‘বীজাণুৰ স’তে হেৰা মানুহৰ সংগ্ৰাম অক্ষয়’
মই পৃথিৱীত বহুত বছৰ থাকিলোঁ আৰু মানুহৰ বহুতো অবিশ্বাস্য কৃতিত্ব নিজৰ চকুৰে দেখিবলৈ আৰু নিজৰ কাণেৰে শুনিবলৈ পালোঁ । মোৰ চকুৰ আগতে মানুহে চন্দ্ৰত নিজৰ পদচিহ্ন এৰি থৈ আহিল, মানুহৰ কল্পনাক হাৰ মনাই মহাকাশযাত্ৰীয়ে বাৰম্বাৰ মহাশূন্যত ভ্ৰমণ কৰিলে, কোটি কোটি আলোকবৰ্ষ দূৰৰ নক্ষত্ৰ-পুঞ্জলৈ মানৱ-বিহীন মহাকাশযান পঠিয়াব পাৰিলে । বিজ্ঞান আৰু প্ৰযুক্তি-বিদ্যাৰ বিভিন্ন ক্ষেত্ৰত মানুহৰ অবিশ্বাস্য কৃতকাৰ্যতাই প্ৰমাণ কৰি দেখুৱালে যে মানুহ সঁচাকৈয়ে দেৱোপম প্ৰতিভাৰ অধিকাৰী, আৰু মানুহৰ ভৱিষ্যত সম্ভাৱনা প্ৰায় অন্তহীন ।
অৱশ্যে মই মোৰ সুদীৰ্ঘ জীৱন কালত মানুহৰ চৰম ব্যৰ্থতা আৰু পৰাজয়ৰো বহুতো প্ৰমাণ দেখিবলৈ পালোঁ । মোৰ শৈশৱ কালতে আৰম্ভ হ’ল দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯) আৰু সি শেষ হ’ল ১৯৪৫ চনত । ইতিহাসত নৃশংসতম এই যুদ্ধত প্ৰায় ৭ কোটি মানুহে প্ৰাণ হেৰুৱালে । ১৯৪৩ চনত বংগদেশত হোৱা দুৰ্ভিক্ষই ৩০ লক্ষ মানুহৰ প্ৰাণ ল’লে । পৃথিৱীৰ বিভিন্ন প্ৰান্তত অবিৰামভাৱে বাজি থাকিল যুদ্ধৰ দামামা আৰু সেইবোৰ আঞ্চলিক যুদ্ধ-বিগ্ৰহে বহুসহস্ৰ মানুহৰ জীৱন ধ্বংস কৰাৰ উপৰি অগণন মানুহৰ জীৱনলৈ আনিলে বর্ণনাতীত ৰক্তাক্ত যন্ত্রণা ৷ প্রমাণ হ’ল যে মানুহ কেৱল দেৱোপম সৃষ্টি–প্রতিভাৰ অধিকাৰীয়েই নহয় একে সময়তে মানুহ দৈত্য–সুলভ জিঘাংসাৰো অধিকাৰী ৷
কিন্তু মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মই পৃথিৱীৰ পৰা চিৰ–বিদায় ল’বলৈ মানসিক প্রস্তুতি আৰম্ভ কৰাৰ সময়তে দেখিবলৈ পাম এটা কল্পনাতীত ক্ষুদ্র ভাইৰাছৰ হাতত মানুহৰ শোচনীয় পৰাজয়৷ ঠিক এই মুহূর্তত সমগ্র মানৱ সমাজ আতংকত কম্পমান৷ এই আতংক নিশ্চয় দীর্ঘস্থায়ী নহ’ব৷ অতীতত বহুবাৰ জয়ী হোৱাৰ দৰে এইবাৰো শেষ পর্যন্ত মানুহ নিশ্চয় জয়ী হ’ব৷ কিন্তু মধ্য যুগৰ ব্লেকডেথ তথা প্লেগ মহামাৰীয়ে নিজে নিজে বিদায় লোৱাৰ আগতে মানুহক কেইবাটাও শিক্ষা দি যোৱাৰ আগতে ক’ৰোনা মহামাৰীয়েও নিশ্চয় মানুহক কেইটামান শিক্ষা দি যাব ৷
আটাইতকৈ ডাঙৰ শিক্ষাটো হ’ল এই যে ৰোগৰ বীজাণুৰ লগত হোৱা দীর্ঘস্থায়ী যুদ্ধত মানুহে এতিয়াও চূড়ান্ত বিজয় লাভ কৰিব পৰা নাই৷ মানুহ এতিয়াও নিৰাপদ নহয়৷ দেৱকান্ত বৰুৱাই এটা কবিতাত লিখিছিল– ‘নিয়তিৰ স’তে হেৰা মানুহৰ সংগ্রাম অক্ষয়’, একে কথাকেই ৰোগৰ বীজাণুৰ বিষয়েও ক’ব পাৰিঃ ‘বীজাণুৰ স’তে হেৰা মানুহৰ সংগ্রাম অক্ষয়’৷ সহস্রাব্দৰ প্রায় শেষত প্রকাশিত ১৯৯৯ চনৰ ৮ নৱেম্বৰৰ টাইম মেগাজিনত এইবুলি ভৱিষ্যদ্বাণী কৰা হৈছিল যে21st Century is going to be one hell of a bug hunt ৷ আলোচনীখনৰ একেটা সংখ্যাতে এইবুলিও কোৱা হৈছিলঃ Today new viruses are coming out of nature and ‘discovering’ the human species, while in hospitals and jungle clinics exceedingly powerful mutant bacteria are emerging that cant be treated with antibiotics. Viruses are moving into the human species because there are more of us all the time. From a virus’ point of view, we look like a free lunch that is getting bigger.
টাইমৰ এই ভৱিষ্যদ্বাণীটো আখৰে আখৰে ফলি যোৱা নাইনে?
ব্লেকডেথৰ ইতিহাস লিখা চার্লছ ছিংগাৰে প্লেগ কেনেকৈ আহিছিল আৰু কেনেকৈ গৈছিল তাৰ বর্ণনা দি লিখিছে– ‘Once established in a country, the infection rises to a hight, then diminishes at about the same rate at which it rose, following, as we know now, a mathematical law. Nor does it leave the country until all or nearly all who are susceptible have been afflicted by it, and have either died or recovered.
ক’ৰোনা মহামাৰীয়েও প্রায় একে গতিপথেই অনুসৰণ কৰা নাইনে?
ব্লেকডেথ তথা প্লেগ মহামাৰীয়ে ইউৰোপৰ এক তৃতীয়াংশ মানুহক নিধন কৰি সমগ্র মহাদেশখনক পৰিণত কৰিছিল এখন বিশাল শ্মশানত৷ কিন্তু সেই শ্মশানৰ পৰাই উঠি আহিছিল আধুনিক মানৱ সভ্যতাৰ প্রধান ধ্বজাধাৰী ইউৰোপ৷ ক’ৰোনাৰ বিদায়ৰ পিছতো পৃথিৱীখন থাকিব, মানৱ সমাজ থাকিব, কিন্তু মানুহৰ ভৱিষ্যৎ নিৰাপদ কৰিবৰ কাৰণে এই ভয়ংকৰ অভিজ্ঞতাৰ পৰা মানুহে কেইটামান শিক্ষা ল’ব লাগিব৷ মানুহে ল’বলগীয়া প্রধান শিক্ষাটো হ’ল এই যে যুদ্ধাস্ত্র নির্মাণ আৰু ক্রয় কৰিবলৈ ব্যয় কৰা সীমাহীন ধন ব্যৱহাৰ কৰিব লাগিব পৃথিৱীৰ কোটি কোটি মানুহক ক্ষুধাৰ যন্ত্রণা, ৰোগ আৰু দৰিদ্রতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে৷ দ্বিতীয়তে, প্রতিজন মানুহকে আমি নিজৰ সহোদৰ ভাই বুলি ভাবিবলৈ শিকিব লাগিব প্রতি মুহূর্ততে মনত ৰাখিব লাগিব–
What life have you if you have not life together?
There is no life that is not in community.
T.S. Eliot