নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ চীনৰ পৰা ক’ৰোনা পৰীক্ষাৰ ৰেপিড টেষ্ট কিট আহি পালেই চিকিৎসা মহাবিদ্যালয়সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব । – এই মন্তব্য স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । ‘নিউজ লাইভ’ৰ জনপ্ৰিয় অনুষ্ঠান প্ৰেক্ষাপট ত অংশগ্ৰহণ কৰি মন্ত্ৰী শৰ্মাই কয় যে অসম চৰকাৰে ইতিমধ্যে কেন্দ্র আৰু বিভিন্ন সূত্রৰ পৰা ১.৫০ লাখ পিপিই কিট লাভ কৰিছে ৷ চীনৰ পৰা কালি ৫০ হাজাৰ পিপিই কিট অসম পালেহি৷ মুকেশ আম্বানিয়েও ১০ হাজাৰ পিপিই কিট প্রদান কৰিছে৷ গতিকে পিপিই কিটৰ ক্ষেত্রত অসম এক সুবিধাজনক অৱস্থাত আছে৷ এতিয়া কথাটো হ’ল চিকিৎসা মহাবিদ্যালয়সমূহ মুকলি কৰাৰ ক্ষেত্রত চিকিৎসকসকলে যিকোনো ৰোগীক চিকিৎসা প্রদানৰ পূর্বে ক’ভিড–১৯ টেষ্ট কৰিব বিচাৰিব ৷ কিন্তু বর্তমানৰ পদ্ধতিত ক’ভিড–১৯ৰ একোটা পৰীক্ষাৰ ক্ষেত্রত যথেষ্ট সময়ৰ প্রয়োজন হয়৷ সেয়ে আই চি এম আৰে চীনৰ ৬–৭টা কোম্পানীৰ পৰা ৰেপিড টেষ্ট কিট আমদানি কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ তাৰে দুটা কোম্পানীক অসম চৰকাৰে ৫০ হাজাৰকৈ মুঠ ১ লাখ ৰেপিড টেষ্ট কিট যোগানৰ বাবে অর্ডাৰ দিছে৷ এই কিটসমূহ চীনৰ পৰা অসম আহি পোৱাৰ লগে লগে চিকিৎসা মহাবিদ্যালয়সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব ৷
আনহাতে, চীনৰ পৰা যথেষ্ট কম সময়ৰ ভিতৰত ৫০ হাজাৰ পিপিই কিট অসমলৈ আহি পোৱা ঘটনাৰ আঁৰৰ কাহিনী সদৰী কৰি মন্ত্রীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে এনএইচএমৰ সহযোগত ‘অপাৰেচন স্মাইল’ ৰূপায়ণ কৰি আছে৷ অনুৰূপ আঁচনি চীনতো ৰূপায়ণ হৈ আছে ৷ সেয়ে অসম চৰকাৰে চীনৰ অপাৰেচন স্মাইলৰ লগত যোগাযোগ কৰি যোৱা ২৯ মার্চতে ৫০ হাজাৰ পিপিই কিটৰ অর্ডাৰ দিলে৷ কিন্তু যিটো প্রতিষ্ঠানে এই কিটসমূহ যোগান ধৰিছে তেওঁলোকক আগতীয়াকৈ ধন জমা দিব লাগে৷ এইক্ষেত্রত সহযোগ কৰিলে গড়কাপ্ঢানী বিভাগৰ কেইবাজনো ঠিকাদাৰে৷ তেওঁলোকে চীনৰ কোম্পানীক আগধন জমা দিয়াৰ পিছতহে পিপিই কিটসমূহ অসম আহি পালে৷ অহা ৭ দিনৰ পিছত যাৱতীয় প্রক্রিয়াৰ মাজেৰে অসম চৰকাৰে চীনৰ প্রতিষ্ঠানক সম্পূর্ণ ধন আদায় দিব, তেতিয়া চীনৰ প্রতিষ্ঠানে ঠিকাদাৰসকলক তেওঁলোকৰ ধন ওভতাই দিব বুলি প্রতিশ্রুতি দিছে৷ আনহাতে, চীনৰ চিকিৎসা সামগ্রীৰ মানক লৈ উত্থাপন হোৱা প্রশ্ণৰ উত্তৰ দি ড০ শর্মাই কয় যে চীনৰ পৰা সমগ্র বিশ্বই সামগ্রী ক্রয় কৰি আছে৷ গোটেই পৃথিৱীখন এতিয়া চীনৰ পিছত থিয় হৈ আছে ৷
যিহেতু অসম চৰকাৰে পইচা দি সামগ্রী ক্রয় কৰি আছে, গতিকে বেয়া সামগ্রী ওলালে ওভতাই দি নতুন সামগ্রী অনাৰ সুবিধাও আছে৷ মুঠৰ ওপৰত ভাৰত চৰকাৰে যি প্রক্রিয়াৰে কাম কৰি আছে, অসম চৰকাৰেও তাকেই অনুকৰণ কৰি আছে৷ অহা ডিচেম্বৰ মাহলৈ সকলো সজাগ হৈ থাকিব লাগিব বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে তবলিগী জামাতৰ লগত সম্পর্ক থকা বিপদৰ লগত অসম চৰকাৰে যথেষ্ট তৎপৰতাৰে মোকাবিলা কৰিছে৷ কিন্তু অসমৰ প্রায় ৫ লাখ লোক এতিয়াও ৰাজ্যৰ বাহিৰত আছে৷ এইসকল লোক যদি অসমলৈ উভতি আহিবলগীয়া হয়, তেওঁলোকৰ কোৱাৰেণ্টাইন, পৰীক্ষা আদি বিশাল প্রত্যাহ্বানৰ মুখামুখি হ’ব অসম চৰকাৰ৷ সর্বোপৰি শীতকালত অসমত ক’ভিড–১৯ৰ নতুনকৈ সংক্রমণৰ আশংকাও আছে৷ সেইবাবে অসম চৰকাৰে সকলো প্রত্যাহ্বানৰ মুখামুখি হ’বলৈ প্রস্তুতি চলাই আছে ৷ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ আমূল পৰিৱর্তনৰ প্রসংগত তেওঁ পুনৰ কয় যে অসম চৰকাৰৰ যিসমূহ চিকিৎসালয় এতিয়া নির্মাণ হৈ আছে, তাৰ বহুকেইখন চিকিৎসালয় ক’ভিড–১৯ হাস্পতাললৈ পর্যবসিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ এই চিকিৎসালয়কেইখনত মুঠ ১০০০ নতুন ভেণ্টিলেটৰ স্থাপন কৰা হ’ব ৷ চৰকাৰে আমেৰিকাত ভেণ্টিলেটৰৰ বাবে অর্ডাৰ দিছে ৷ অহা দুই বা আঢ়ৈ মাহত ভেণ্টিলেটৰসমূহ অসমলৈ আহি পাব বুলিও আশা কৰিব পাৰি ৷ তদুপৰি নির্মাণৰত ৭খন চিকিৎসা মহাবিদ্যালয়ৰো নক্সা সলনি কৰি, তাৰ মেডিচিন আৰু ছার্জাৰী বিভাগত অক্সিজেন যোগানৰ পাইপলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ জৰুৰীকালীন অৱস্থাত তাতো আইচিইউৰ সুবিধা উপলব্ধ কৰাব পৰা যাব ৷ স্বাস্থ্য খণ্ডৰ এই বিশাল আন্তঃগাঁথনি এক আপুৰুগীয়া সম্পদ হৈ ৰ’ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে ৷
বিত্ত তথা স্বাস্থ্যমন্ত্রীগৰাকীয়ে জনোৱা মতে, অসমৰ বাহিৰত কর্মৰত প্রায় ৪ লাখ লোকৰ ফোন ৰাজ্য চৰকাৰে মুকলি কৰা নির্দিষ্ট ফোন নম্বৰলৈ আহিছে৷ তেওঁলোকৰ বর্তমানৰ ঠিকনা আৰু একাউণ্ট নম্বৰ সংগ্রহ কৰা হৈছে৷ এইদৰে এটা আর্থ–সামাজিক জৰীপৰ কামো একে সময়তে সম্পন্ন হৈছে৷ এতিয়া এই তথ্যসমূহৰ সত্যাসত্য নিৰূপণৰ কাম চলি আছে৷ পৰৱর্তী ২১ বা ২২ এপ্রিলত এই লোকসকলক অসম চৰকাৰে কিছু পৰিমাণে হ’লেও আর্থিক সকাহ দিবলৈ চেষ্টা কৰিব৷ একে সময়তে বহিঃৰাজ্যত চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ পৰা লোকসকলক আর্থিক সাহায্য প্রদানৰ কামো ইতিমধ্যে আৰম্ভ হৈছে৷ ইফালে, নিজামুদ্দিন মার্কাজৰ লগত সম্পর্ক থকা যিসকল লোক কোৱাৰেণ্টাইন বা স্বাস্থ্য বিভাগৰ নজৰত আছে তেওঁলোক নতুনকৈ আক্রান্ত হোৱাৰ খবৰ পালেও শংকিত হোৱাৰ কাৰণ নাই বুলিও ড০ শর্মাই উল্লেখ কৰে ৷
তেওঁৰ মতে, নিজামুদ্দিনৰ লগত সম্পর্ক নথকা কোনো ব্যক্তি যদি নতুনকৈ আক্রান্ত হয় বা নিজামুদ্দিনৰ লগত সম্পর্ক থকা অথচ স্বাস্থ্য বিভাগৰ নজৰৰ বাহিৰত থকা ব্যক্তি ক’ৰোনাত আক্রান্ত হ’লেহে সেয়া চিন্তাৰ বিষয় হ’ব৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনৰে হোৱা সাক্ষাৎকাৰত দ্বিতীয় পর্যায়ৰ লকডাউন সন্দর্ভত ড০ শর্মাই কয় যে নিজামুদ্দিনৰ লগত সম্পর্ক থকা বাবে আক্রান্তৰ সংখ্যা বেছি হোৱা আৰু কোৱাৰেণ্টাইনত অধিকসংখ্যক লোক থকা অঞ্চলক ৰেড জ’নত অন্তর্ভুক্ত কৰা হৈছে৷ এয়া পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি লোৱা ব্যৱস্থা৷ নিজামুদ্দিনৰ ঘটনা শাম কাটিলে বা নতুন পজিটিভ কেছ নাহিলে এই অঞ্চলসমূহো ৰেড জ’নৰ পৰা ওলাই আহিব৷ কিন্তু তেতিয়ালৈকে এই অঞ্চলসমূহত কিছু বাধা–নিষেধ থাকিব৷ ইয়াৰ বাহিৰে আন ঠাইসমূহত অর্থনৈতিক গতি–বিধি চলিব পৰাকৈ কিছু শিথিলতা অনা হ’ব ৷ কিন্তু উক্ত অঞ্চলতো মাস্ক পৰিধান, সামাজিক দূৰত্বৰ নিয়ম মানি চলিব লাগিব৷ মন্ত্রীগৰাকীয়ে অনুষ্ঠানটোত উল্লেখ কৰে যে প্রশাসন ব্যৱস্থা কার্যক্ষম কৰি ৰখাৰ স্বার্থতে চৰকাৰী কার্যালয়সমূহ খোলা হ’ব৷ কর্মস্থলীত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বার্থতে এক–তৃতীয়াংশ কর্মচাৰীহে বর্তমান কার্যালয়লৈ আহিব৷ এই মুহূর্তত কোনো কথাৰে পূর্বানুমান কৰিব পৰা নাযায় বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে কয় যে পৰিকল্পনা আৰু আন্তঃগাঁথনিৰ ক্ষেত্রত অসম এতিয়াও বহু ওপৰত আছে৷ কিন্তু যদি কোনো অবাঞ্ছিত ঘটনা সংঘটিত হয়, সেয়া এক পৃথক বিষয়৷ ৰাজ্যৰ চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ স্বার্থতে ইখনৰ পিছত সিখন চিকিৎসালয় তৎপৰতাৰে ভ্রমণ কৰি থকা বুলি ড০ শর্মাই ‘প্রেক্ষাপট’ অনুষ্ঠানত মন্তব্য কৰে ৷