নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত শিথিলতাঃ চাফাই কর্মীয়ে পোৱা নাই ক’ৰোনা প্রতিৰোধী সা–সামগ্রী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ২১ এপ্রিলৰ পৰা লকডাউন শিথিল হোৱাৰ পাছতে গুৱাহাটী মহানগৰীত সবাতোকৈ স্পর্শকাতৰ এলেকা হিচাপে চিহ্ণিত হোৱাৰ সম্ভাৱনা আছে বস্তি অঞ্চলসমূহ৷ বস্তি অঞ্চলৰ ঘন জনবসতি আৰু ইয়াত বসবাস কৰা চাফাই কর্মীসকলৰ ক’ৰোনা ভাইৰাছ প্রতিৰোধী কোনো ব্যৱস্থা নথকাৰ ফলতেই এনে সম্ভাৱনা এতিয়া মহানগৰবাসীৰ বাবে বিপদৰ অশনি সংকেত হৈ পৰিছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে ঘোষণা কৰা লকডাউনত দেশজুৰি জনজীৱন স্তব্ধ হৈ পৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে বান্ধি দিয়া নীতি–নির্দেশনা অনুসৰিয়েই ৰাজ্য চৰকাৰে ২১ এপ্রিলৰ পৰা সকলো চৰকাৰী কার্যালয় খোলাৰ নির্দেশ জাৰি কৰিছে৷ লকডাউনত কিছু শিথিলতা আনি চৰকাৰী কার্যালয় খোলাৰ লগে লগে প্রথমে চাফাই কর্মীসকলে কার্যালয়সমূহ পৰিষ্কাৰ কৰিব লাগিব৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ চাফাই কর্মীসকলে প্রতিদিনে মহানগৰীৰ ৰাজপথত নলা–নর্দমা পৰিষ্কাৰ কৰাৰ লগতে বিভিন্ন স্থানত চেনিটাইজেচন কৰি আহিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ল’বলগা প্রয়োজনীয় সাৱধানতা অৱলম্বন নকৰাকৈ চাফাই কর্মীসকলে কাম কৰি থকা বুলি সদৌ অসম হৰিজন মজদুৰ ইউনিয়নে অভিযোগ কৰিছে৷ এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবেও মজদুৰ ইউনিয়নে প্রশাসনক স্মাৰক–পত্র প্রদান কৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ মাস্ক, হেণ্ড গ্লোভছ, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি চাফাই কর্মীসকলে কাম কৰি আহিছে যদিও এতিয়ালৈকে জিএমচি কর্তৃপক্ষই চাফাই কর্মীক পিপিই কিট প্রদান কৰা নাই বুলি হৰিজন মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বাছফৰে অভিযোগ কৰিছে৷ চৰকাৰী কার্যালয়ত কর্মৰত চাফাই কর্মীসকলক পিপিই কিটৰ লগতে ক’ৰোনা প্রতিৰোধী প্রয়োজনীয় সামগ্রী যোগান ধৰিবলৈ বাছফৰে চৰকাৰ তথা প্রশাসনক দাবী জনাইছে৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীত মুঠ ২৩টা হৰিজন কলনী আছে৷ ইয়াত প্রায় ২০ হাজাৰ লোকে বসবাস কৰে৷ তদুপৰি মহানগৰীত মুঠ ১৬৪টা বস্তি অঞ্চল আছে৷ ইয়াত বসবাস কৰা লোকৰ সংখ্যা ডেৰ লাখৰো অধিক৷ হৰিজন কলনী আৰু বস্তি অঞ্চলৰ জনবসতি যথেষ্ট ঘন৷ তদুপৰি ইয়াত বসবাস কৰা লোকসকলে সামাজিক দূৰত্ব বজাই ৰখাটো সম্ভৱপৰ নহয়৷ ফলস্বৰূপে কার্যালয় খোলাৰ লগে লগে চাফাই কর্মীসকলে সাৱধানতামূলক ব্যৱস্থা গ্রহণ নকৰাকৈ কার্যালয় পৰিষ্কাৰ কৰিবলগীয়া হ’লে বস্তি অঞ্চল অতি স্পর্শকাতৰ হৈ পৰাৰ সম্ভাৱনা আছে৷ কার্যালয়ত এই চাফাই কর্মীসকল বিভিন্ন লোকৰ সংস্পর্শলৈও আহিব৷ বস্তি অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত ক’ৰোনাৰ ভয়াৱহতাক লৈও সজাগতাৰ অভাৱ৷ ইফালে ঘন জনবসতিৰ এই বস্তি অঞ্চলসমূহৰ অধিকাংশতে এতিয়ালৈকে জিএমচিয়ে চেনিটাইজেচনৰ ব্যৱস্থা কৰা নাই৷ সেয়েহে এই বস্তি অঞ্চলসমূহত চেনিটাইজেচনৰ ব্যৱস্থা কৰা আৰু চাফাই কর্মীক ক’ৰোনা প্রতিৰোধী সা–সামগ্রী প্রদান কৰি সুৰক্ষা প্রদান কৰিবলৈ চৰকাৰ–প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like