়াই ই আন জীৱ–জন্তুৰ গাত প্রৱেশ কৰাৰ সুযোগ পায়, ই সেই জীৱৰ দেহৰ কোষত সোমাই সেই কোষবোৰত নিজৰ আধিপত্য স্থাপন তথা বংশ বৃদ্ধি কৰা আৰম্ভ কৰে৷ এটা সময়ত ই বিভিন্ন কোষ–কলাৰ ধ্বংস কৰি জীৱটিৰ আন ৰোগ প্রতিৰোধ ক্ষমতা কমাই তোলে, ফলত ৰোগী বহুত দুর্বল হৈ পৰে বা মৃত্যুমুখতো পৰিব পাৰে৷ অৱশ্যে সকলো ভাইৰাছৰে ক্রিয়াৰ সময় বা ফেজ একে নহয়, ৰোগীৰ দেহে বেছিভাগ জীৱাণুকে প্রতিহত কৰিবলৈ সক্ষম হয়৷ কেতিয়াবা ই একেটা জীৱত সোমাই তাৰ আৰম্ভণিতে ক্ষতি নকৰি আন এটালৈ বিয়পে, তেতিয়া আগৰ জীৱটোক বাহক বা কেৰিয়াৰ বুলি কোৱা হয়৷ আজিৰ তাৰিখত মহ, গাহৰি, নিগনি আদি ভাইৰাছ বা বেলেগ মহামাৰীৰ বাহক বুলি চিহ্ণিত হৈ আহিছে৷ পিছে বিংশ শতিকাৰ পিছৰ দশকবোৰলৈও মানুহৰ মাজত প্রাণঘাতী ভাইৰাছৰ ইমান দৌৰাত্ম্য নাছিল যিমান আজিকালি ডেংগু বা জাপানীজ এনকেফেলাইটিছৰ দৰে নাম সঘনে উচ্চাৰিত হৈ পৰিছে৷ ইয়াৰ কাৰণ বহুতো হ’ব পাৰে, যেনে গোলকীয় উষ্ণতাৰ পৰিৱর্তন, মানুহৰ খাদ্যাভাসৰ সলনি নতুবা বিশ্বায়নৰ গইনা লৈ অজানিতে বিভিন্ন ৰোগীৰ অবাধ বিচৰণ অথবা নিজৰ লাভৰ বাবে প্রকৃতিৰ স’তে কৰা মাৰাত্মক ধেমালি ইত্যাদি৷ দৰাচলতে প্রকৃতি বহু ডাঙৰ শিল এটিৰ নিচিনা, তাত লথিয়ালে প্রায় নিজৰেই ভৰি ভাগে৷ যা হওক, এইবিলাক কোনো কাৰণতেই সমগ্র বিশ্বতেই একে একেধৰণৰ ভাইৰাছজনিত ৰোগ বিয়পিবলৈ ধৰিছে, যি এসময়ত নির্দিষ্ট ঠাই, উষ্ণতা বা খাদ্যাভাসভিত্তিকহে আছিল ৷
গৰিব দেশ ভাৰতবর্ষ হ’ব পাৰে, কিন্তু এই দেশৰ গৰিব বিজ্ঞানীৰ মন কেতিয়াও গৰিব নাছিল আৰু নহয়ো৷ এই দেশতেই প্রয়াত ৰাষ্ট্রপতি ড০ কালামহঁতে অভাৱৰ দিনত উৎক্ষেপণস্থললৈ চাইকেল–গৰুগাডীত কঢ়িয়াই নিয়ো মহাকাশৰ বুকুলৈ প্রথম কৃত্রিম উপগ্রহ প্রক্ষেপ কৰিবলৈ সক্ষম হৈছিল৷ তেনেদৰেই উল্লেখিত ভাইৰাছসমূহৰ অনাহূত প্রাদুর্ভাৱ বা আউটব্রেকৰ সময়ত এন চি ডি চি National Centre for Disease Control ), এইমছ All Indian Institute of Medical Sciences), এন আই এম National Institute of Malaria), এন আই ভি National Institute of Virology), এন আই ই National Institute of Epidemiology) আদি স্বৰাজোত্তৰ কালৰে পৰা লাহে লাহে উন্নীত হৈ অহা অনুষ্ঠানবোৰে ৰোগৰ অনুসন্ধানৰ Diagnosis) ক্ষেত্রত যথেষ্ট ভূমিকা গ্রহণ কৰিলে৷ যদিও এই আউটব্রেকবোৰত বহুতো মানুহৰ নিধন হ’ল, কিন্তু চিকিৎসা প্রদানৰ ক্ষেত্রত দেশৰ উন্নত চহৰবোৰত বিভিন্ন চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ে যৎপৰোনাস্তি চেষ্টা কৰা দেখা গ’ল৷Integrated Disease Surveillance Programme IDSP)ৰ ৰাজ্যিক বা জিলাভিত্তিক শাখাবোৰেও ডেংগু প্রাদুর্ভাৱৰ সময়ত বিভিন্ন ৰাজ্যত যৎপৰোনাস্তি চেষ্টা কৰিলে৷ কিন্তু চিন্তাৰ বিষয় যে ভাইৰেল আউটব্রেক যিকোনো ঠাইত যিকোনো সময়তেই হ’ব পাৰে আৰু তাৰ নিয়ম বা পেটার্ন এতিয়াও বহু গৱেষণাৰ বিষয়বস্তু৷ আৰু ইয়াতেই ঠগ খোৱাৰ বহু সম্ভাৱনা থাকে, উদাহৰণ ২০০৬ চনৰ ভাৰতৰ ডেংগুৰ প্রাদুর্ভাৱ বা চীনৰ ছার্ছ–ক’ৰোনাৰ প্রাদুর্ভাৱ৷ নাইবা তিনি–চাৰি বছৰৰ ভিতৰতে সমগ্র দেশতে মহামাৰীৰ ৰূপ লোৱা জাপানীজ এনকেফেলাইটিছ৷ আৰু আজিৰ ন’ভেল ক’ৰোনাৰ কথা যেনিবা অত্যুক্তেয় ৷
যদিও উপৰিউক্ত গৱেষণাগাৰসমূহত ডায়েগ্ণ’চিছ অথবা চিকিৎসাৰো সুবিধা আছে, কিন্তু প্রাণঘাতী ভাইৰাছৰ আক্রমণৰ ক্ষেত্রত ভাৰতৰ দৰে বিশাল দেশ এখনত ৰোগী দেশৰ এটা মূৰৰ পৰা আনটোলৈ কেনেকৈ শীঘ্রে গৈ পাব সেয়া এক জটিল প্রশ্ণ আৰু ভাইৰাছৰ দেহত উপস্থিতি তৎকালীন বা নির্দিষ্টকৈ নিৰূপণৰ উন্নত পদ্ধতিৰ বাবে খৰচ কেনেকৈ বহন কৰিব সেয়া আৰু তাতোকৈ জটিল প্রশ্ণ৷ তেনেবোৰ প্রশ্ণৰ দীর্ঘম্যাদী সমাধাৰ বাবেই হয়তো দেশৰ আগশাৰীৰ গৱেষক–চিকিৎসক, তদানীন্তন সঞ্চালকপ্রধানসক তথা শুভচিন্তক ৰাজনীতিবিদৰ উপদেশমর্মেই ভাৰত চৰকাৰৰ স্বাস্থ্য গৱেষণা দফ্তৰDHR [Directorate of Health Research, Govt of india]-ৰ অধীনতViral Research and Diagnostic Laboratory বা চমুকৈ ভি আৰ ডি এল[VRDL] বুলি এলানি লেবৰেট’ৰীক লৈ এটি প্রকল্প গঠিত হ’ল, যিIndian Council of Medical Research [ICMR]-ৰ লগতো ওতপ্রোতভাৱে জডিত৷ ইয়াৰ পুঁজিসমূহ দেশৰ কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্রালয়ৰদ্বাৰা ২০১২–১৭ বাজেট পৰিকল্পনাৰ অধীনত নিয়ন্ত্রিত হৈ আছে৷ দেশৰ আগশাৰীৰ বিজ্ঞানাগাৰত প্রশিক্ষিত ইয়াৰ কর্মচাৰীসকলক ৩টা সংমণ্ডল, যেনে ক্ষেত্রীয়, ৰাজ্যিক আৰু চিকিৎসা–মহাবিদ্যাল্ পর্যায়ৰ বিজ্ঞানাগাৰ বা চিকিৎসা–মহাবিদ্যাল্ মকৰল কৰা হৈছে৷ আজিকোপতি প্রথমে নির্বাচিত ১০৫খন অনুষ্ঠানৰ ৮২খনেই এই মুহূর্তত সক্রিয় আৰু ইয়াৰ বিজ্ঞানাগাৰসমূহ ১০–১২ টা (ঠাই বিশেষে বেলেগ) পর্যন্ত ভাইৰাছজনিত ৰোগৰ তাৎক্ষণিক নিৰূপণ কৰিবলৈ সক্ষম আৰু এই ৰোগসমূহৰ বিভিন্ন দিশলৈ এওঁলোক অহৰহ গৱেষণাত ব্রতী৷ এই লেব’ৰেটৰীসমূহৰ প্রধান লক্ষ্য বান্ধি দিয়া হৈছিল যাতে ভাইৰাছজনিত মহামাৰীবোৰৰ প্রাদুর্ভাৱ ৰুধিবলৈ সমগ্র দেশতে এক নেটৱর্ক সৃষ্টি কৰিব পাৰে আৰু সাম্প্রতিক লেব পৰীক্ষাৰ ডাটাবোৰ এন আই ই, চেন্নাইলৈ প্রেৰণ কৰি অনাগত বিপর্যয় সীমিত কৰাৰ উপায় উলিয়াব পাৰে৷ আমাৰ অসম ৰাজ্যতো কেন্দ্রীয় চৰকাৰৰ বিত্তীয় পোষকতাৰে ৬খনৰ গোটেকেইখন ভি আৰ ডি এল VRDL)–য়েই এই সময়ত সক্রিয় আৰু ইয়াৰ অধীনত টেষ্ট কৰা অধিকাংশ মহামাৰীৰ যেনে ডেংগু বা জাপানীজ এনকেফেলাইটিছ আদিৰ খৰচ ৰোগীৰ বাবে সুলভ আৰু ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ড বিগত কেইবাবছৰে লাভান্বিত হৈ আহিছে৷
অধ্যায় COVID19
সৰুতে কোনোবাই কোৱা শুনিছিলোঁ, ভাইৰেল জ্বৰ বোলে থাকে ‘দৰৱ খালে সাত দিন, নাখালে এসপ্তাহ ৷’
পিছে ক’ভিড–১৯নো কি? কেৱল ক’ৰোনা কিয় নহয়? আকৌ ছার্ছ বা ছাৰি কি? আমাৰ দেশ বা পৃথিৱীতেই মানুহক ত্রাহি মধুসূদন সোঁৱৰোৱা এই ক’ৰোনা বোলা আপদালনো কি বুলি প্রায়ভাগ মানুহৰেই চাগৈ মনত প্রশ্ণ উঠিছে৷ যিহেতু সাধাৰণ ভাইৰেল ফিভাৰৰ দৰে ই সহজে ভাল নহয়, সেয়ে ইয়াক লৈ আকৌ বহুতে নিজা নিজা কল্পকাহিনীও সৃষ্টি কৰিছে৷ আৰু এই উৰাবাতৰিবোৰে ভাৰতৰ দৰে মধ্যমভাৱে শিক্ষিত দেশৰ জনগণক বিপথে পৰিচালিত কৰি আছে৷ তাৰেই নমুনা সদ্যঘোষিত লকডাউনৰ সময়তো কিছুমান মূর্খই বিশেষ কোনো কাৰণ নোহোৱাকৈ ৰাস্তাই–ঘাটে বিপজ্জনকভাৱে ঘূৰি ফুৰাটো৷ ভাৰত চৰকাৰে ক’ৰোনা ভাইৰাছ সম্পর্কে ইতিমধ্যে জনসজাগতাৰ যথেষ্ট কার্যসূচী লৈছে যদিও এই নগণ্য লেখকেও চমুকৈ দুশাৰী লিখিব চেষ্টা কৰিছেছা, যাতে উক্ত স্বভাৱশালী ব্যক্তিৰ সংখ্যা অলপ হ’লেও কমে আৰু আমিও সংক্রমণৰ পৰা বাচি থাকিব পাৰোঁ৷ দৰাচলতে ক’ৰোনা ভাইৰাছ পৃথিৱীৰ আৱহাৱাত সদায়েই আছে, কিন্তু মানুহৰ বাহিৰে আন প্রাণীদেহত থকা বাবে ইয়াৰ সম্প্রসাৰণ কম৷ বিজ্ঞানৰ ভাষাত ই একRibovira শ্রেণীৰ অন্তর্গত ভাইৰাছ৷ আকৌCorona শব্দটিৰ মূলো বৰ আমোদজনক৷ লেটিন ভাষাতCorona মানে হ’ল ‘সূর্যৰ মৰল’– যেনিবা পূর্ণগ্রাস সূর্যগ্রহণৰ সময়ত দেখা আঙঠিটোৰ যি মৰল দেখা যায় তেনেকুৱাই৷ ইফালে ইলেক্ট্রন মাইক্র’স্কোপত এই ভাইৰাছটিৰো তাৰ কাঁইটীয়া প্রটিনেৰে বনা আৱৰণটিৰ আকৃতিক তাৰ মৰল যেনেই ভাব হয় বাবেই ইয়াৰ নাম পৰিল ‘ক’ৰোনা ভাইৰাছ’৷ কিন্তু আজি যিবিধ ভাইৰাছে হাজাৰে হাজাৰে মানুহৰ মানুহক আক্রান্ত কৰিছে, তাক কোৱা হৈছে ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ ব WHO world health organization)ৰ সংজ্ঞামর্মে ‘ক’ভিড–১৯’ বুলি, কাৰণ ইয়াৰ অভুত্থ্যান হৈছিল ২০১৯ চনত চীনৰ হুবেই প্রদেশৰ উহান চহৰৰ পৰা৷ ‘ন’ভেল’ মানে নতুন বা মৌলিক৷ এই ভাইৰাছটি হ’ল আগৰেই ক’ৰোনা ভাইৰাছৰ জিনীয় পদার্থ বাRNA-ত হোৱা মিউটেচন বুলি জৈৱ ৰাসায়নিক পৰিৱর্তনৰ দ্বাৰা সৃষ্ট এক অনুৰূপ৷ বুজিবলৈ অলপ কঠিন যদিও এয়াই উপযুক্ত সংজ্ঞা৷ আৰু সহজ সংজ্ঞামতে ক’ব পাৰি যেন ই ৰং বদলোৱা তেজপিয়া, এই যদি ৰঙা তেন্তে অলপতে সেউজীয়া৷ চকুৰে সহজতে ধৰিব নোৱাৰি৷ এনেধৰণৰ চলাহী মিউটেচনৰে অধিকাৰী আন এক আমাৰ চিনাকি প্রাণঘাতী ভাইৰাছ হ’ল এইচ আই ভি৷ আৰু সেয়ে দুয়োৰে সংক্রমণ নিৰাময় সমানেই কঠিনসাধ্য বুলি ক’ব পাৰি৷ আগৰ ২০০২ বা ২০০৪ চনত ছার্ছ–ক’ৰোনা ভাইৰাছে চীনকে ধৰি কিছুমান দেশত যি নৰসংহাৰ কৰিছিল তাৰ তুলনাত এই নতুন সংস্কৰণটি যথেষ্ট ভয়াৱহ৷ এক বিশেষ আৱৰণৰ মাজত আবদ্ধ জডৰূপী ন’ভেল ক’ৰোনা ভাইৰাছে দেহৰ কোষবোৰৰ ভিতৰত সোমাবলৈ মূলতঃ আমাৰে দেহৰ ফিউৰিন নামৰ এনজাইম এটাৰ সহায় লৈ তাৰ দেহৰ গ্লাইক’–প্রটিনযুক্ত কাঁইটীয়া আৱৰণৰ পৰা মুকলি হয় (এনজাইমৰ মূল ধর্মই হ’ল এনে আৱৰণ ভেদ কৰাটো), আৰু তাৰ পাছত সহজে আমাৰ দেহৰ কোষবোৰক নিজৰ অধীন কৰি লয়৷ আৰু যেতিয়ালৈ আমাৰ দেহৰ ৰোগ–প্রতিৰোধক ছিষ্টেমে এই কথা অনুধাৱন কৰে, তেতিয়ালৈ হৈ যায় বহু দেৰি৷ ই সোনকালে হাঁও–ফাঁওৰ কোষবোৰ আক্রান্ত কৰে, তাৰ ফলত ৰোগীয়ে শ্বাস–প্রশ্বাস লোৱাৰ ক্ষেত্রত কঠিনতা আৰম্ভ হৈ যায়, তাৰ পৰৱর্তী পর্যায় ছার্ছ–নিউম’নিয়া আৰু অধিক বেয়া হ’লে অৱশ্যম্ভাৱী মৃত্যু ছার্ছ মানে হ’লSevere Acute Respiratory Syndrome বা শ্বাস–প্রশ্বাসজনিত মাৰাত্মক জটিলতা৷ এই ভাইৰাছটি অতি সোনকালে দেহত বিয়পিব পৰাৰ কাৰণ হ’ল ফিউৰিন এনজাইমটি আমাৰ দেহৰ মূল মূল আভ্যন্তৰীণ অংগবোৰৰেই কোষসমূহত থাকে৷ পিছে, এই ভাইৰাছ আমাৰ দেহলৈ আহেনো কেনেকৈ? ইয়াৰ উত্তৰ হ’ল, ই নিজে নিজে কেতিয়াও বতাহৰ বা পানী বা অন্য কাপোৰ–কানি বা পোহনীয়া জন্তুৰ দ্বাৰা পোনপটিয়াকৈ নিবিয়পে৷ ই বিয়পে আমাৰ দ্বাৰা, আক্রান্ত মানুহৰ কাহ–হঁাচিৰ পৰা এজনৰ পৰা আনজনলৈ বা আক্রান্ত ব্যক্তিৰ সংস্পর্শৰ পৰা৷ ইয়াৰ প্রধান লক্ষণসমূহ মূলতঃ
১৷ কাহ–চর্দি, ২৷ ডায়েৰিয়া অথবা বমি, ৩৷ জ্বৰ, ৪৷ ছাৰি Severe Acute Respiratory Infection)ৰ দৰে লক্ষণসমূহ, ৫৷ উশাহ–নিশাহত কষ্ট, ৬৷ নিউম’নিয়াসদৃশ লক্ষণসমূহ আদি৷
পিছে সকলোকে এই লক্ষণসমূহৰ ভিত্তিত ক’ৰোনা আক্রান্ত বুলি কোৱা নাযায়, WHO আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্রালয়ৰ দ্বাৰা ইয়াৰ সংজ্ঞা নিৰূপণ কৰা আছে, ইয়াৰ মতে কোনো এজন ব্যক্তিক ক’ৰোনা আক্রান্ত বুলি পৰীক্ষা কৰা যাব, যদিহে
১৷ কোনো ব্যক্তিৰ যদি চীনৰ হুবেই (ৰাজধানী ৱুহান) প্রদেশ বা চীন দেশৰ আন ঠাই বা ক’ৰোনা সংক্রমিত আন দেশ বা ভাৰতৰেই আন ৰাজ্যলৈ বিগত ১৪ দিনৰ ভিতৰত ভ্রমণ–আগমন ঘটিছে তথা উক্ত লক্ষণসমূহ দেখা গৈছে, বা
২৷ কোনো স্বাস্থ্যকর্মী, যাৰ গাত উপৰিউক্ত লক্ষণসমূহ দেখা গৈছে, যিয়ে ক’ৰোনা আক্রান্ত কোনো ব্যক্তিৰ লগত সম্পর্ক ৰক্ষা কৰিছে, বা,
৩৷ কোনো ৰোগীৰ যাৰ গাত উক্ত লক্ষণসমূহ চিহ্ণিত হৈছে আৰু চিকিৎসাধীন হ’ব লগা হৈছে আৰু কোনো বেলেগ বেমাৰক নুবুজায় যি তেওঁৰ লক্ষণসমূহ সূচায়, বা
৪৷ কোনো ৰোগী যাৰ পৰীক্ষণক সন্দেহৰ আৱর্তত ৰখা হৈছে ৷
যদি উক্ত সংজ্ঞাবোৰে এজন মানুহক ক’ৰোনা আক্রান্ত বুলি নির্ধাৰণ কৰিবলৈ যথেষ্ট, কিন্তু যিহেতু এই সময়ত এই ভাইৰাছৰ আগ্রাসনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেয়ে ডি এইচ আৰ বা WHO-এ আকৌ নতুন নতুন সংজ্ঞা বান্ধি দি আছে যাতে কোনো ক্ষেত্রতেই আক্রান্ত ব্যক্তি লেব’ৰেটৰী পৰীক্ষণৰ পৰা সাৰি যাব নোৱাৰে৷ বর্তমান চৰকাৰে আক্রান্ত ব্যক্তিৰ লগত থকা পৰিয়াল বা কোনো স্বাস্থ্যকর্মী যিয়ে নির্ধাৰিত প্রতিৰোধ নোলোৱাকৈ আক্রান্ত ব্যক্তিৰ সংস্পর্শত আহিছে, তেনে মানুহকো ততাতৈয়াকৈ আৰু পুনৰ ১৪ দিনৰ মূৰত ক’ৰোনা ভাইৰাছৰ পৰীক্ষাৰ আওতাত নিব নির্দেশ দিছে৷
এই পর্যন্ত এই ৰোগৰ পৰা পৰিত্রাণৰ সঠিক উপায় বা প্রতিষেধক বিভিন্ন দেশ বা আমাৰ দেশৰো বিজ্ঞানীসকলে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে এই মুহূর্তত সজাগতা বা সাৱধানতাই হৈছে এই ৰোগৰ পৰা হাত সৰাৰ একমাত্র অৱলম্বন৷ এই সাৱধানতাবোৰ থোৰতে হ’ল,
১৷ আক্রান্ত বা সন্দেহজনক বা যিকোনো বাহিৰা ব্যক্তিৰ পৰা নূ্যনতম ৩ ফুট বা ১ মিটাৰ দূৰত্ব বজাই ৰখা৷
২৷ ৰাজহুৱা স্থান, বজাৰ, মেলা আদি পৰিহাৰ কৰা আৰু লকডাউন মানি চলা৷ (যেতিয়ালৈ চৰকাৰে নির্দেশ উঠাই নলয়)
৩৷ নিজকে ঠাণ্ডাৰ পৰা বচাই ৰখা আৰু প্রয়োজনত মাস্ক পৰিধান কৰা৷
৪৷ হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সঘনে হাত চাবোনেৰে ধোৱা, আৰু অতি প্রয়োজনীয় কথা হ’ল–
৫৷ নিজক বা ঘৰৰ কোনো মানুহৰ এই বেমাৰৰ কোনো লক্ষণ দেখা দিলে অবিলম্বে স্বাস্থ্যকেন্দ্রলৈ যোৱা বা লৈ যোৱা৷
৬৷ বাহিৰা দেশ বা আন ৰাজ্যৰ পৰা আহিলে তৎক্ষণাত নিজকে স্বাস্থ্যকর্মীৰ দ্বাৰা পৰীক্ষা কৰোৱা বা চিকিৎসকৰ উপদেশ সাপেক্ষে ১৪ দিনলৈ ঘৰতে থকা৷
এই সাৱধানতাবোৰ অৱলম্বন কৰিলে এই ৰোগৰ পৰা আঁতৰত থকাতো সম্ভৱ হ’বই, লগতে ইয়াৰ সম্প্রসাৰণতো বাধা দিব পৰা যাব ৷
ক’ৰোনাৰে যুদ্ধ: কোন, কেনেকৈ ?
‘আমাৰ সকলো দেশলৈ এটাই সাধাৰণ বার্তা আছে– টেষ্ট, টেষ্ট আৰু টেষ্ট৷’ – সঞ্চালকপ্রধান,WHO
ইতিমধ্যে আমাৰ প্রায়ভাগ মানুহেই বুজি উঠিছে যে ক’ৰোনা ভাইৰাছৰ আক্রমণৰ ক্ষিপ্রতা কিমান, যিয়ে ৰাতিৰ ভিতৰতে চীন, ইটালী বা স্পেইনৰ হাজাৰ হাজাৰ নাগৰিকৰ প্রাণ কাঢ়ি নিছে৷ ইয়াৰ মূল কাৰণ অসাৱধানতা আৰু চিনাক্তকৰণত বিলম্ব বুলি ভবা হৈছে৷ ইয়াৰ দৰৱৰ উদ্ভাৱনৰ বাবে নানা দেশৰ কেমিষ্ট–বায়’টেকন’লজিষ্ট–ভাইৰোলজিষ্ট যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও এই মুহূর্তলৈ কোনো অতি আশাব্যঞ্জক আৱিষ্কাৰ হোৱা নাই৷ পীডিতসকলক ফ্লু জ্বৰৰ ঔষধ আৰু ভেণ্টিলেচন আদি দি শুশ্রূষা কৰি থকা হৈছে, আৰু যিসকলে আৰোগ্য লাভ কৰিছে, সেইসকল মূলতঃ নিজৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ জৰিয়তেই ভাল হোৱা দেখা গৈছে৷ দুই–এটা ঔষধ বা ভেকচিনৰ কথা জানিব পৰা গৈছে যদিও সেয়া সঁচাকৈ ন’ভেল ক’ৰোনাৰ চিকিৎসাত কিমানদূৰ ফলপ্রসূ সেয়া এতিয়াও গৱেষণাৰ অধীন ৷
ই মুহূর্তত গৱেষকসকলে এটা কথাই জানি উঠিছে যে ক’ভিড–১৯ৰ লগত ফেৰ মাৰিবলৈ উন্নত কৌশল তথা ক্ষিপ্র পৰীক্ষণৰ ব্যৱস্থাৰ প্রধান দৰকাৰ, যাতে আক্রান্ত ব্যক্তিক যৎপৰোনাস্তি চিকিৎসা দিয়াৰ উপৰি আন মানুহৰ পৰা নিলগত ৰাখিব পৰা যায়, যাতে তেনে ব্যক্তিৰ পৰা আৰু বেলেগ কোনো আক্রান্ত হ’ব নোৱাৰে৷ এতিয়া কথা হ’ল ৰোগীৰ দেহত ভাইৰাছৰ বা ক’ৰোনাৰ দৰে মহামাৰীৰ পৰীক্ষণ ভাতৰ লগত পানী খোৱাৰ দৰে কথা নহয়৷ ইয়াৰ বাবে অতি উন্নতমানৰ লেব’ৰেটৰী আৰু প্রশিক্ষিত বিজ্ঞানী তথা কুশলী লেব–টেকনিছিয়ানৰ প্রয়োজন, যিয়ে পৰীক্ষাৰ সময়ত বিশেষ প্রতিৰোধক পোছাক পিন্ধা দৰকাৰ৷ তাতে আকৌ কোনো সামান্য বিজুতি হ’লেই সেই বিজ্ঞানাগাৰত থকা মানুহক ভাইৰাছে সংক্রমণ কৰাৰ সুযোগ অতিকৈ বেছি৷ আজিকালি প্রায়বিলাক ভাইৰাছৰ বাবে পৰীক্ষণ ৰেপিড টেষ্ট নহ’লে তাতকৈ অলপ দীঘলীয়াELISA নামৰ পৰীক্ষা এটাৰ দ্বাৰা কৰা যায়৷ কিন্তু এই ভাইৰাছবিধ ইমানেই নতুন যে তাৰ বাবে নির্ভৰযোগ্য ৰেপিড টেষ্ট বাELISA কিট প্রস্তুত কৰাটো এই মুহূর্তত দুঃসাধ্য বা নহ’লেও তাৰ বাবে কিছু সময় লাগিব৷ সেয়ে ইয়াৰ বদলি Real-Time PCR বুলি এক অতি আধুনিক, জটিল আৰু যথেষ্ট খৰচী প্রযুক্তিৰ সহায়ত মানৱ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পেলাই থকা হৈছে৷ এই মেছিনৰ কার্যকুশলতাক জৈৱ–প্রযুক্তিবিদ্যাৰ জগতত ‘গোল্ড–ষ্টেণ্ডার্ড’ বুলি ধৰা হয়৷ এটা সময়ত দেশৰ আঙুলিৰ মূৰত গণিব পৰা বিজ্ঞানাগাৰবিলাকত থকা এইবিধ সুবিধা একমাত্রDHR-ICMRৰ পৃষ্ঠপোষকতাত আগে উল্লেখিতVRDL বুলি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু আঞ্চলিক চিকিৎসা গৱেষণাগাৰবোৰত থকা এই বিশেষ গৱেষণাগাৰসমূহত আজি উপলব্ধ হৈছে৷ এই অনুষ্ঠানবোৰেELISA টেষ্টৰ উপৰি বিভিন্ন অত্যাধুনিক প্রযুক্তিৰ দ্বাৰা সমৃদ্ধ হৈ দেশৰ ভাইৰাছজনিত পৰীক্ষণ আৰু গৱেষণাৰ ক্ষেত্রত অনুদান আগবঢ়াই আহিছে৷ যোৱা ৪–৫ বছৰে এই বিজ্ঞানী–টেকনিছিয়ান্ দলে যেনেকৈ ডেংগু বা জাপানীজ এনকেফেলাইটছ বা হেপাটাইটিছ আদি ৰোগ–পীডিত ব্যক্তিৰ ৰোগ নির্ধাৰণৰ বাবে কাম কৰি আহিছে, তেনেদৰে আজিও ক’ৰোনাৰ বিৰুদ্ধে ঘোষিত যুঁজখনত নেপথ্যৰ সেনা হ’বলৈ এওঁলোক আগবাঢ়ি আহিছে৷ ইয়াতে আমি শলাগা উচিত কেন্দ্রীয় স্বাস্থ্য বিভাগলৈ, যাৰ অনুদানত ভাৰতৰ নিচিনা এখন উন্নয়নশীল দেশতো ভাইৰেল ৰোগবিলাকৰ পৰীক্ষাৰ দৰে জটিল আৰু খৰচী পৰীক্ষাও সাধাৰণ জনতাৰ বাবে প্রায় বিনামূলীয়াকৈ মুকলি কৰিব পাৰিছে৷ আজি ক’ৰোনাৰ ভয়াবহতাৰ মাজত যেতিয়া সমগ্র দেশ লকডাউন হৈ আছে, সেই সময়ত তাৎক্ষণিকভাৱে ৬০খনতকৈ অধিকVRDL ক’ৰোনা টেষ্টিং লেবলৈ উন্নীত হৈ দিনে–ৰাতিয়ে ক’ৰোনা পৰীক্ষা কৰি আছে আৰু বাকী চিকিৎসা মহাবিদ্যালয়ৰVRDLসমূহেও কালেক্টিং লেব বা সংগ্রাহক হিচাপে আৰু আন আন যাৱতীয় ধৰণে এই গোটেই প্রক্রিয়াটোক সহায় কৰি আছে৷ বিগত বছৰবোৰত জাপানীজ এনকেফেলাইটছ আনকি জিকা বা নীপা ভাইৰাছৰ ক্ষিপ্র চিনাক্তকৰণৰ দ্বাৰা এই ভাইৰাছবোৰৰ পৰা হ’ব পৰা হানি কমাবলৈ এই লেববোৰ যেনেকৈ সক্ষম হৈছিল, এইবাৰোDHR-ICMRৰ পলিচী–মেকাৰসকলৰ্ উপদেশ সাৰোগত কৰি মানৱ জাতিধ্বংসী এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ এই গৱেষণাগাৰসমূহৰ কর্মচাৰীসকলে কঁকালৰ টঙালি বান্ধিছে৷ এই মুহূর্তত দেশৰ জনগণৰ বাবেই বাদ দিছে নিজ ঘৰ–পৰিয়াল বা ভৱিষ্যৎ আর্থিক সুৰক্ষাৰ চিন্তা৷ এইখিনিতে আমি শলাগিব লাগিব মানৱতাৰ পূজাৰী আমাৰ চিকিৎসক–নার্ছ তথা স্বাস্থ্যকর্মীসকলক, যিয়ে নিজৰ সংক্রমণৰ ভয়কো আওকাণ কৰি এই লেববোৰৰ কর্মীসকলক পৰীক্ষাৰ বাবে নমুনা পোৱাৰ সুবিধা কৰি দিছে আৰু ৰোগী অথবা সন্দেহযুক্ত ব্যক্তিৰ শুশ্রূষাত নিজকে নিয়োজিত কৰি আহিছে৷ বহুতো ব্যক্তিগত চিকিৎসালয়েও অকুণ্ঠচিত্তে জনতা আৰু চৰকাৰক সহায়ৰ বাবে ওলাই আহিছে৷
ক’ৰোনাৰে যুদ্ধ আফটাৰ মেথ
এতিয়া বিষয় ‘আফটাৰ মেথ’ৰ৷ পুৰণিকলীয়া মানুহৰ বাবে এই শব্দ অলপ অচিনাকি৷ ইয়াৰ অর্থ স্কুলত অংক পৰীক্ষা দি অহা ল’ৰা–ছোৱালীৰ ঘৰত আকৌ এবাৰ প্রশ্ণবোৰৰ উত্তৰ কৰিব দিয়াৰ নিচিনাই, যাতে এবাৰ যি হ’ল হ’ল, পৰৱর্তী কালত যাতে ভুল নহয়৷ জ্ঞানী সিয়েই যি ভুলৰ পৰা শিকে আৰু নিজকে শুধৰায়৷ আজি এই ভাইৰাছৰ প্রাদুর্ভাৱৰ স্থল চীন দেশ তুলনামূলকভাৱে ইটালী, স্পেইন বা ইউৰোপৰ আন দেশ আনকি আমেৰিকা যুক্তৰাষ্ট্রতকৈও ক’ৰোনাৰ কবলৰ পৰা আপেক্ষিকভাৱে মুক্ত৷ ইয়াৰ নানা কাৰণ থাকিব পাৰে, হ’লেও এটা কাৰণ নিশ্চয় আছিল, সেয়া হ’ল চীনা চৰকাৰৰ ক্ষিপ্রতা আৰু প্রতুৎপন্নমতিতা৷ তেওঁলোকে কৰিছিল সম্পূর্ণ ‘লকডাউন’ ৱুহান প্রদেশৰ আৰু তৈয়াৰ কৰিছিল সম্পূর্ণ পৃথক চিকিৎসালয় আৰু গৱেষণাগাৰ৷ তেনেদৰে কোনো আক্রান্ত দেশে পৰৱর্তী কালত পদক্ষেপ ল’ব পৰা দেখা নাছিল৷ বিশ্বজুৰি এই মহামাৰীৰ আগ্রাসনৰ অন্তৰালৰ নানা থিয়’ৰী ওলালেও এই কাৰণটিকো নুই কৰা মস্কিল৷ পিছে এইক্ষেত্রত আমাৰ দেশে লোৱা ভূমিকাক যথেষ্ট পৰিমাণে শলাগিব লাগিব কাৰণ, হাৰৰ পৰা শিকিয়েই হওক বা যেনেকেই নহওক আমাৰ দেশে এক সঠিক আফটাৰ মেথৰ পিনে গতি কৰিছে ৷ তাৰেই ফলশ্রুতি হ’ল সম্পূর্ণ ‘লকডাউন’৷ ইয়াৰে অন্তর্গত হৈছে তাৎক্ষণিকৰূপে ৰাইজক ঘৰৰ ভিতৰত থাকিব দি সম্ভাব্য সংক্রমণ ৰোধ কৰা,VRDL থকা চিকিৎসালয়সমূহক লৈ আন চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়ক পৃথকে পৃথকে ক’ৰোনা ভাইৰাছ টেষ্টৰ বাবে সাজু কৰা, সাধাৰণ বেমাৰৰ বাবে আৰু ক’ৰোনাৰ বাবে পৃথক চিকিৎসালয় গঢ় দিয়া যাতে সংক্রমণক ঠেক আওতালৈ লৈ আনিব পাৰি, টুৰিষ্ট–যাত্রী সকলোৰে ইতিবৃত্ত লৈ কোনো সন্দেহজনক ব্যক্তি যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা ৰাজ্যিক বা জিলাভিত্তিক প্রশাসনৰ জৰিয়তে কৰা আৰু ক’ৰোনা সন্দিহান ব্যক্তিক চিনাক্ত কৰি তেওঁলোকৰ সংস্পর্শত অহা পৰিয়ালকোQuarantine বা নিজ গৃহতে আছুতীয়াকৈ ৰখা ব্যৱস্থালৈ নিয়া ইত্যাদি৷Quarantine ৰ বিষয়ে মোৰেই বন্ধু ড০ কৌস্তুভমণি পাটোৱাৰীয়ে ইতিমধ্যে এইখন কাকততেই বিতং আৰু সৰলভাৱে আলোচনা কৰিছে ৷
আজি আমি নিশ্চয়কৈ শলাগিব লাগিব আমাৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু গৃহদপ্তৰৰ মন্ত্রী–মুৰব্বীসকল যিয়ে উল্লিখিত গৱেষণাগাৰৰ কর্মচাৰীসকলক এই ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে যৎপৰোনাস্তি সুবিধা কৰি দিছে আৰু নিজেও জনসাধাৰণক অবিৰতভাৱে সজাগ কৰি আহিছে৷ ইয়াতে আমাৰ আৰক্ষী বাহিনী বা প্রশাসন যন্ত্রৰো ভূমিকা অনবদ্য৷ লকডাউনত থকা দুখীয়া মানুহক চৰকাৰ বা দাতব্য অনুষ্ঠানবোৰেও পার্যমানে সহায় আগবঢ়াইছে৷ আজি আমাৰ জনতাৰ মনত লকডাউনক লৈ দ্বিমত থাকিব পাৰে বা অসমত দিনৌ ধৰা পৰা ক’ৰোনা আক্রান্ত ব্যক্তিৰ কথা শুনি হয়তো শংকাও বাঢ়িব পাৰে, কিন্তু এটা কথা মনত ৰখা উচিত যে লুকাই থকা ৰোগীতকৈ ক্ষিপ্র পৰীক্ষাৰ অন্তত চিকিৎসাধীন বাQuarantine হৈ থকা ৰোগী আমাৰ বাবে বেছি ভাল, লাগিলে পৰৱর্তী কালত যি সংখ্যাই আমাৰ সন্মুখলৈ নাহক কিয়৷ কিয়নো ইয়েই আমাক ক’ৰোনাৰ সংক্রমণৰ পৰা বচাই ৰাখিব আৰু হয়তো আমি এনেদৰেই এই মহামাৰীক পৰাস্ত কৰিব পাৰিম৷ হয়তো এদিন মানৱ দেহৰ এই ৰোগ প্রতিৰোধৰ ক্ষমতাও বাঢ়ি আহিব৷ পিছে এয়ে কালধুমুহাৰ অন্তনে? চাগৈ নহয় ক’ৰোনা অধ্যায়ৰ সাময়িকভাৱে এদিন যৱনিকা পৰিলেও অনাগত দিনবোৰত এনে ধুমুহাৰ সন্মুখীন হ’বলৈ আমি প্রস্তুত হ’বই লাগিব৷ ইফালে আমাৰ ধৰণীখনৰ বাতাৱৰণ আমাৰ কর্ম–দোষৰ ফলত যি ধৰণে সলনি হৈ আহিছে কাইলৈ ন’ভেল ক’ৰোনাৰ দৰে আন এক ভাইৰাছ যে জাগি নুঠিব তাৰ কোনো মানে নাই৷ আজি পশ্চিমীয়া দেশসমূহত চিকিৎসা, চিকিৎসক আৰু চিকিৎসাকর্মীৰ তথাকথিত সংজ্ঞা কেতিয়াবাই সলনি হৈছে৷ অন্যদেশে ন ন গৱেষণাগাৰ নির্মাণৰ কাম ইতিমধ্যে হাতত ল’লেই৷ আমাৰ দেশতো এনে ধুমুহাক নেওচিবলৈ সদাপ্রস্তুত কৰি ৰাখিব লাগিব বিশেষভাৱে প্রশিক্ষিত টেকনিচিয়ান–স্বাস্থ্য আৰু বিজ্ঞানীৰ দল৷ এতিয়ালৈ ক’ৰোনাৰ নির্দিষ্ট প্রতিষেধকেই ওলোৱা নাই৷ অনাগত কালত এনেবোৰ মহামাৰী ৰুধিবলৈ আমি আজিৰ পৰাই গৱেষণালব্ধ সমলেৰে প্রস্তুত হোৱাৰ বাহিৰে আন কোনো উপায় নাই৷ গতিকে আমাৰ কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰে পৰৱর্তী কালত ভাইৰাছজনিত ৰোগসমূহৰ সফল পৰীক্ষণ আৰু তাৰ লগত জডিত গৱেষণাৰ বাবে কি ‘আফটাৰ মেথ’ কৰে সেয়া চিন্তনীয় হ’ব আৰু সময়ে তাক মনত ৰাখিব ৷
(বিভিন্ন সমলৰ সহায় আৰু ব্যক্তিগত অভিজ্ঞতা লৈ)
বিজ্ঞানী, তেজপুৰ মেডিকেল কলেজ আৰু হাস্পতাল
ফোন: ৯১০১৯৮৫৬০২